জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
কেন্দ্ৰীয় আদিবাসী বিষয়ক মন্ত্ৰালয় আৰু ইণ্ডিয়ান ইন্সটিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেশ্যনেৰ (আইআইপিএ) যৌথ উদ্যোগত ভাৰ্চুৱেল মাধ্যমত আয়োজিত দুদিনীয়া 'নেশ্যনেল ট্ৰাইবেল ৰিচাৰ্চ কনক্লেভ' সম্পন্ন
TRIs/ CoES ৰ দ্বাৰা গ্ৰাম্য পৰ্যায়ৰ জীৱিকা পৰিকাঠামো উন্নয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ মন্ত্ৰী মুণ্ডাৰ
Posted On:
05 SEP 2020 2:28PM by PIB Guwahati
কেন্দ্ৰীয় আদিবাসী বিষয়ক মন্ত্ৰালয় আৰু ইণ্ডিয়ান ইন্সটিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ(আইআইপিএ) যৌথ উদ্যোগত ভাৰ্চুৱেল মাধ্যমত আয়োজিত দুদিনীয়া 'নেশ্যনেল ট্ৰাইবেল ৰিচাৰ্ছ কনক্লেভ'ৰ সামৰণি পৰিছে। বিগত ৩ আৰু ৪ ছেপ্টেম্বৰত অনুষ্ঠিত হয় এই কলক্লেভ। এই কনক্লেভত সভাপতিত্ব কৰে কেন্দ্ৰীয় আদিবাসী বিষয়ক মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই। মন্ত্ৰীগৰাকীয়ে ট্ৰাইবেল ৰিচাৰ্ছ ইন্সটিটিউট (টিআৰআইএছ) বোৰৰ উপৰিও অন্যান্য সংশ্লিষ্ট পক্ষৰ অধীনত চলা বিভিন্ন গৱেষণামূলক প্ৰকল্পৰ অগ্ৰগতি খতিয়ানো লয়। ৰাজ্যৰ আদিবাসী কল্যাণ মন্ত্ৰী,ৰাজ্যৰ আদিবাসী কল্যাণ সচিব, টিআৰআইসমূহৰ সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু মন্ত্ৰালয়ৰ বিষয়াবৰ্গ আৰু আইআইপিৰ প্ৰতিনিধিসহ ১২০ জন লোকে এই কনক্লেভত অংশগ্ৰহণ কৰে। আদিবাসী গৱেষণা আৰু উন্নয়ন বিষয়ত তেওঁলোকে নিজ নিজ মতামত প্ৰকাশ কৰে।
কেন্দ্ৰীয় আদিবাসী বিষয়ক মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই মন্ত্ৰালয়ৰ সৈতে জড়িত সংশ্লিষ্ট সকলো পক্ষ আৰু অংশীদাৰসকলে গ্ৰহণ কৰা একাধিক উদ্যোগৰো প্ৰশংসা কৰে। তেওঁ ঘোষণা কৰে যে নতুন দিল্লীৰ আই আই পি এ কেম্পাছত নেশ্যনেল ইন্সটিটিউট অৱ ট্ৰাইবেল ৰিচাৰ্ছৰ শাখা খুলিবলৈ, কেন্দ্ৰীয় আদিবাসী বিষয়ক মন্ত্ৰালয় আৰু ইণ্ডিয়ান ইন্সটিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ মাধ্যমেৰে আদিবাসী ৰিচাৰ্ছ ইন্সটিটিউটবোৰৰ ভিতৰত সমন্বয় গঢ়ি উঠিব আৰু দেশৰ আদিবাসী অধ্যুষিত অঞ্চলবোৰৰ উন্নয়নৰ পৰিকল্পনা নিৰ্ধাৰণ কৰিবলৈ ই যথেষ্ট সহায়ক হ’ব।
তেওঁ কয়, লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল হোৱা বাবে, সেই অঞ্চলৰ ওপৰত বিশেষ নজৰ দিয়া হ’ব। লাডাখৰ প্ৰকল্প আৰু কাৰ্যসূচীবোৰ ৰূপায়ণতো জোৰ দিব লাগিব। শ্ৰী মুণ্ডাই লগতে কয়, এই অঞ্চলৰ প্ৰকল্পবোৰ ৰূপায়ণ কৰিবলৈ আমি সকলোৱেই অংশীদাৰী সংস্থাবোৰৰ যৌথ উদ্যোগৰ সমান্তৰালকৈ সেই অঞ্চলৰ লোকসকলৰ অংশগ্ৰহণ অত্যন্ত প্ৰয়োজন। সমগ্ৰ দেশৰ সমূখত সেয়া ইতিবাচক উদাহৰণ হিচাপে উদ্ভাসিত হৈ পৰিব।
শ্ৰী মুণ্ডাই লগতে কয়, টিআৰআইএছ/চিঅ’ইএছৰ নিৰ্ধাৰিত পৰিকাঠামো অনুযায়ী গ্ৰামীণ স্তৰত জীৱিকা উন্নয়নৰ ওপৰত বিশেষ জোৰ দিব লাগিব। ইয়াৰ মাধ্যমেৰে গ্ৰামাঞ্চলৰ লোকসকল বিশ্বৰ চাহিদা সম্পৰ্কে অবগত হ’ব। তাৰ সমান্তৰালকৈ তেওঁলোকক ই-কমাৰ্চৰ প্ৰশিক্ষণ ব্যৱস্থা কৰা, ব্ৰেণ্ড ব্যৱস্থাপনা আৰু উৎপাদিত পণ্যৰ বাণিজ্যিকৰণ সন্দৰ্ভত অৱগত কৰিব লাগিব। ইয়াৰ মাধ্যমেৰে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ উদ্যোগ "আত্মনিৰ্ভৰ ভাৰত" আৰু "ভোকেল ফৰ লোকেল" প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব। তেওঁ আদিবাসী অধ্যুষিত গাওঁবোৰৰ তৃণমূল স্তৰৰ উন্নয়ণৰ ওপৰ গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, জীৱ বৈচিত্ৰ ব্যৱস্থাপনাও এই সময়ৰ গুৰুত্বপূৰ্ণ চাহিদা।
কৰ্নাটকৰ আদিবাসী কল্যাণ মন্ত্ৰী শ্ৰী গোবিন্দ এম কাজল, তেলেঙ্গানাৰ আদিবাসী কল্যাণ মন্ত্ৰী শ্ৰীমতী সত্যৱতী ৰাথোড়, অৰুণাচল প্ৰদেশৰ মন্ত্ৰী শ্ৰী অলো লিবাঙ্গ এইচএমে কেন্দ্ৰীয় আদিবাসী বিষয়ক মন্ত্ৰালয়ৰ এই উদ্যোগক স্বাগতম জনায় আৰু তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ নিৰ্দিষ্ট চাহিদাবোৰ তুলি ধৰে।
আদিবাসী বিষয়ক মন্ত্ৰালয়ে ২৬ খন ট্ৰাইবেল ৰিচাৰ্ছ ইন্সটিটিউটক গৱেষণাৰ কামৰ বাবে অৰ্থ সাহায্য আগবঢ়ায়। তাৰ সমান্তৰালকৈ চৰকাৰী আৰু বেচৰকাৰী বহু প্ৰতিষ্ঠানক গৱেষণাৰ কামত নিয়োগ কৰে। আদিবাসী বিষয়ক মন্ত্ৰালয়ৰ সচিব শ্ৰী দীপক খণ্ডকাৰে কয়, মন্ত্ৰালয় আৰু অংশীদাৰী সংস্থাবোৰে যৌথভাৱে মডেল প্ৰস্তুত কৰি সকলো ধৰণৰ সমস্যা সমাধানৰ বাবে গৱেষণা কৰি আছে। মন্ত্ৰালয়ৰ যুটীয়া সচিব ড: নভলজিৎ কাপুৰে বিগত এবছৰত গ্ৰহণ কৰা ৩০টা প্ৰকল্পৰ বিষয় তুলি ধৰে।
আইআইপিএৰ সঞ্চালক প্ৰধান ড: এছ এন ত্ৰিপাঠি আৰু মুখ্য কাৰ্যবাহী বিষয়া ড:নূপুৰ তিৱাৰীয়ে "ট্ৰাইবেল টেলেন্ট পুল"ৰ বিষয়ে বক্তব্য দাঙি ধৰে। ট্ৰাইবেল ৰিচাৰ্ছ ইন্সটিটিউটবোৰক শক্তিশালী কৰিবলৈ কি পদক্ষেপ কৰা হৈছে সেই বিষয়ে তেওঁলোকে অৱগত কৰে। আইআইপি কেম্পাচত নেশ্যনেল ট্ৰাইবেল ৰিচাৰ্ছ ইন্সটিটিউট গঢ়ি উঠিলে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়া হয়।
চিইডিএৰ প্ৰতিনিধি শ্ৰী আশুতোষ মৌৰ্যই প্ৰমাণ সহকাৰে ডাটা পৰিকল্পনাৰ গুৰুত্ব ব্যাখা কৰে। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ কান্ত আৰু নীতি আয়োগৰ সদস্য শ্ৰী ৰমেশ চান্দে সম্প্ৰতি "এমপাওয়াৰিং ট্ৰাইবেলছ-ট্ৰান্সফৰ্মিং ইণ্ডিয়া" নামেৰে এক পোৰ্টেলৰো সূচনা কৰিছে।
বিগত ১৭ আগষ্টত শ্ৰী অৰ্জুন মুণ্ডাই মুকলি কৰা স্বাস্থ্য পোৰ্টেলৰ (swasthya.tribal.gov,in) বিভিন্ন দিশ তুলি ধৰে পিৰামল ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী পাৰ্ছনাছিছে। এই পোৰ্টেলত ১৭৭ খন জিলাৰ আদিবাসীসকলৰ স্বাস্থ্য আৰু পুষ্টি সংক্ৰান্তীয় বিষয়ক বিভিন্ন তথ্য আছে।
ই এণ্ড ৱাইৰ প্ৰতিনিধি শ্ৰী ভিভান্ত প্ৰসাদে HIPOD ৰ বিষয়ে জনায়, আনহাতে এছোচেমৰ প্ৰতিনিধি শ্ৰীমতী মীনাক্ষী শৰ্মাইয়ো বিভিন্ন শিল্পদ্যোগৰ বিষয়ে অৱগত কৰে। আদিবাসীসকলৰ উৎপাদন কিদৰে ব্যৱহাৰ কৰা হয় সেয়া তেওঁ তুলি ধৰে।
আদিবাসী বিষয়ক মন্ত্ৰালয়ে লাডাখ অঞ্চলৰ গ্ৰামাঞ্চলৰ জীৱন জীৱিকাৰ উন্নয়নত উদ্যোগ গ্ৰহণ কৰিছে। এই উদ্যোগক সফল কৰিবলৈ ছাম উপত্যাকা আৰু থাৰু উপত্যাকাৰ ৩১ খন গাওঁত যি কাম চলি আছে সেয়া বাখ্যা কৰে টাটা ট্ৰাষ্টৰ প্ৰতিনিধি শ্ৰীমতী অমৃতা পটবৰ্ধনে। ছেকমলৰ প্ৰতিনিধি শ্ৰীমতী গীতাঞ্জলীয়ে কেনেদৰে ধ্বংস হৈ যোৱা গাওঁবোৰ পুনৰ বাসযোগ্য কৰি তোলাৰ প্ৰয়াস চলিছে সেই কথা ব্যাখা কৰে।
ওড়িশাৰ ট্ৰাইবেল ৰিচাৰ্ছ ইনষ্টিটিউটৰ সঞ্চালক শ্ৰী এ বি ওটা আৰু টেকনিকেল নিৰ্দেশক শ্ৰী সুৰিন্দৰ কুমাৰে আসন্ন "ট্ৰাইবেল ডিজিটেল ডকুমেন্ট ৰিপচিটাৰি"ৰ নানা বৈশিষ্ট তুলি ধৰে।
আদিবাসী অধ্যুষিত অঞ্চল পেয় জলৰ সমস্যা সমাধানৰ বাবে AUNDP ইণ্ডিয়াই কি প্ৰয়াস গ্ৰহণ কৰিছে সেই বিষয়ে শ্ৰী সুশীল চৌধুৰীয়ে অৱগত কৰে। শুকাই যোৱা ১০০০ টা নিজৰাক পুনৰায় সক্ৰিয় কৰি তোলাৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।
VVKI ৰ প্ৰতিনিধি শ্ৰী প্ৰসন্ন প্ৰভু আৰু আৰ্ট অৱ লিভিংৰ প্ৰতিনিধি ড: প্ৰভাকৰ ৰাও ,আদিবাসী বিষয়ক মন্ত্ৰালয়ৰ সৈতে যৌথ উদ্যোগত গ্ৰহণ কৰা প্ৰকল্পবোৰ তুলি ধৰে
দিশা ফাউণ্ডেশনৰ শ্ৰীমতী অঞ্জলি বুৰহাদে প্ৰব্ৰজনকাৰী আদিবাসীসকলৰ ক্ষমতায়নৰ বিষয়ে তেওঁলোকে গ্ৰহণ কৰা প্ৰকল্পৰ কথা ব্যাখা কৰে।
*****
NB/SK/MoTA
(Release ID: 1651717)
Visitor Counter : 185