ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

আগষ্ট ২০২০ত অভিলেখ ৮.৩ কোটি টকা পৰিমাণৰ ফেনিয়ল উত্পাদন কৰিলে ‘বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিউটিকেলছ

প্ৰতিষ্ঠানটোৰ ১২০বছৰীয়া ইতিহাসত এই পৰিমাণ সৰ্বাধিক আছিল

শেহতীয়া ৪ বছৰত প্ৰতিষ্ঠানটোৰ লাভৰ হাৰো ৪শতাংশৰ পৰা ৩০শতাংশলৈ বৃদ্ধি পাইছে

পোষ্ট কৰা হৈছে: 09 SEP 2020 5:32PM by PIB Guwahati

আগষ্ট ২০২০ত অভিলেখ ৮.৩ কোটি টকা পৰিমাণৰ ফেনিয়ল উত্পাদন কৰিলে ‘বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড’-য়ে। প্ৰতিষ্ঠানটোৰ ১২০বছৰীয়া ইতিহাসত এই পৰিমাণ সৰ্বাধিক আছিল।

 

 

‘বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড’ ভাৰত চৰকাৰৰ ‘ৰসায়ণ আৰু সাৰ মন্ত্ৰালয়’ৰ অধীনস্থ এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান।

উত্পাদনৰ ক্ষেত্ৰত এই বিৰল সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বাবে কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ বিভাগৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক গোটৰ লগতে কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে।

ইফালে, প্ৰতিষ্ঠানটোৱে চলিত ছেপ্টেম্বৰ মাহত ১০ কোটি টকাৰ সামগ্ৰী উত্পাদন কৰাৰ বাবে প্ৰয়াসৰত হৈ আছে বুলি তথ্য দাঙি ধৰিছে বিত্ত তথা পৰিচালন সঞ্চালক পি এম চন্দ্ৰাইয়াই।

‘বেংগল কেমিকেলছ’ৰ ‘লাইফ-লাইন’ উত্পাদন হিচাপে পৰিগণিত ‘লেম্প ব্ৰেণ্ড ফেনিয়ল’-ৰ উত্পাদন প্ৰতিষ্ঠানটোৰ পানীহাটী কাৰখানাত কৰা হয়।

ক’ভিড-১৯য়ে সৃষ্টি কৰা মহা সংকটৰ মাজতো প্ৰতিষ্ঠানটোৱে উত্পাদন তথা ইয়াৰ লাভ আহৰণ প্ৰক্ৰিয়া বাহাল তবিয়তে অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল। বৰঞ্চ ক’ভিড-১৯ৰ সময়চোৱাত বাঢ়ি অহা চাহিদা পূৰণৰ বাবে প্ৰতিষ্ঠানটোৱে পানীহাটী কাৰখানাত এদিনতে ৫১,৯৬০ বটল ফেনিয়ল উপাদনৰ অভিলেখ ৰচনা কৰিছিল।

‘বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড’ দেশৰ প্ৰথমটো ফাৰ্মা প্ৰতিষ্ঠান যিয়ে ঘৰুৱা ব্যৱহাৰযোগ্য বহুকেইটা সামগ্ৰীৰ লগতে ঔদ্যোগিক সামগ্ৰীৰ উত্পাদন কৰি আহিছে।

 

*****

 

RCJ/RKM/KB


(ৰিলিজ আই ডি : 1652909) অতিথি কক্ষ : 199
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Telugu