জল শক্তি মন্ত্ৰালয়

গ্ৰামীণ জল স্বচ্ছতা আৰু স্বাস্থ্য বিজ্ঞান (WASH) সেৱা প্ৰদানকাৰী সকলৰ বাবে সুৰক্ষা সম্বন্ধীয় সাৱধানতা অৱলম্বনৰ পৰামৰ্শ জাৰি

प्रविष्टि तिथि: 02 SEP 2020 6:32PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ বাবে লকডাউনৰ সময়ছোৱাত সুৰক্ষিত খোৱাপানী লাভ কৰাটো সুনিশ্চিত কৰিবৰ বাবে WP (PIL) No.10808/2020 ত সন্মানীয় উচ্চতম ন্যায়ালয়ৰ 3.4.2020 আদেশ পালন কৰি জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু স্বচ্ছতা বিভাগ (DDWS) এ আটাইবোৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহক ১৩ এপ্ৰিল ২০২০ তাৰিখে এক পৰামৰ্শ জাৰি কৰিছে।

লকডাউনত শিথিলতা আনিবৰ বাবে আৰু আৰ্থ-সামাজিক গতিবিধি পুনৰ আৰম্ভ কৰিবৰ বাবে, বিশেষকৈ গ্ৰীষ্মকালৰ পিছতে কাম কৰাৰ পৰিৱেশ পুৰনৰ ওভতাই অনাৰ লগে লগে পানীৰ যোগান সম্বন্ধীয় বুনিয়াদী ভেটিৰ বিভিন্ন কাম কাজ সৰ্বাত্মক ৰূপত কৰিব লাগিব আৰু গাওঁসমূহত প্ৰতিটো পৰিয়ালেই যাতে নলৰ পানী লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে সামগ্ৰিক কাম কাজত ক্ষীপ্ৰতা অনা হৈছে। সেইবাবেই ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ কৰিবলৈ আৰু ইয়াৰ পৰা সৃষ্টি হোৱা চাঁপৰ পৰা ৰক্ষা পাবৰ বাবে প্ৰয়োজনীয় আটাইবোৰ সাৱধানতা অৱলম্বন কৰা WASH সেৱা প্ৰদানকাৰীসকলৰ বাবে আটাইতকৈ জৰুৰী দিশ।

বৰ্তমান পৰিস্থিতিয়ে সংকেত দিয়ে যে ক’ভিড-১৯ ভাইৰাছ শ্বাস-প্ৰশ্বাসৰ ফোঁৱাৰা তথা সংস্পৰ্শৰ যোগেদি সোঁচৰে, আৰু এই সংক্ৰমণৰ সম্ভাৱনীয়তা তেতিয়াই বৃদ্ধি পায় তযেতিয়া লেতেৰা হাত মুখ, নাক বা চকুৰ জুলীয়া অংশটোত স্পৰ্শ কৰা হয়, ভাইৰাছ লেতেৰা হাতৰ যোগেদি এঠাইৰ পৰা আন ঠাইলৈ সম্প্ৰসাৰিত হয়। যিয়ে অপ্ৰত্যক্ষ সম্পৰ্কতো আক্ৰান্ত কৰাৰ সম্ভাৱনীয়তা থাকে। শাৰীৰিক দূৰত্ব ৰক্ষা কৰাৰ উপৰিও সামগ্ৰীৰ সঠিক যোগান অব্যাহত ৰাখি মাল্টিমডেল ৰণনীতিৰ মাধ্যমেৰে সংক্ৰমণ হ্ৰাস কৰিবৰ বাবে পানীৰে হাত ধুই নিজে পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিব পাৰি।

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে নিয়মিত অন্তৰালৰ মূৰে মূৰে পৰিস্কাৰকৈ হাত ধুই হাত পৰিস্কাৰ কৰি ৰাখিব লাগে, কিকন্তু তাৰ লগতে প্ৰতিটো গ্ৰামীণ পৰিয়ালৰ পৰিসৰৰ ভিতৰত নল বা পাইপৰ পানী উপলব্ধ কৰোৱাটো অত্যাৱশ্যকীয়। এই উপলব্ধতা নিশ্চিত কৰাৰ উদ্দেশ্যেৰে জল জীৱন মিশ্যনৰ অধীনত পৰ্যাপ্ত পৰিমাণৰ আঁচনি অনা হৈছে। এই মিশ্যনে কেৱল পানী উপলব্ধ নকৰায়, বৰঞ্চ ঘৰলৈ উভতি যোৱা শ্ৰমিকসকলৰ বাবেও ৰোজগাৰ সৃষ্টি কৰি বৰ্তমান মহামাৰীৰ পৰা সৃষ্টি হোৱা সমস্যা হ্ৰাস কৰাৰ বাবে এক উৎকৃষ্ট সুযোগ সৃষ্টি কৰিছে।

বিভিন্ন পদক্ষেপৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ উপৰিও এই সন্দৰ্ভত এই পৰিপূৰক পৰিমৰ্শ DDWS ৰ দ্বাৰা ঘৰসমূহত সুৰক্ষিত আৰু বিশুদ্ধ জল সেৱা বিতৰণ কৰাৰ বাবে জাৰি কৰা হৈছে।

সাৱধানতাৰ বিভিন্ন উপায় বিশেষ ধৰণেৰে ৰাজহুৱা স্তৰৰ সেৱা প্ৰদানকাৰী যেনে প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, মটৰ মেকানিক, চাফাই কৰ্মচাৰী আদিৰ বাবেও উপলব্ধ কৰোৱাটো অত্যাৱশ্যকীয়। বিশেষকৈ যেতিয়া কামৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলোৱা হয় আৰু যেতিয়া ঘৰলৈ উভতি অহা হয় তেনে পৰিস্থিতিত এনেবোৰ সাৱদানতা অৱলম্বন কৰিব লাগে। এই সন্দৰ্ভত ব্যাপক প্ৰচাৰ কাৰ্য চলাবৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক আহ্বান জনোৱা হৈছে।

 

******************************

APS/SG/MG/RD


(रिलीज़ आईडी: 1650898) आगंतुक पटल : 231
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Tamil , Telugu