মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
শিক্ষক পৰ্ব কাৰ্যসূচীৰ অধীনত ‘পাৰদৰ্শিতাভিত্তিক শিক্ষা আৰু ইয়াৰ ফলাফল’ শীৰ্ষক ৱেবিনাৰ
Posted On:
17 SEP 2020 5:22PM by PIB Guwahati
শিক্ষা পৰ্ব কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে আজি এক ৱেবিনাৰৰ আয়োজন কৰে। ৱেবিনাৰৰ বিষয়বস্তু আছিল-‘পাৰদৰ্শিতাভিত্তিক শিক্ষা আৰু ইয়াৰ ফলাফল।’ এনচিইআৰটি, প্ৰাথমিক শিক্ষা বিভাগৰ মূৰব্বী প্ৰফেচাৰ সুনীতি ছানৱালে কাৰ্যসূচীটো পৰিচালনা কৰে। ৱেবিনাৰৰ বিশেষজ্ঞসকল আছিল-এনচিইআৰটিৰ প্ৰকাশন বিভাগৰ মূৰব্বী প্ৰফেচাৰ এ.কে ৰাজপুট আৰু ২০১৭ত ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষক অসমৰ শ্ৰী শশাংক হাজৰিকা। উল্লেখ্য যে, শিক্ষকক অভিনন্দন জনাবলৈ আৰু নতুন শিক্ষা নীতি ২০২০ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ৮-২৫ ছেপ্তেম্বৰলৈ শিক্ষক পৰ্ব কাৰ্যসূচী পালন কৰিছে।
‘পাৰদৰ্শিতাভিত্তিক শিক্ষা আৰু ইয়াৰ ফলাফল’ৰ ধাৰণাক লৈ আলোকপাত কৰে প্ৰফেচাৰ সুনীতি ছানৱালে। তেওঁ কয় যে পাৰদৰ্শিতাই জ্ঞান, দক্ষতা আৰু দৃষ্টিভংগীৰ সমাহাৰক বুজায়।
ৱেবিনাৰত শ্ৰী শশাংক হাজৰিকাই ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে প্ৰকাশ কৰে যে কোভিড-১৯ মহামাৰীৰ সময়ছোৱাত তেওঁলোকে ভিডিঅ’ বনাই, হোৱাটছ আপ গ্ৰুপ সৃষ্টি কৰি শিশুক শিক্ষা প্ৰদান কৰিছে।
*****
MC/AKJ/AK/MS
(Release ID: 1655921)
Visitor Counter : 257