মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

নতুন শিক্ষানীতিৰ অধীনত গৱেষণামূলক কাম-কাজত উদ্গনি যোগোৱা

Posted On: 14 SEP 2020 4:41PM by PIB Guwahati

ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০এ সকলো ক্ষেত্ৰত গুণগত শিক্ষা প্ৰদানত অনুঘটৰ ৰূপত কাম কৰিব৷ বিভিন্ন আঁচনিৰ অধিকাংশ গৱেষণাৰ ক্ষেত্ৰত একাংশ বিশেষজ্ঞ ব্য আৰু গৱেষকৰ পেলেল গঠন কৰা সিদ্ধান্ত ল’ব আৰু বিভিন্ন প্ৰতিষ্ঠানৰ সকলো গৱেষকে তেওঁলোকৰ আগ্ৰহ অনুসৰি গৱেষণামূলক কাম-কাজ সম্পন্ন কৰিব পাৰিব৷ ইয়াৰ জৰিয়তে চৰকাৰে দেশৰ লাভ হোৱাকৈ, বিশেষকৈ স্থানীয় সমস্যা সমাধান আৰু প্ৰযুক্তিৰ বৃদ্ধিৰ ক্ষেত্ৰত অধিক গৱেষণা হোৱাটো বিচাৰে, যাতে দেশত কোনো ধৰণৰ গৱেষণাৰ ক্ষেত্ৰত বাধা নাথাকে৷

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ১০.১১অনুচ্ছেদত প্ৰতিষ্ঠানিক স্বাধীনতাৰ সন্দৰ্ভত উল্লেখ আছে৷ ইয়াত কোৱা হৈছে-সকলো এইচইআই শৈক্ষিক আৰু প্ৰশাসনিক দিশত এক ব্যাপক সংস্কৃতি গ্ৰহণৰ ক্ষেত্ৰত লাহে লাহে সম্পূৰ্ণ স্বাধীন হৈ পৰিব৷ তদুপৰি, ৰাজ্যিক এক ব্যৱস্থাই কলেজসমূহৰ স্বাধীনতাৰ দিশত এক স্বচ্ছ আৰু পৰ্যায়ভিত্তিক স্বীকৃতিৰ জৰিয়তে স্বাধীনতা প্ৰদান কৰিব৷”

ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০এ ফেকাল্টিক পাঠ্যক্ৰম, শিক্ষাবিজ্ঞান আৰু মূল্যায়নৰ ক্ষেত্ৰত উচ্চশিক্ষাৰ যোগ্যতাৰ মূল্যায়নক স্বাধীনতা প্ৰদান কৰিব, যাতে সকলো প্ৰতিষ্ঠান আৰু কাৰ্যসূচীৰ লগতে অডিএল, অনলাইন আৰু পৰম্পৰাগত ‘ই-ক্লাছ’ মোডৰ উদ্ভাৱনত স্বাধীনতা প্ৰদান কৰিব৷

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ চন্দ্ৰ পোখৰিয়ালে এইদৰে কয়৷

 

*****

MC/AKJ/AK/DB


(Release ID: 1654330)
Read this release in: English , Urdu , Manipuri , Telugu