সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধাশ্ৰম পৰিচালনা কৰি থকা সংস্থাসমূহক অগ্ৰিম অনুদান মোকলাই দিয়াৰ সিদ্ধান্ত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ

২০২০-২১ৰ আজিৰ তাৰিখলৈকে বৃদ্ধাশ্ৰম পৰিচালনা কৰি থকা সংস্থাসমূহক ৮৩.৭৪কোটি টকা মোকলাই দিয়া হৈছে

পোষ্ট কৰা হৈছে: 16 SEP 2020 1:10PM by PIB Guwahati

সম্প্ৰতি অব্যাহত থকা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আৰু বৃদ্ধাশ্ৰম পৰিচালনা কৰি থকা সংস্থাসমূহৰ হাতত বৃদ্ধাশ্ৰম চলাবৰ বাবে পৰ্যাপ্ত ধনৰ অভাৱ হব পৰা বিষয়ৰ কথা বিবেচনা কৰি এনে সংস্থাসমূহক অগ্ৰিম অনুদান মোকলাই দিয়াৰ সিদ্ধান্ত লৈছে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে। ২০২০-২১ৰ আজিৰ তাৰিখলৈকে বৃদ্ধাশ্ৰম পৰিচালনা কৰি থকা সংস্থাসমূহক ৮৩.৭৪কোটি টকা মোকলাই দিয়া হৈছে।

 

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাষ্ট্ৰীয় কৰ্ম পৰিকল্পনা(NAPSrC) বাস্তৱায়ন কৰি আছে, যত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম (IPSr.C)ৰ এটি অংশ আছে যাৰ অধীনত চলাই থকা আৰু পৰিচালনা কৰাৰ বাবে অনুদান দিয়া হয়, জ্যেষ্ঠ নাগৰিকৰ গৃহ(বৃদ্ধাশ্ৰম)চলাই থকা সংস্থাসমূহ যেনে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন(পঞ্জীকৃত সংস্থাৰ জৰিয়তে)/পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান/স্থানীয় নিকায়;বেচৰকাৰী সংস্থা/স্বেচ্ছাসেৱী সংস্থা।

 

ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য দাখিল কৰে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যমন্ত্ৰী শ্ৰী ৰতন লাল কাটাৰিয়াই।  

 

*******


(ৰিলিজ আই ডি : 1655423) অতিথি কক্ষ : 238
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Bengali , Manipuri , Punjabi , Tamil , Telugu