প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতীয় বায়ু সেনাত মহিলা পাইলট

Posted On: 19 SEP 2020 4:56PM by PIB Guwahati

১ ছেপ্টেম্বৰ, ২০২০ত ভাৰতীয় বায়ু সেনাত (আই এ এফ) সেৱা প্ৰদান কৰি থকা মহিলা বিষয়াৰ শক্তি হৈছে ১৮৭৫ (এহেজাৰ আঠশ পয়সত্তৰ)গৰাকী। এওঁলোকৰ মাজৰে ১০গৰাকী মহিলা বিষয়া হৈছে ফাইটাৰ পাইলট আৰু ১৮গৰাকী মহিলা বিষয়া হৈছে নেভিগেটৰ।

 

এই মহিলা বিষয়াসকলক ফাইটাৰ পাইলট হিচাপে কামত লগাবলৈ আই এ এফৰ পৰা মন্ত্ৰালয়ে বহুতো প্ৰস্তাৱ লাভ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমোদনৰ পিছত, ২০১৬ত ''ইণ্ডাকচন অফ ৱমেন এছ এছ চি অফিচাৰ্ছ ইন ফাইটাৰ ষ্ট্ৰিম অফ ফ্লায়িং ব্ৰাঞ্চ''ৰ বাবে আই এ এফে এখন আঁচনি আৰম্ভ কৰে যাৰ অধীনত ১০ (দহ)গৰাকী ৱ'মেন ফাইটাৰ পাইলটক বৰ্তমানলৈকে নিয়োগ কৰা হৈছে।

 

চলিত নীতিৰ পৰিসৰত, কৌশলগত প্ৰয়োজনীয়তা আৰু অভিযানৰ প্ৰতি লক্ষ্য ৰাখি আই এ এফত ৱ'মেন ফাইটাৰ পাইলট নিয়োগ কৰা হৈছে যিটো সময়ে সময়ে পুনৰীক্ষণ কৰি থকা হৈছে।

 

আজি ৰাজ্যসভাত ড৹ বিকাশ মাহাত্মেই সোধা এটা প্ৰশ্নৰ লিখিত উত্তৰত প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী শ্ৰীপদ নায়কে এই তথ্য সদৰী কৰিছে।

 

******

ABB/Nampi/KA/DK


(Release ID: 1656758) Visitor Counter : 134