আয়ুষ
যোগ আৰু নেচাৰ'পেথীৰ কেন্দ্ৰীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিবৰ বাবে ভূমি আগবঢ়োৱা ৰাজ্য
Posted On:
15 SEP 2020 4:10PM by PIB Guwahati
অন্ধ্ৰপ্ৰদেশ, কেৰালা, উৰিষ্যা, পশ্চিম বংগ, ৰাজস্থান, ঝাৰখণ্ড, ছত্তিশগড়, কৰ্ণাটক আৰু হাৰিয়ানাৰ ৰাজ্য চৰকাৰে তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্যসমূহত আয়ুস মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্বশাসিত সংস্থা চেণ্ট্ৰেল কাউঞ্চিল ফৰ ৰিছাৰ্চ ইন যোগা এণ্ড নিউৰ'পেথী (চি চি আৰ ৱাই এন)ৰ জৰিয়তে যোগ আৰু নিউৰ'পেথীৰ কেন্দ্ৰীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিবৰ বাবে ভূমি আগবঢ়াইছে। বৰ্তমানলৈকে হাৰিয়ানা, কৰ্ণাটক আৰু উৰিষ্যাত তিনিখন চি আৰ আই এছ স্থাপনৰ বাবে চৰকাৰে পুঁজি মোকলাই দিছে।
সমগ্ৰ বিশ্বতে যোগ আৰু নিউৰ'পেথীক উদগণি যোগোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ তলত দিয়া ধৰণেঃ-
- কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত আন্তৰ্জাতিক সহযোগিতাৰ বাবে (আই চি স্কিম) উদগণি লাভ কৰিবলৈ আয়ুস মন্ত্ৰালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আন্তৰ্জাতিক বৈঠক, সন্মিলন, প্ৰশিক্ষণ কাৰ্যসূচী, ছেমিনাৰ আৰু ভাৰত চৰকাৰৰ বিশেষ দায়িত্ব পালন কৰিবলৈ আয়ুস মন্ত্ৰালয়ে বিদেশী ৰাষ্ট্ৰৰ বাবে আয়ুস বিশেষজ্ঞ মকৰল কৰিছে।
- ২০১৫ চনৰ ২১ জুনত যোগৰ আন্তৰ্জাতিক দিৱস (আই ডি ৱাই) হিচাপে সৰ্বসন্মত ৰূপত গ্ৰহণ কৰাৰ পৰিণাম স্বৰূপে, আয়ুস মন্ত্ৰালয়ে প্ৰতি বছৰে আন্তৰ্জাতিক যোগ সন্মিলনৰ আয়োজন কৰি আহিছে। মন্ত্ৰালয়ে মহীষুৰত ১৫-১৬ নবেম্বৰ, ২০১৯ত 'ইন্টাৰনেচনেল কনফাৰেঞ্চ অন যোগা ফৰ হাৰ্ট-কেয়াৰ'ৰ আয়োজন কৰে। এই সন্মিলনত ১৭খন দেশৰ ৩৫জন যোগ বিশেষজ্ঞৰ লগতে প্ৰায় ১০০০ ভাৰতীয় আৰু বিদেশী প্ৰতিনিধিয়ে ভাগ লয়।
- আয়ুস মন্ত্ৰালয়ে সমগ্ৰ বিশ্বজুৰি ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰিবৰ বাবে ভাৰতীয় মিছনক কাৰিকৰী সহযোগিতা আগবঢ়াই আহিছে। ২০১৯ত ভাৰতৰ বাহিৰেও পৃথিৱীৰ ১৮৯খন দেশৰ ৮২০টা স্থানত আই ডি ৱাই পালন কৰা হয়।
- আয়ুস মন্ত্ৰালয়ে ইণ্ডিয়ান কাউঞ্চিল ফৰ কালচাৰেল ৰিলেচনছৰ (আই চি চি আৰ)ৰ জৰিয়তে ভাৰতৰ প্ৰধান যোগ প্ৰতিষ্ঠানত ৯৮খন দেশৰ পৰা অহা আণ্ডাৰ গ্ৰেজুৱেট আৰু পিএইচডি ক'ৰ্ছ কৰি থকা অৰ্হতা সম্পন্ন বিদেশী লোকক বছৰি স্কলাৰশ্বিপ দি আহিছে।
আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ হৰ্ষ বৰ্ধনে।
MV/SK
******
(Release ID: 1654802)