ৰেল মন্ত্ৰালয়
ৰেলৱেৰ খালী ভূমিত সৌৰ পেনেল সংস্থাপন
प्रविष्टि तिथि:
18 SEP 2020 5:28PM by PIB Guwahati
ভাৰতীয় ৰেলৱেই ইয়াৰ খালী ভূমিত সৌৰ পেনেল সংস্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছে। প্ৰাৰম্ভিক প্ৰক্ৰিয়া হিচাপে ইতিমধ্যে ৪.৭মেগাৱাট ভূমি-ভিত্তিক সৌৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। নিম্নোক্ত ৰেলৱে ভূমিত সৌৰ শক্তি প্ৰকল্প সংস্থাপনৰ পদক্ষেপ হাতত লোৱা হৈছেঃ
১. চট্টিশগড়ৰ ভিলাইত ৫০ মেগাৱাটৰ প্ৰকল্প।
২. হাৰিয়ানাৰ দিৱানাত ২মেগাৱাটৰ প্ৰকল্প।
সৌৰ প্ৰকল্পৰ পৰিকল্পনাক অধিক সম্প্ৰসাৰিত কৰিবলৈ ভাৰতীয় ৰেলৱেই ইয়াৰ খালী ভূমিসমূহ ব্যৱহাৰ কৰি ২০৩০ৰ ভিতৰত ২০ গিগাৱাট ক্ষমতাসম্পন্ন সৌৰ প্ৰকল্প সংস্থাপনৰ লক্ষ্য লৈছে।
ৰেলৱে আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলে আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই তথ্য সদৰী কৰে।
*****
DJN/MKV/MS
(रिलीज़ आईडी: 1656519)
आगंतुक पटल : 101