পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

FASTagৰ জৰিয়তে ডিজিটেল আৰু আইটি ভিত্তিক মাচুল প্ৰদানৰ প্ৰচাৰ

Posted On: 03 SEP 2020 5:25PM by PIB Guwahati

পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে ১ডিচেম্বৰ,২০১৭ৰ পূৰ্বে বিক্ৰী হোৱা পুৰণি যান-বাহনৰ বাবে FASTag বাধ্যতামূলক কৰাৰ সন্দৰ্ভত অংশীদাৰসকলৰ পৰা মতামত আৰু পৰামৰ্শ লাভৰ বাবে ১ছেপ্টেম্বৰ,২০২০ত খচৰা জাননী জিএছআৰ ৫৪১(ই) জাৰি কৰিছে। চিএমভিআৰ,১৯৮৯ত সংশোধিত সুবিধা ২০২১ চনৰ ১জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

 

ইয়াৰউপৰি, ফৰ্ম ৫১(বীমাৰ প্ৰমাণ-পত্ৰ) সংশোধনীৰ জৰিয়তে এক নতুন তৃতীয় পক্ষ বীমা লাভৰ সময়ত এটি বৈধ FASTag বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, যত FASTag আইডিৰ বিতং ধৰি ৰখা হব। ইয়াক কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ কৰা হৈছে ১এপ্ৰিল,২০২১।

 

কেন্দ্ৰীয় মটৰ বাহন নিয়ম,১৯৮৯ অনুসৰি নতুন চাৰিচকীয়া বাহন পঞ্জীকৰণৰ বাবে ২০১৭ৰ পৰা FASTag অনিবাৰ্য কৰা হৈছিল, আৰু বাহন নিৰ্মাতা আৰু তেওঁলোকৰ বিতৰকৰ দ্বাৰা যোগান ধৰিব লগা হৈছিল। পাছলৈ ই বাধ্যতামূলক হয় যে পৰিবহন বাহনৰ বাবে FASTag ফিট হোৱাৰ পাছতহে ফিটনেছ প্ৰমাণ-পত্ৰৰ নৱীকৰণ কৰা হব। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় পাৰ্মিট বাহনৰ বাবে ১ অক্টোবৰ,২০১৯ৰ পৰা FASTag ফিট হোৱা বাধ্যতামূলক

RCJ/MS/KG



(Release ID: 1651190) Visitor Counter : 185