ৰেচম মন্ত্ৰালয়

শিপিনীৰ সংখ্যা আৰু জনমুৰি আয়

Posted On: 17 SEP 2020 1:50PM by PIB Guwahati

২০১৯-২০ৰ চতুৰ্থ সৰ্বভাৰতীয় হস্ততাঁত পিয়ল অনুৰি দেশত মুঠ তাঁত শিল্পৰ সৈতে জড়িত পৰিয়ালক সংখ্যা্ ৩১,৪৪,৮৩৯৷ অৱশ্যে, ২০০৯-১০ৰ তৃতীয় হস্ততাঁত পিয়ল মুঠ এই সংখ্যা আছিল ২৭,৮৩,২৭১৷

তৃতীয় হস্ততাঁত পিয়ল অনুসৰিঃ

হস্ততাঁতৰ সৈতে জড়িত পৰিয়ালৰ গড় উপাৰ্জন প্ৰতি বছৰত ৩৬,৪৯৮টকা(প্ৰতি মাহত ৩,০৪২টকা)৷ তৃতীয় হস্ততাঁত পিয়ল অনুসৰি সকলো শিপিনী পৰিয়ালে প্ৰতি মাহত ৫,০০০তকৈ কম টকা উপাৰ্জন কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছিল৷

চতুৰ্থ হস্ততাঁত পিয়ল অনুসৰিঃ

হস্ততাঁত কৰ্মী পৰিয়ালৰ সংখ্যাৰ হিচাপত উপাৰ্জনঃ

ক্ৰ.নং

প্ৰতিমাহত উপাৰ্জন(টকাৰ হিচাপত)

মুঠ(%)

১.

৫,০০০তকৈ কম

২১,০৯,৫২৫(৬৭.১%)

২.

৫,০০১-১০,০০০

৮,২৪,০২১ (২৬.২%)

৩.

১০,০০১-১৫,০০০

১,৪০,৫০৯(৪.৫%)

৪.

১৫,০০০-২০,০০০

২৯,৯৮৯(১.০%)

৫.

২০,০০০ৰ ওপৰত

৪০,৭৯৫(১.২%)

 

হস্ততাঁত খণ্ডৰ বিকাশৰ বাবে হস্ততাঁত উন্নয়ন আয়ুক্ত কাৰ্যালয়, বস্ত্ৰ মন্ত্ৰালয়ে সমগ্ৰ দেশত নিম্নোলিখিত আঁচনি ৰূপায়ণ কৰিছে৷ সেইবোৰ হৈছে-

১৷ ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন আঁচনি(এনএইচডিপি)

২৷ ব্যাপক হস্ততাঁত ক্লাষ্টাৰ উন্নয়ন আঁচনি(চিএইচচিডিএছ)

৩৷ হস্তাতাঁত শিপিনী ব্যাপক কল্যান আঁচনি(এইচডব্লিউচিডব্লিউএছ)

৪৷ সূঁতা যোগান আঁচনি(ৱাইএছএছ)

ওপৰোক্ত আঁচনিসমূহৰ অধীনত কেঁচা সামগ্ৰীকে ধৰি অন্যান্য আন্তঃগাঁথনিমূলক উন্নয়নৰ দিশৰ বাবে ৰেহাই হাৰত ঋণ আৰু বিত্তীয় সাহায্য  আগবঢ়োৱা হৈছে৷

ৰাজ্যসভাত আজি কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰানীয়ে এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰি কৰে৷

 

****

APS/SG/RC/DB


(Release ID: 1655798) Visitor Counter : 182