হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

হাৰিয়ানাৰ আটাইকেইখন স্থানীয় নগৰ নিকায় মুকলিত মলত্যাগ মুক্ত অঞ্চল(অ’ডিএফ) হিচাপে পৰিগণিত হৈছে, ২১খন স্থানীয় নগৰ নিকায় অ’ডিএফ+ আৰু ১৩খন স্থানীয় নগৰ নিকায় অ’ডিএফ++

চণ্ডীগড়ত ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰ কাম ১০০ শতাংশ সম্পূৰ্ণ; লগতে অ’ডিএফ++ আৰু ৩ ষ্টাৰ(জিএফচি)ৰ প্ৰমাণ পত্ৰ লাভ

চণ্ডীগডে সম্প্ৰতি উৎপন্ন হোৱা ৪৮২ টিডিপি আৱৰ্জনাৰ ৯১ শতাংশ প্ৰচেছিং কৰি আছে

Posted On: 08 SEP 2020 4:52PM by PIB Guwahati

আৱাস আৰু নগৰীয়া পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই কৈছে যে হাৰিয়ানাৰ সকলো স্থানীয় নগৰ নিকায় মুকলিত মলত্যাগ মুক্ত অঞ্চল(অডিএফ)হিচাপে পৰিগণিত হৈছে। ইয়াৰে ২১ স্থানীয় নগৰ নিকায়ে অডিএফ+ আৰু ১৩ স্থানীয় নগৰ নিকায়ে অডিএফ++ৰ স্বীকৃতি লাভ কৰিছে।    পঞ্জাৱৰ সকলো চহৰ অডিএফ প্ৰমাণিত হৈছে। ইয়াৰে ৩৩খন হল অডিএফ+ আৰু ১৭খন হল অডিএফ++। একেদৰে, চণ্ডীগড় অডিএফ++ আৰু ৩ষ্টাৰ(জিএফচি) হিচাপে চিহ্নিত হৈছে। পঞ্জাব, হাৰিয়ানা আৰু চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ জেষ্ঠ বিষয়ববীয়াৰ সৈতে হোৱা এক অনলাইন পৰ্যালোচনা বৈঠকত আৱাস আৰু নগৰীয়া পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক আহ্বান জনায় যে তেওঁলোকে যাতে সকলো স্থানীয় নগৰ নিকায়ক অডিএফ+, অডিএফ++ পৰ্যায়লৈ উন্নীত কৰে আৰু আৱৰ্জনা মুক্ত চহৰ হিচাপে গঢ়ি তোলাত আগভাগ লয়।

হাৰিয়ানা ৰাজ্যই ৭১,০০০ ইউনিট লক্ষ্যৰ বিপৰীতে ৬৫,৮২৯(৯৩শতাংশ) আইএইচএইচএল নিৰ্মাণ কৰিছে আৰু ১০,৩৯৪খন আসনৰ লক্ষ্যৰ বিপৰীতে ১১,৩৭৪খন চিটি/পিটি নিৰ্মাণ কৰিছে। চণ্ডীগড়ে ৬,১১৭ আইএইচএইচএলৰ লক্ষ্যত উপনীত হৈছে আৰু ২,৪২৩ চিটি/পিটি আসন নিৰ্মাণ কৰিছে।

 

চণ্ডীগড়ে সম্প্ৰতি উৎপন্ন হোৱা ৪৮২ টিপিডিৰ ৯১ শতাংশ প্ৰচেছিং কৰি আছে। একেদৰে, হাৰিয়ানাই উৎপন্ন হোৱা ৪,৮৯৫ টিপিডিৰ ৫০ শতাংশ প্ৰচেছিং কৰি আছে।

ইফালে, পঞ্জাব আৰু হাৰিয়ানাই ঘৰে-ঘৰে আৱৰ্জনা সংগ্ৰহৰ ক্ষেত্ৰত ক্ৰমে ৯৭ শতাংশ আৰু ৯৪ শতাংশ লক্ষ্যত উপনীত হৈছে। চণ্ডীগড়ে এই ক্ষেত্ৰত ১০০শতাংশ লক্ষ্য প্ৰাপ্তি কৰিবলৈ সক্ষম হৈছে।

******

RJ/NG/DM/MS



(Release ID: 1652511) Visitor Counter : 114