স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিগত তিনি বছৰত স্থাপিত নতুন চিকিৎসা মহাবিদ্যালয়

পোষ্ট কৰা হৈছে: 15 SEP 2020 3:04PM by PIB Guwahati

মেডিকেল কাউঞ্চিল অফ ইণ্ডিয়াৰ ব'ৰ্ড অফ গভৰ্ণৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি বিগত তিনি বছৰত ৪৭খন চিকিসা মহাবিদ্যালয়ক স্বীকৃতি দিয়া হৈছে। ইয়াৰ মাজত উল্লেখযোগ্য বৰ্ধমানৰ আই কিউ চিটী মেডিকেল কলেজ (২০১৮ৰ ফেব্ৰুৱাৰীৰ হিচাব অনুসৰি প্ৰতি বছৰে ১৫০জন ছাত্ৰ-ছাত্ৰীয়ে এম বি বি এছত ভৰ্তি হ'ব পাৰিব), জোকাৰ ই এছ আই চি মেডিকেল কলেজ (২০১৮ৰ জানুৱাৰীৰ হিচাব অনুসৰি ইয়াত প্ৰতি বছৰে ১০০জন ছাত্ৰ-ছাত্ৰীয়ে এম বি বি এছত ভৰ্তি হ'ব পাৰিব), হলদিয়াৰ আই কেয়াৰ ইনষ্টিটিউট অফ মেডিকেল ছাইঞ্চ এণ্ড ৰিছাৰ্চ এন বি চি ৱাই হাস্পতাল (২০১৭ৰ ফেব্ৰুৱাৰীৰ হিচাব অনুসৰি ইয়াত প্ৰতি বছৰে ১০০জন ছাত্ৰ-ছাত্ৰীয়ে এম বি বি এছত ভৰ্তি হ'ব পাৰিব), অসমৰ তেজপুৰ মেডিকেল কলেজ এণ্ড ৰিছাৰ্চ (২০১৮ৰ ডিচেম্বৰৰ হিচাব অনুসৰি ইয়াত প্ৰতি বছৰে ১০০জন ছাত্ৰ-ছাত্ৰীয়ে এম বি বি এছত ভৰ্তি হ'ব পাৰিব)।

 

কেন্দ্ৰৰ সাহায্যত দেশৰ বিভিন্ন জিলা হাস্পতালক চিকিসা মহাবিদ্যালয়ত পৰিণত কৰা হৈছে। এই পৰ্যন্ত ১৫৭খন জিলাত এনেকুৱা হাস্পতালক চিকিসা মহাবিদ্যালয় কৰাৰ অনুমতি দিয়া হৈছে। এই ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ বিশেষ মৰ্যাদাপ্ৰাপ্ত ৰাজ্যসমূহত কেন্দ্ৰই ৯০% ব্যয় বহন কৰিব। অন্যান্য ৰাজ্যৰ ক্ষেত্ৰত ৮০% অৰ্থ কেন্দ্ৰই বহন কৰিব, বাকী অৰ্থ ৰাজ্য চৰকাৰসমূহে দিব। প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ আওতাত দেশৰ বিভিন্ন মেডিকেল কলেজত ছুপাৰ স্পেছিয়েলিটী ব্লক, ট্ৰ'মা চেণ্টাৰসহ চিকিসা পৰিকাথামোৰ বাবে অৰ্থ দিয়া হৈছে। এই ধৰণৰ ৯৫খন মহাবিদ্যালয়ত এই পৰিকল্পনাত কাম চলিছে। অসমত গুৱাহাটী মেডিকেল কলেজত নিৰ্মাণৰ বাবে ৫৭ কোটি ৬ লাখ টকা অৰ্থ দিয়া হৈছে। এই কলেজত ৪৭ কোটি ৫০ লাখ টকা দি চিকিসা সৰঞ্জাম ক্ৰয় কৰা হৈছে। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ বাবে ৭ কোটি ৮৪ লাখ টকা দিয়া হৈছে। এই কলেজতো চিকিসা সৰঞ্জাম ক্ৰয় কৰাৰ বাবে ৪৬ কোটি ৫০ লাখ টকা দিয়া হৈছে। ত্ৰিপুৰাৰ আগৰতলা চৰকাৰী চিকিসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ বাবে ৮০ কোটি ৬৫ লাখ টকা দিয়া হৈছে। এই কলেজত চিকিসাৰ সৰঞ্জাম ক্ৰয় কৰাৰ বাবে ১২ কোটি ৬৬ লাখ টকা মঞ্জুৰ কৰা হৈছে। পশ্চিম বংগৰ কলকাতা মেডিকেল কলেজৰ বিভিন্ন নিৰ্মাণ কাৰ্যৰ বাবে ৭৩ কোটি ৫৬ লাখ টকা দিয়া হৈছে। এই কলেজত চিকিসাৰ সৰঞ্জাম ক্ৰয় কৰাৰ বাবে দিয়া হৈছে ১১ কোটি ৪৩ লাখ টকা। বাঁকুৰাৰ সন্মিলনী মেডিকেল কলেজৰ বিভিন্ন নিৰ্মাণ কাৰ্যৰ বাবে ৬৬ কোটি ৯৮ লাখ টকা দিয়া হৈছে। ইয়াৰ উপৰিও ৪৫ লাখ টকা দিয়া হৈছে বিভিন্ন চিকিসাৰ সৰঞ্জাম ক্ৰয় কৰাৰ বাবে। মালদা চৰকাৰী মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ বাবে ৪৩ কোটি ৮ লাখ টকা আৰু চিকিসাৰ সৰঞ্জাম ক্ৰয় কৰাৰ বাবে ৫৪ কোটি ৯৫ লাখ টকা দিয়া হৈছে। ৰাজ্যখনৰ দাৰ্জিলিঙৰ উত্তৰ বংগ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ বাবে ৫২ কোটি ৪৭ লাখ টকা আৰু চিকিসাৰ সৰঞ্জাম ক্ৰয় কৰাৰ বাবে ৫০ কোটি টকা দিয়া হৈছে।

 

ৰাজ্য সভাত আজি এটা প্ৰশ্নত লিখিত উত্তৰত এই তথ্য সদৰী কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰতি মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই।

 

MV

******


(ৰিলিজ আই ডি : 1654804) অতিথি কক্ষ : 354
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Bengali , Manipuri , Punjabi , Tamil , Telugu