আয়ুষ

যোগাসনে ক’ভিড-১৯ ৰোগীক সুস্থ হোৱাত সহায় কৰে

Posted On: 15 SEP 2020 4:10PM by PIB Guwahati

যোগ আৰু নেচাৰপেথীৰ গৱেষণাৰ বাবে কেন্দ্ৰীয় পৰিষদ(চিচিআৰৱাইএন)-এ নতুন দিল্লীৰ ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হস্পিতাল, এইমছ দিল্লী, এইমছ ঋষিকেশ আৰু দিল্লীৰ আৰএমএল হস্পিতালৰ সহযোগত এক গৱেষণা সম্পন্ন কৰে। এই গৱেষণাৰ বিষয়বস্তু আছিল কভিড-১৯ ৰোগী সোনকালে  সুস্থ হোৱাৰ ক্ষেত্ৰত যোগাসনৰ প্ৰভাৱ।

ভিড-১৯ৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ বাবে জনসমাগমত সীমাবদ্ধতা জাৰি কৰাৰ ফলত এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছিল-পৰিয়ালৰ সৈতে ঘৰতে যোগাসন

আয়ুস মন্ত্ৰালয়ে ইয়াৰ ডিজিটেল প্লেটফৰ্ম যোগ পৰ্টেল আৰু ছচিয়েল মিডিয়াত বিভিন্ন অনলাইন ৰিচৰ্ছ উপলব্ধ কৰায়, যাতে জনসাধাৰণে ঘৰতে যোগাসন শিকিব পাৰে।

মন্ত্ৰালয়ে লগতে মাই লাইফ, মাই যোগা শীৰ্ষক এক অুষ্ঠানৰো আয়োজন কৰে। ইয়াৰ মাধ্যমেৰে বিভিন্ন যোগ প্ৰতিযোগিতা অনুষ্ঠিত কৰি জনসাধাৰণক আকৰ্ষণীয় উপহাৰ আগবঢ়োৱা হয়। তদুপৰি, প্ৰসাৰ ভাৰতীৰ সহযোগত আয়ুস মন্ত্ৰালয়ে ডিডি নেচনেলত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱ উপলক্ষে এক যোগৰ অনুষ্ঠানৰ আয়োজন কৰে। ইয়াত যোগ বিশেষজ্ঞই প্ৰশিক্ষণ আগবঢ়ায়।

জনসাধাৰণক ঘৰতে যোগাসনৰ প্ৰশিক্ষণ দিবলৈ ডিডি ভাৰতীয়ে কমন যোগা প্ৰটকল(চিৱাইপি)ৰ সম্প্ৰচাৰ কৰে। বিনোদন জগতৰ প্ৰখ্যাত চেলিব্ৰিটীসকলে যোগ সন্দৰ্ভত উদগণিমূলক বাৰ্তা দিয়াৰ লগতে ঘৰৰ পৰাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অংশ লবলৈ জনসাধাৰণক অনুপ্ৰাণিত কৰে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে ৰাজ্য সভাত এক লিখিত উত্তৰত এই তথ্য সদৰী কৰে।

 

*****

 

MV/SK/MS



(Release ID: 1654806) Visitor Counter : 138


Read this release in: English , Urdu , Manipuri , Telugu