ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ লিমিটেড (আৰচিএফ)য়ে ট্ৰম্বে ইউনিট, মুম্বাইত নিজৰ মেথানল প্ৰকল্প আৰম্ভ কৰিছে

এয়া আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত গ্ৰহণ কৰা পদক্ষেপ

আৰচিএফ দেশত মেথানল উৎপাদকৰ বাছনি তালিকাত অন্তৰ্ভুক্ত

Posted On: 10 SEP 2020 2:11PM by PIB Guwahati

ৰাষ্ট্ৰীয় কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ লিমিটেড (আৰচিএফ) ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ এক সাৰ্বজনীন ক্ষেত্ৰ ব্যৱস্থাপনা, যি ৮ ছেপ্টেম্বৰ, ২০২০ৰ পৰা ট্ৰম্বে ইউনিট, মুম্বাইস্থিত নিজৰ মেথানল প্ৰকল্প আৰম্ভ কৰিছে। এয়া আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত গ্ৰহণ কৰা পদক্ষেপ।

 

আৰচিএফৰ দৈনিক ২৪২ মেট্ৰিকটন মেথানলৰ উপাদন কৰাৰ ক্ষমতা আছে। বৰ্তমানলৈকে আৰচিএফে নিজৰ আভ্যন্তৰীণ ব্যৱস্থা আৰু ব্যৱসায়িক উদ্দেশ্যৰ বাবে মেথানলৰ যোগান ধৰি আহিছে। নিজস্ব মেথানল উপাদনেৰে আৰচিএফে নিজৰ ব্যৱস্থাৰ বাবে যোগানৰ মাজতে নিৰ্ভৰশীল হৈ নাথাকিব বৰং ই অন্য মেথানল আধাৰিত উদ্যোগৰ আৱশ্যকতা পূৰণ কৰাৰ স্থিতিতো থাকিব। এই প্ৰকল্প আৰম্ভ হোৱাত আৰচিএফে দেশত মেথানল উপাদকৰ বাছনি তালিকাত প্ৰৱেশ কৰিছে, যাৰ জৰিয়তে যোগানৰ বিকল্প উপলব্ধ হৈছে। এনেদৰে ই ভাৰত চৰকাৰৰ মহত্বাকাংক্ষী 'আত্মনিৰ্ভৰ ভাৰত' অভিযানত যোগদান কৰিছে।

 

মেথানল ফাৰ্মাচিউটিকেলছ, কীট নাশক, ডাইষ্টাফ আদিৰ উপাদনত ব্যাপক হাৰত ব্যৱহাৰ কৰা হয়। দেশত উপাদন সীমাবদ্ধ হোৱা বাবে মেথানলৰ প্ৰয়োজনীয়তা বৰ্তমানলৈকে আনৰ যোগানৰ জৰিয়তে সম্পূৰ্ণ কৰা হৈছিল।

 

সাৰৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা গঢ়ি তোলাৰ প্ৰচেষ্টাত আৰচিএফে নিজৰ জনপ্ৰিয় সাৰ সুফলাৰ ১৫ : ১৫ : ১৫ শতাংশ উপাদনত ব্যাপক বৃদ্ধি কৰিছে। সম্প্ৰতি উপাদন নিতৌ ১৫০০ মেট্ৰিক টনৰ পৰা বাঢ়ি দৈনিক ২২০০ মেট্ৰিক টন হ'লগৈ। ইয়াৰ পৰিণাম স্বৰূপে সুফলাৰ উপাদনত আগষ্ট ২০১৯ৰ তুলনাত আগষ্ট ২০২০ত ১৭ .৩ শতাংশৰ বৃদ্ধি পৰিলক্ষিত হৈছে।

 

কোভিড-১৯ মহামাৰীৰ বৰ্তমানৰ পৰিস্থিতিত উপাদন আৰু যোগান শৃংখলা প্ৰবন্ধনসহ দৈনন্দিন কাম-কাজত বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হোৱা সত্বেও আৰচিএফে আগষ্ট ২০১৯ৰ তুলনাত আগষ্ট ২০২০ৰ সময়ত নিজৰ সাৰ বিক্ৰীৰ ক্ষেত্ৰতো ১০.৮১ শতাংশৰ বৃদ্ধি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

 

******

 

RCJ/RKM



(Release ID: 1653192) Visitor Counter : 125