ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লৱেই অহা ১৫ ডিচেম্বৰ ২০২০ ৰ পৰা জাননীকৃত খালীপদৰ বাবে আৰম্ভ কৰিব কম্পিউটাৰাইজড পৰীক্ষা

Posted On: 05 SEP 2020 6:59PM by PIB Guwahati

ভাৰতীয় ৰে’লৱেই অহা ১৫ ডিচেম্বৰৰ পৰা ঘোষিত আৰু তালিকাভুক্ত শূন্যপদবোৰ পূৰণৰ বাবে কম্পিউটাৰভিত্তিক পৰীক্ষা ব্যৱস্থা আৰম্ভ কৰিব।

ভাৰতীয় ৰে’লৱেই, ৩ ধৰণৰ খালী পদ ঘোষণা কৰিছিল। গাৰ্ড, অফিছ ক্লাৰ্ক, কৰ্মাৰ্ছিয়েল ক্লাৰ্ক আদিৰ উপৰিও নন-টেকনিকেল পপুলাৰ কেটেগ’ৰী (এনটিপিচি) – ৰ বাবে ৩৫২০৮ট পদ, ষ্টেনো আৰু অন্যান্য বিভিন্ন সকলৰ বাবে মন্ত্ৰালয়ৰ আৰু পৃথক পৃথক ক্ষেত্ৰত ১৬৬৩ টা পদ আৰু ৰে’ল লাইনৰ ৰক্ষণাবেক্ষণ পইন্টছমেন আদিৰ লেভেল ৱানৰ বাবে ১ লাখ ৩৭৬৯ টা পদত নিযুক্তি দিয়া হ’ব। এই খালীপদবোৰৰ বাবে ৰে’লৱে ৰিক্ৰুইটমেন্ট বোৰ্ডবোৰত ২ কোটি ৪০ লাখৰো অধিক আবেদন পত্ৰ দাখিল হৈছে। এই পদবোৰৰ বাবে কম্পিউটাৰভিত্তিক পৰীক্ষাক’ভিড – ১৯ মহামাৰী আৰু তাৰ ফলশ্ৰুতিত লকডাউন জাৰি হোৱাৰ বাবে পিছুৱাই দিয়া হৈছে।

আবেদনবোৰৰ স্ক্ৰুটিনি বা পৰীক্ষা – নিৰীক্ষাৰ কাম শেষ হৈছে। কিন্তু ক’ভিডৰ কাৰণে বিভিন্ন নিষেধাজ্ঞাৰ ফলত পৰীক্ষা সংক্ৰান্তীয় পদ্ধতি আৰম্ভ কৰিব পৰা হোৱা নাই।

ৰে’লৱে ৰিক্ৰুইটমেন্ট ব’ৰ্ডে সমগ্ৰ ঘোষিত খালী পদসমূহৰ বাবে কম্পিউটাৰভিত্তিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দায়বদ্ধ। মহামাৰীৰ কাৰণে সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত তেওঁলোকে প্ৰতিমুহূৰ্ততে পৰ্যালোচনা কৰিছে। এতিয়া আইআইটিবোৰৰ বাবে যৌথ প্ৰৱেশ পৰীক্ষা আৰু নীট পৰীক্ষা আয়োজন কৰাই তাৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে, ক’ভিড মহামাৰীৰ কাৰণে যিবোৰ পৰীক্ষা প্ৰক্ৰিয়া বন্ধ হৈ আছিল, ৰে’লৱেই এতিয়া সেয়া আৰম্ভ কৰিব পাৰে।

পৰীক্ষা আয়োজন কৰাৰ বাবে বিশেষ পৰিচালন প্ৰক্ৰিয়াও সৃষ্টি কৰা হৈছে। শাৰীৰিক দূৰত্বসহ অন্যান্য নিয়ম কানুন মানি এই পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব। বিভিন্ন কেন্দ্ৰীয় চৰকাৰী দপ্তৰ আৰু ৰাজ্য প্ৰশাসনে প্ৰাৰ্থীসকলৰ নিৰাপত্তাৰ দিশটোও বিবেচনা কৰি এই পদ্ধতি মানি চলিছে।

ৰে’লৱেই, এতিয়া প্ৰস্তাৱ দিছে যে আগন্তুক ১৫ ডিচেম্বৰৰ পৰা প্ৰথম পৰ্যায়ৰ অনলাইন কম্পিউটাৰভিত্তিক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ কামো আৰম্ভ হৈছে।

*****

 

DJN/MK/RD



(Release ID: 1651716) Visitor Counter : 455