স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বেচৰকাৰী হাস্পতালবিলাকৰ বেছি ধন লোৱাৰ প্ৰৱণতা নিয়ণ্ত্ৰণ

Posted On: 15 SEP 2020 2:58PM by PIB Guwahati

কোভিড-১৯ মহামাৰীৰ প্ৰতিৰোধত সক্ৰিয়, যথাযথ তথা সামগ্ৰিকভাৱে ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু সামাজিক স্তৰত গৃহীত সৰ্বাত্মক কৌশল লোৱাত বেচৰকাৰী হাস্পতালবিলাকৰ বেছি ধন লোৱাৰ প্ৰৱণতা নিয়ণ্ত্ৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী, উচ্চ পৰ্যায়ৰ মন্ত্ৰীবৰ্গ, কেবিনেট সচিব, সচিবসকলৰ কমিটী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়াসকল এই ভাইৰাছৰ মোকাবিলাত জনস্বাস্থ্যৰ বিষয়বিলাকৰ ওপৰত নজৰ ৰাখিছে।

 

কেন্দ্ৰই কোভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ জনস্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সক্ৰিয়, সৰ্বাত্মক পদক্ষেপ গ্ৰহণ কৰিছে। ভ্ৰমণ সংক্ৰান্তীয় নানা পৰামৰ্শ জাৰি কৰা হৈছে। এই পৰামৰ্শ পৰৱৰ্তী সময়ত নানা ধৰণে পৰিমাৰ্জিত কৰা হৈছে। ২৩ মাৰ্চৰ পৰা সকলো দেশৰ পৰা অহা যাত্ৰীসকলক পৰীক্ষা কৰা হৈছে। বিমান বন্দৰবিলাকত ১৪ হাজাৰ ১৫৪টা বিমানৰ ১৫ লাখ ২৪ হাজাৰ ২৬৬জন যাত্ৰীক পৰীক্ষা কৰা হয়। বিমান বন্দৰৰ উপৰি ১৬ লাখ ৩১ হাজাৰ যাত্ৰীক স্থল বন্দৰত আৰু ৮৬ হাজাৰ ৩৭৯জন যাত্ৰীক ১২টা প্ৰধান তথা ৬৫টা সৰু বন্দৰত পৰীক্ষা কৰা হৈছে। মহামাৰীৰ প্ৰথম পৰ্বত কেন্দ্ৰই চীন, জাপান, ইৰাণ, ইটালী আৰু মালয়েছিয়াৰ দৰে কোভিড সংক্ৰমিত দেশবিলাকৰ পৰা আবদ্ধ হৈ পৰা ভাৰতীয়সকলক লৈ আহিছে। আনলক পৰ্বত ৯ ছেপ্টেম্বৰৰ হিচাব অনুসৰি মুঠ ১২ লাখ ৪৩ হাজাৰ ১৭৬জন যাত্ৰীক লৈ অহা হৈছে। এই প্ৰক্ৰিয়া অব্যাহত আছে।

 

এটা সু-সংহত ব্যাধি নজৰদাৰী ব্যৱস্থাপনাৰ সহায়ত সংক্ৰমিতসকলৰ ওপৰত দৃষ্টি ৰখা হৈছে। ইয়াৰ আগেয়ে ভ্ৰমণ সংক্ৰান্তীয় ক্ষেত্ৰত এলেকা অনুসৰি নজৰদাৰীৰ উদ্যোগ লোৱা হৈছে। পৰৱৰ্তী সময়ত ১০ ছেপ্টেম্বৰৰ হিচাব অনুসৰি মুঠ ৪০ লাখ মানুহক নজৰদাৰীৰ মাজত ৰখা হৈছে। পৰৱৰ্তী পৰিস্থিতি অনুযায়ী দেশত পৰীক্ষাগাৰৰ সংখ্যা বঢ়োৱা হৈছে। সমগ্ৰ দেশতে, আজি ১৬৯৭টা পৰীক্ষাগাৰত কোভিড-১৯ৰ পৰীক্ষা কৰা হৈছে। ১০ ছেপ্টেম্বৰৰ হিচাব অনুসৰি ৫ কোটি ৪০ লাখ নমুনা পৰীক্ষা কৰা হৈছে।

 

১০ ছেপ্টেম্বৰৰ হিচাব অনুসৰি ১৫ হাজাৰ ২৯০টা কোভিড চিকিসাৰ ব্যৱহাৰপনা কেন্দ্ৰত ১৩ লাখ ১৪ হাজাৰ ১৭১টা আইচলেচন বে'ডৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও ২লাখ ৩১হাজাৰ ২৬৯টা আইচলেচন বে'ডত অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে। ৩২ হাজাৰ ২৪১খন ভেণ্টিলেটৰ বে'ড আৰু ৬২ হাজাৰ ৫২৪খন আই চি ইউ বে'ডৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মুহূৰ্ততে পৰিস্থিতিৰ পৰ্যালোচনা কৰি পৰিকাথামো প্ৰস্তুত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

মন্ত্ৰালয়ে ১ কোটি ৩৯ লাখ পিপিই কিট আৰু ৩ কোটি ৪২ লাখ এন-৯৫ মাস্ক, ১০ কোটি ৮৪ লাখ হাইড্ৰক্সি ক্লৰকুইন টেবলেট, ২৯,৭৭৯টা ভেণ্টিলেটৰ, ১,০২,৪০০টা অক্সিজেন চিলিণ্ডাৰ ৰাজ্যবিলাক/ কেন্দ্ৰীয় শাসিত অঞ্চল/ কেন্দ্ৰীয় চৰকাৰী হাস্পতালবিলাকক দিয়া হৈছে (১০ ছেপ্টেম্বৰৰ হিচাব অনুসৰি)।

 

বিভিন্ন গুৰুত্বপূৰ্ণ চিকিসা সৰঞ্জাম ৰক্ষণাবেক্ষণ কৰাও জৰুৰী। ইয়াৰ বাবে বিভিন্ন সংস্থা আৰু দপ্তৰৰ পৰা স্বেচ্ছাসেৱক আৰু কৰ্মীসকলক লোৱা হৈছে। চিকিসা ক্ষেত্ৰত মানব সম্পদ বৃদ্ধিৰ বাবে আই গট-দীক্ষা নামৰ এটা অনলাইন প্লেটফৰ্ম (https://igot.gov.in/igot/) প্ৰৱৰ্তন কৰা হৈছে।জনপ্ৰশাসন দপ্তৰে এই উদ্যোগ গ্ৰহণ কৰিছে।

 

ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰতি-মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই এই কথা জনাইছে।

 

 

******

MV



(Release ID: 1654739) Visitor Counter : 127