পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ অধীনত ঘাইপথ মন্ত্ৰালয়ক ১০,০০০ কোটিতকৈ অধিক টকা মুকলি কৰি দিয়া হৈছে; অতিৰিক্ত ২,৫০০ কোটি টকা মুকলি কৰি দিয়াৰ কাম চলি আছে

Posted On: 09 SEP 2020 2:04PM by PIB Guwahati

ক’ভিড-১৯ৰ সময়ত আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক অভিলাষী আঁচনিৰ অধীনত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এক সৰল প্ৰক্ৰিয়াৰ জৰিয়তে ১০,৩৩৯ কোটি টকা মুকলি কৰি দিছে৷ তদুপৰি, অতিৰিক্ত ২,৪৭৫ কোটি টকা শীঘ্ৰে মুকলি কৰি দিয়া হ’ব৷

কেন্দ্রীয় চৰকাৰে ব্যৱসায়ৰ পৰিৱেশ সহজ কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা গ্ৰহণৰ জৰিয়তে দেশজুৰি উন্নতমানৰ আন্তঃগাঁথনি গঢ় দি সকলোৰে আস্থা বুটলিবলৈ সক্ষম হৈছে৷ আত্মনির্ভৰ ভাৰত অভিযানৰ জৰিয়তে ঠিকাদাৰৰ দেনা প্ৰতি মাহত মুকলি কৰি দিয়া হৈছে৷ ইয়াৰ ফলত দেশজুৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কাম সঠিক সময়ত সম্পূৰ্ণ হৈছে৷

মন্ত্ৰালয়ে ঠিকাদাৰসকলক ক’ভিড-১৯ মহামাৰীৰ বাবে বিভিন্ন ধৰণৰ আর্থিক সুবিধাৰ ব্যৱস্থা কৰিছে৷ সুনিশ্চিত পাৰদৰ্শিতাৰ বাবদ ১,১৫৫টা প্ৰকল্পৰ অধীনত ১,২৫৩খন আৱেদন বিবেচনা কৰি ৩,৫২৭ কোটি টকা ইতিমধ্যে প্ৰদান কৰা হৈছে৷ ইয়াৰ বাবে ১৮৯ কোটি টকা প্ৰদান কৰা হ’ব৷ অনুসূচী-এইচৰ অধীনত ঠিকাদাৰসকলে প্ৰতিমাহে যি ধন লাভ কৰে সেই ক্ষেত্রত নিয়মৰ কেতবোৰ ৰেহাই প্ৰদান কৰা হৈছে৷ ৭৮৪টা প্ৰকল্পৰ বাবে ৮৬৩খন আৱেদন বিবেচনা কৰে ইতিমধ্যেই ৬,৫২৬ কোটি টকা প্ৰদান কৰা হৈছে৷ ২,২৪১ কোটি টকা মুকলি কৰি দিয়াৰ কাম চলি আছে৷

এছক্ৰ’ একাউণ্টৰ জৰিয়তে উপ-ঠিকাদাৰসকলক পোনপটীয়াকে ধন প্ৰদানৰ যি প্ৰক্রিয়া আছে, তাৰ জৰিয়তে ১৯টা প্ৰকল্পৰ বাবে ২১খন আৱেদন বিবেচনা কৰা হৈছে৷ উপ-ঠিকাদাৰসকলে ২৪১ কোটি টকা লাভ কৰাৰ লগতে অতিৰিক্ত ২৭ কোটি টকা মুকলি কৰি দিয়াৰ প্ৰক্রিয়া চলি আছে৷

ক’ভিড-১৯ মহামাৰীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহৰ চুক্তি অনুসৰি টোল সংগ্ৰহৰ ক্ষেত্রত যি ক্ষতি হৈছে তাৰবাবে প্রাপ্য ধন মুকলি কৰি দিয়াৰ প্ৰক্রিয়াও চলি আছে৷ মন্ত্ৰালয়ে ঠিকাদাৰসকলৰ বকেয়া মুকলি কৰি দিয়াৰ ক্ষেত্ৰত বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ ইয়াৰ বাবে বাবে বিভিন্ন গোছৰৰ ভিতৰত ৪৭টা গোছৰৰ ১৪,২৪৮ কোটি টকাৰ মীমাংসা হৈছে৷ বাকী ৫৯টা গোছৰৰ সন্দৰ্ভত আলোচনা হৈ আছে৷ এই প্ৰক্রিয়া সম্পন্ন কৰাৰ বাবে স্বতন্ত্ৰ বিশেষজ্ঞসকলক লৈ এখন সমিতি গঠন কৰা হয়৷

***

RCJ/MS/DB



(Release ID: 1652872) Visitor Counter : 163