গৃহ মন্ত্ৰালয়
ফৌজদাৰী আইন সংশোধন কমিটী
Posted On:
16 SEP 2020 3:30PM by PIB Guwahati
ফৌজদাৰী আইনৰ সংস্কাৰৰ অৰ্থে পৰামৰ্শৰ বাবে ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ৰ উপাচাৰ্যৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰা হৈছে। ফৌজদাৰী আইনৰ সৰ্বাত্মক সংশোধনৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্যপাল, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, লেফটেনেণ্ট গভৰ্ণৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক, ভাৰতৰ সন্মানীয় মুখ্য ন্যায়াধীশ, বিভিন্ন উচ্চ ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশসকল,বাৰ কাউন্সিল অৱ ইণ্ডিয়া, বিভিন্ন ৰাজ্যৰ বাৰ কাউন্সিল আৰু বিভিন্ন বিশ্ববিদ্যালয় আৰু আইন প্ৰতিষ্ঠানসমূহৰ পৰা পৰামৰ্শ বিচাৰিছিল। গ্ৰহণ কৰা পৰামৰ্শসমূহ আৰু কমিটীৰ প্ৰতিবেদন সকলো অংশীদাৰৰ সৈতে আলোচনা কৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰীক্ষাৰ বাবে থোৱা হৈছে।
ৰাজ্যসভাত আজি গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী শ্ৰী জি. কিষাণ ৰেড্ডীয়ে এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে।
******
(Release ID: 1655422)