পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়

জুলাই, ২০২০ মাহৰ বাবে ঔদ্যোগিক উৎপাদন সূচকাংক আৰু ব্যৱহাৰিক সূচকাংকৰ ত্বৰিৎ অনুমান(২০১১-২০১২ বৰ্ষৰ ভিত্তিত=১০০)

Posted On: 11 SEP 2020 5:30PM by PIB Guwahati

১৷ ঔদ্যোগিক উপাদন সুচকাংক(আইআইপি)ৰ ত্বৰি অনুমান প্ৰতি মাহৰ ১২ তাৰিখে(বন্ধ থাকিলে পৰৱৰ্তী কাৰ্যদিনত) ছমাহৰ অন্তৰালত ঘোষণা কৰা হয়৷ এইবোৰ উস এজেন্সিৰ পৰা লাভ কৰা সংখ্যাৰ সৈতে সংকলন কৰা হয় আৰু এজেন্সিসমূহে এই তথ্যসমূহ উপাদক কাৰখানা/প্ৰতিষ্ঠানৰ পৰা লাভ কৰে৷

২৷ ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰৰ দ্বাৰা বলবকৰা দেশজোৰা লকডাউন আৰু ইয়াৰ নিৰাময়ৰ উপায়সমূহৰ বাবে ঔদ্যোগিক ক্ষেত্ৰৰ অধিকাংশ প্ৰতিষ্ঠান মাৰ্চ, ২০২০ৰ শেষভাগৰ পৰা বন্ধ হৈ আছে৷ ইয়াৰ প্ৰভাৱ প্ৰতিষ্ঠানসমূহে উপাদন কৰা সামগ্ৰীসমূহৰ ওপৰতো পৰিছে৷ লকডাউনৰ পাছত ক্ৰমান্বয়ে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ ফলত ঔদ্যোগিক কাম-কাজ পুনৰ আৰম্ভ হয়৷ ২০১১-১২ বৰ্ষৰ ভিত্তিত ২০২০ৰ জুলাইত ঔদ্যোগিক উপাদন সুচকাংকৰ ত্বৰি অনুমান ১১৮.১ হয়, যিটো মে’, জুন আৰু জুলাই, ২০২০ত সময়ছোৱাত ক্ৰমে ৫৪.০, ৮৯.৫ আৰু ১০৮.৯ আছিল আৰু এয়া অৰ্থনীতিৰ ঔদ্যোগিক কাম-কাজৰ এক উল্লেখযোগ্য বিকাশৰ সংকেত বহন কৰিছে৷

৩৷ ২০১১-১২ বৰ্ষৰ ভিত্তিত ২০২০ৰ জুলাইত ঔদ্যোগিক উপাদন সুচকাংকৰ ত্বৰি অনুমান ১১৮.১ হয়৷ জুলাই মাহত খনি, নিৰ্মাণ আৰু বিদ্যু ক্ষেত্ৰৰ বাবে ঔদ্যোগিক উপাদনৰ সুচকাংক ক্ৰমে ৮৭.২, ১১৮.৮ আৰু ১৬৬.৩ হয়৷ 

৪৷ জুলাই মাহৰ বাবে ব্যৱহাৰ আধাৰিত বৰ্গীকৰণৰ হিচাপত প্ৰাথমিক সামগ্ৰীৰ সুচকাংক ১১৪.১, মুলধনী সামগ্ৰীৰ ৭০.৯, মজলীয়া সামগ্ৰীৰ সুচকাংক ১২২.৯ আৰু আন্তঃগাঁথনি/নিৰ্মাণ সামগ্ৰীৰ সুচকাংক ১২৫.২ আছিল৷ তদুপৰি, এই সময়ছোৱাত উপভোক্তা স্থায়ী সামগ্ৰী আৰু উপভোক্তাৰ অস্থায়ী সামগ্ৰীৰ সুচকাংক আছিল ক্ৰমে ৯৯.৫ আৰু ১৫৬.৪৷

৫৷ আঞ্চলিক পৰ্যায়ত ঔদ্যোগিক উপাদন সুচকাংকৰ ত্বৰি অনুমান, ৰাষ্ট্ৰীয় ঔদ্যোগিক বৰ্গীকৰণৰ দহকৰ পৰ্যায়ত আৰু ব্যৱহাৰিক বৰ্গীকৰণৰ দ্বাৰা জুন মাহত ক্ৰমশঃ বৃদ্ধি পাইছে৷ এই সময়ছোৱাৰ সৈতে কোনো দিশত তুলনা কৰাটো সমীচীন নহয়, কিয়নো ক’ৰোনা মহামাৰীয়ে বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰিছিল৷

৬৷ জুলাই, ২০২০ত আইআইপিৰ ত্বৰি অনুমানৰ লগতে উস এজেন্সিসমূহৰ পৰা লাভ কৰা শেহতীয়া তথ্য জুন ২০২০ৰ সুচকাংকৰ সংশোধন কৰি পোৱা গৈছে৷ এপ্ৰিল, ২০২০ত ইয়াৰ অন্তিম সংশোধন কৰা হৈছিল৷

৭৷ ইয়াৰ পৰৱৰ্তী সংশোধিত সূচকাংকৰ ১২ অক্টোবৰ, ২০২০ত সোমবাৰে প্ৰকাশ কৰা হ’ব৷

সূচকাংকৰ সন্দৰ্ভত সবিশেষ জানিবলৈ মন্ত্ৰালয়ৰ বেৱছাইটৰ এই লিংকত চাব পাৰিব http://www.mospi.nic.in

******

VRRK/VJ/BM/DB


(Release ID: 1653540) Visitor Counter : 133