যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

‘ডব্লিউএডএ’-ৰ সভাপতিৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ অনলাইন আলোচনা, ক্ৰীড়াক্ষেত্ৰক নিকা কৰাৰ ক্ষেত্ৰত দোহাৰিলে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা

Posted On: 09 SEP 2020 6:24PM by PIB Guwahati

ৱৰ্ল্ড এণ্টি ডপিং এজেন্সী (ডব্লিউএডএ)-ৰ সভাপতি শ্ৰী উইটল্ড বাংকাৰে যোৱা ৮ ছেপ্টেম্বৰ ২০২০ত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে এক অনলাইন আলোচনাত মিলিত হয়। আলোচনাকালত মন্ত্ৰীগৰাকীয়ে ক্ৰীড়াক্ষেত্ৰক নিকা কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। এই সন্দৰ্ভত মন্তব্য কৰি শ্ৰী ৰিজিজুয়ে কয়, বিগত বহু বছৰ ধৰি ক্ৰীড়াক্ষেত্ৰক নিকা কৰাৰ বাবে মই কাম কৰি আহিছো আৰু এতিয়া দেশৰ ক্ৰীড়া মন্ত্ৰী হিচাপে সেই দায়বদ্ধতা আৰু অধিক শক্তিশালীহে হৈ উঠিছে। মোৰ মন্ত্ৰালয়ে ক্ৰীড়াক্ষেত্ৰক নিকা কৰি তোলাৰ প্ৰসংগক গুৰুত্ব প্ৰদান কৰি অহাৰ কথা জনাবলৈ পাই মই সুখ অনুভৱ কৰিছো আৰু পৃথিৱীৰ প্ৰেক্ষাপটতো ক্ৰীড়াজগতক নিকা কৰাৰ বাবে ডব্লিউএডএ-ক সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত আমি আমাৰ দায়বদ্ধতা স্বীকাৰ কৰিছো

 

 

আলোচনা কালত মন্ত্ৰীগৰাকীয়ে ডব্লিউএডএ-ৰ বিধি-নিৰ্দেশনাৱলীৰ আধাৰত ডপ পৰীক্ষণ কৰিব পৰাকৈ দেশৰ ৰাষ্ট্ৰীয় ডপ পৰীক্ষণ পৰীক্ষাগাৰ(এনডিটিএল) সাজু থকাৰ কথা জানিবলৈ দিয়ে। প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰি কয় যে, এনডিটিএল-য়ে গ্ৰহণ কৰা ৪৭টা শুধৰণিমূলক পদক্ষেপ সম্পৰ্কীয় প্ৰতিৱেদন ইতিমধ্যে ডব্লিউএডএ-লৈ প্ৰেৰণ কৰা হৈছে আৰু ডব্লিউএডএ-ৰ কা্যবাহী পৰিষদে গ্ৰহণ কৰা আৰু পৰিষদৰ সভাপতিয়ে প্ৰেৰণ কৰা ১৩টা সিদ্ধান্তৰ আধাৰত যুগুতোৱা প্ৰতিৱেদনো এনডিটিএল-ৰ তৰফৰ পৰা দাখিল কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ জৰিয়তে এনডিটিএল-য়ে ডব্লিউএডএ-ই ধাৰ্য কৰা প্ৰতিটো বিধি-নিয়মকে পালনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰী ৰিজিজুয়ে ইয়াৰ পৰিপ্ৰেক্ষিততে এনডিটিএল-ৰ কামকাজ স্থগিত ৰখাৰ বাবে ডব্লিউএডএ-ৰ নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সভাপতিগৰাকীক অনুৰোধ জনায়। উল্লেখ্য যে, এনডিটিএল-ৰ কামকাজ স্থগিত ৰখাৰ বাবে ২০১৯চনৰ ২০আগষ্টত ডব্লিউএডএ-ই নিষেধাজ্ঞা জাৰি কৰিছিল।

 

 

ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে এনডিটিএল পৰিদৰ্শনৰ বাবে ডব্লিউএডএ-ৰ দলক ভাৰতলৈ অহাৰ বাবে আমন্ত্ৰণো জনায়। তেওঁ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ব্যৱস্থাসমূহ পুনৰ স্থাপিত হলেই দলটোক ভাৰতলৈ আহি বিধিগত ভাবে এনডিটিএল-ৰ কামকাজসমূহ হৈ উঠিছেনে নাই নিশ্চিত কৰিবলৈ আহ্বান জনাই আৰু কিবা কৰণীয় থাকিলে সেয়া সম্পূৰ্ণ কৰিবলৈ সাজু থকাৰ কথা অৱগত কৰে।



(Release ID: 1652907) Visitor Counter : 89


Read this release in: English , Urdu , Hindi , Punjabi