অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

১০খন দেশৰ সৈতে সাময়িক বিমান চলাচলৰ চুক্তি ভাৰতৰ

পোষ্ট কৰা হৈছে: 17 SEP 2020 5:28PM by PIB Guwahati

ভাৰতে ১৩ ছেপ্টেম্বৰ পৰ্যন্ত মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা, ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন, মালদ্বীপ,ইউএই,কাটাৰ,আফগানিস্তান আৰু বাহৰেইন এই ১০খন দেশৰ সৈতে সাময়িকভাৱে বিমান চলাচলৰ চুক্তি সম্পন্ন কৰিছে।

 

এই সাময়িক বিমান চলাচল চুক্তিৰ আৱশ্যকীয় বিৱৰণ হৈছেঃ

 

১) কভিড-১৯ মহামাৰীৰ বাবে নিয়মীয়া আন্তৰ্জাতিক বিমানৰ উৰণ বন্ধ থকাৰ ফলত দুখন দেশৰ মাজত বাণিজ্যিক যাত্ৰীবাহী বিমান সেৱা চলোৱাৰ বাবে এয়া সাময়িক চুক্তি।

 

২) দুয়োখন দেশৰ বিমান সংস্থাই একেধৰণৰ সুযোগ পাব।

 

৩)উৰণৰ টিকট লাভ কৰিব এয়াৰ লাইনৰ ৱেব ছাইট, ট্ৰেভেল এজেণ্ট আৰু গ্লবেল ডিষ্ট্ৰিবিউচন পদ্ধতিত।

 

সাম্প্ৰতিক কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰতত আন্তৰ্জাতিক বিমানৰ যাতায়াতত নিষেধাজ্ঞা আছে। ভাৰতীয় অসামৰিক বিমান পৰিবহন আৰু স্বাস্থ্য আন্তঃগাঁথনিয়ে বৰ্তমান বৃহত্হাৰত বন্দে ভাৰত মিশ্যন আৰু সাময়িক চুক্তিৰ বিমান চলাচল সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে । নিয়মিত বাণিজ্যিক আন্তৰ্জাতিক বিমান চলাচলত অনুমতি দিয়াৰ পূৰ্বে ৰাজ্য চৰকাৰসমূহে দিয়া সীমিত পৃথকীকৰণ আৰু এই সংক্ৰান্তীয় অন্যান্য স্বাস্থ্য বিষয়ক সুবিধাসমূহ বিবেচনা কৰা হব।

 

আজি লোকসভাত স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন ৰাজ্য মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে এক লিখিত উত্তৰত এই তথ্য দাখিল কৰে।

 

 

 

 *******

RJ/NG/BA/KG


(ৰিলিজ আই ডি : 1655948) অতিথি কক্ষ : 205
ত এই ৰিলিজটো পঢ়ক: Bengali , English , Urdu , Marathi , Tamil