ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

২০২৩ৰ ভিতৰত সাৰ উৎপাদনত আত্ম-নিৰ্ভৰশীল হ’ব ভাৰতঃ শ্ৰী গৌড়া

৪০,০০০ কোটি টকাৰ বিনিয়োগেৰে নতুন সাৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰা হ’বঃ শ্ৰী গৌড়া

শ্ৰী গৌড়াই মাটিৰ উৰ্বৰতা অটুট ৰখাৰ বাবে ভাবি-চিন্তিহে ইউৰিয়া ব্যৱহাৰ কৰিবলৈ কৃষকক আহ্বান জনায়

মন্ত্ৰীগৰাকীয়ে আইএফএফচিঅ’ৰ নেন’ প্ৰয়োগক প্ৰশংসা কৰি ইয়াক গেম চেঞ্জাৰ আখ্যা দিয়ে

নেন’ সাৰ ২৫-৩০% সস্তা, মাটিৰ উৰ্বৰা শক্তি অটুট ৰাখি ১৮-৩৬%অধিক কৃষি উৎপাদনো বৃদ্ধিঃ শ্ৰী গৌড়া

Posted On: 13 SEP 2020 3:55PM by PIB Guwahati

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি.ভি. সদানন্দ গৌড়াই কয় যে ২০২৩ৰ ভিতৰত সাৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আত্ম-নিৰ্ভৰশীল হব। আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ অধীনত প্ৰায় ৪০,০০০ কোটি টকাৰ বিনিয়োগেৰে দেশত নতুন সাৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰা হব, যাতে আমদানিৰ ওপৰত দেশৰ নিৰ্ভৰশীলতা হ্ৰাস হয়।

শ্ৰী গৌড়াই কৰ্ণাটকৰ কৃষকৰ বাবে আইএফএফচিঅ-ই আয়োজন কৰা আত্মনিৰ্ভৰশীল ভাৰত আৰু বহনক্ষম কৃষি শীৰ্ষক এক ৱেবিনাৰত অংশ লয়। তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম- নিৰ্ভৰ ভাৰত মিছন অনুসৰি, স্থানীয় উদ্যোগক উদগণি যোগাবলৈ আমি সকলো সাৰ কোম্পানীক গেছ-ভিত্তিক প্ৰযুক্তিলৈ সলনি কৰি আছো। শেহতীয়াকৈ আমি ৪টা ইউৰিয়া প্ৰকল্প পুনৰ উদ্ধাৰ কৰিছো। ২০২৩ৰ ভিতৰত আমি সাৰ উৎপাদনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰ হোৱা উচিত।"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰে জৈৱিক আৰু নেন সাৰ উৎপাদনক উদগণি যোগাইছে, যিহেতু সেইবোৰ ২৫ৰ পৰা ৩০ শতাংশ পৰ্যন্ত সস্তা। একেদৰে এই সাৰে মাটিৰ উৰ্বৰা শক্তি অটুট ৰাখে আৰু ১৮ৰ পৰা ৩৫ শতাংশ পৰ্যন্ত কৃষিৰ উৎপাদন বৃদ্ধি কৰে। তেওঁ আইএফএফচিঅৰ নেন প্ৰয়োগৰ শলাগ লৈ ইয়াক গেম চেঞ্জাৰ আখ্যা দিয়ে। তেওঁ জানিবলৈ দিয়ে যে নেন সাৰ দেশৰ প্ৰায় ১২,০০০ কৃষিক আৰু কৃষি বিশ্ববিদ্যালয়ত বিনামূলীকা বিতৰণ কৰা হৈছিল আৰু তেওঁলোকে ইতিবাচক সঁহাৰি আগবঢ়াইছে।

শ্ৰী গৌড়াই কৃষকক ইউৰিয়া ব্যৱহাৰত সাৱধান হোৱাৰ আহ্বান জনায়, যিহেতু ইউৰিয়াৰ অত্যধিক ব্যৱহাৰে কৃষি পথাৰৰ উৰ্বৰা শক্তি বিনষ্ট কৰে।

জুম এপছৰ মাধ্যমেৰে কৰ্ণাটকৰ প্ৰায় ১৫০০গৰাকী কৃষকে ৱেবিনাৰত অংশ লয়।

*****

RCJ/RKM/MS



(Release ID: 1653908) Visitor Counter : 150