বিত্ত মন্ত্ৰালয়

হিমাচল প্ৰদেশৰ ৰাজ্যিক পথ ৰূপান্তৰ প্ৰকল্প ৰূপায়ণৰ বাবে ভাৰত চৰকাৰ, হিমাচলপ্ৰদেশ চৰকাৰ আৰু বিশ্ব বেংকৰ মাজত ৮২ মিলিয়ন মাৰ্কিন ডলাৰ ঋণৰ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ

Posted On: 07 SEP 2020 5:31PM by PIB Guwahati

হিমাচল প্ৰদেশৰ ৰাজ্যিক পথ ৰূপান্তৰ প্ৰকল্প ৰূপায়ণৰ বাবে ভাৰত চৰকাৰ, হিমাচলপ্ৰদেশ চৰকাৰ আৰু বিশ্ব বেংকৰ মাজত ৮২ মিলিয়ন মাৰ্কিন ডলাৰ ঋণৰ এক ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হয়, যাৰ দ্বাৰা হিমাচল প্ৰদেশৰ পথৰ সমস্যা, সুৰক্ষা, সহনশীলতা আৰু অভিযান্ত্ৰিক দিশৰ মান উন্নত কৰি ৰাজ্যখনৰ পৰিবহণ আৰু পথৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিব৷

হিমাচল প্ৰদেশ ৰাজ্যিক পথ ৰূপান্তৰ প্ৰকল্প জলবায়ু আৰু দুৰ্যোগ সহনশীলতা দিশত পথ নিৰ্মাণ কৰা, হিমাচলত পৰ্যটন কৰিডৰৰ লগতে পথ সুৰক্ষাত সংস্কাৰ সাধন কৰা, ফ্ৰুট বেল্টত লজিষ্টিক বৃদ্ধি কৰা আৰু উন্নত পথৰ সুনিশ্চিত কৰাৰ বাবে এক দায়িত্বশীল কৰ্পৰেট সম্পদ সৃষ্টি কৰাৰ বাবে চৰকাৰৰ আঁচনিসমূহত সহায় কৰাৰ দিশত এই পুঁজি ব্যৱহাৰ কৰা হব৷ এই প্ৰকল্পৰ পৰিচালনাৰ দায়িত্ব তৃতীয় পক্ষ হিচাপে মহিলাকেন্দ্ৰিক আত্মসহায়ক গোটসমূহক প্ৰদান কৰা হব৷

বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব সমীৰ কুমাৰ খাৰে কয় যে যিকোনো অঞ্চল এটাৰ অৰ্থনৈতিক বিকাশ পথৰ আন্তঃগাঁথনিৰ সৈতে যুক্ত হৈ থাকে৷ হিমাচল প্ৰদেশৰ পাহাৰসমূহ উদ্যান শস্যৰে সমৃদ্ধ আৰু ইয়াৰ পৰ্যটনৰ ব্যাপক সম্ভাৱনীয়তা আছে, সেইবাবে এক উন্নত, জলবায়ু সহনশীল আৰু সুৰক্ষিত পথৰ অতি প্ৰয়োজন৷ এই প্ৰকল্পই ৰাজ্যখনত বিশ্বস্ত, সহনশীল আৰু সুৰক্ষিত পথ নিৰ্মাণত সহায় কৰিব আৰু ই ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

এই ঋণ চুক্তি ভাৰত চৰকাৰৰ হৈ সমীৰ কুমাৰ খাৰে আৰু বিশ্ব বেংকৰ হৈ ভাৰতৰ সঞ্চালক জুনাইড কমল আহমেদে স্বাক্ষৰ কৰে৷ ইফালে, প্ৰকল্পত স্বাক্ষৰ কৰে হিমাচল প্ৰদেশৰ পিডব্লিউডি বিভাগ মুখ্য সচিব জগদীশ চন্দাৰ শৰ্মা আৰু বিশ্ব বেংকৰ ভাৰতৰ সঞ্চালক জুনাইড আহমেদে৷

উল্লেখ্য যে আইবিআৰডিৰ পৰা লাভ কৰা ৮২ মিলিয়ন মাৰ্কিন ডলাৰৰ এই ঋণৰ ম্যাদ ১৫ বছৰ৷

 

****

RM/KMN/DB



(Release ID: 1652195) Visitor Counter : 108