প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতীয় নৌসেনাৰ সামগ্ৰী বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ভাইচ-এডমাইৰেল এছ আৰ শৰ্মা, এভিএছএম, ভিএছএমে

Posted On: 01 SEP 2020 4:18PM by PIB Guwahati

ভাইচ-এডমাইৰেল এছ আৰ শৰ্মা, এভিএছএম, ভিএছএমে আজি (০১ ছেপ্টেম্বৰ, ২০২০) ভাৰতীয় নৌসেনাৰ সামগ্ৰী বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে৷ আইআইএছচি, বাংগালুৰুৰ পৰা কম্পিউটাৰ ছায়েন্স আৰু অভিযান্ত্ৰিক বিভাগ স্নাতকোত্তৰ এইগৰাকী এডমাইৰেল নেভেল হায়াৰ কমাণ্ড ক’ৰ্ছৰ বিশিষ্ট প্ৰাক্তন ছাত্ৰসকলৰো অন্যতম৷

তেওঁৰ ৩৫ বছৰীয়া বৰ্ণিল কেৰিয়াৰত এইগৰাকী এডমাইৰেলে ভাৰতীয় নৌ সেনাৰ বিন্ধগিৰি, ৰাণা, কৃষ্ণ আৰু মহীশূৰত কৰ্ম সম্পাদন কৰি দক্ষতাৰ পৰিচয় দিছিল৷

তেওঁ মুম্বাই আৰু বিশাখাপট্টনমৰ নৌসেনা বন্দৰৰ উপৰি অস্ত্ৰ-শস্ত্ৰ আৰু বৈদ্যুতিক পদ্ধতিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান(ডব্লিউইএছইই), এডভান্সড টেক্টিকেল ভেছেল প্ৰগ্ৰেমৰ মুখ্য কাৰ্যালয়(এইচকিউ এটিভিপি) আৰু নতুন দিল্লীস্থিত নৌ সেনাৰ মুখ্য কাৰ্যালয়ত সকলো প্ৰত্যাহ্বান মোকাবিলা কৰি বিশেষ দায়িত্ব সম্পাদন কৰিছে৷

তদুপৰি, তেওঁ নৌ সেনাৰ মুখ্য কাৰ্যালয়ত সামগ্ৰী বিভাগৰ সহকাৰী মুৰব্বী(তথ্য প্ৰযুক্তি আৰু পদ্ধতি), বিশাখাপট্টমস্থিত নৌ সেনাৰ বন্দৰত এডমাইৰেল পৰিদৰ্শক; এইচিকিউ ইএনচিত চীফ ষ্টাফ অফিচাৰ(কাৰিকৰী); বিশাখাপট্টমত নৌ সেনাৰ প্ৰকল্প সঞ্চালক প্ৰধান, এইচকিউ এটিভিপিৰ প্ৰকল্প সঞ্চালক আৰু নৌ সেনাৰ মুখ্য কাৰ্যালয়ত যুদ্ধ জাহাজ নিৰ্মাণ আৰু অধিগ্ৰহণৰ নিয়ন্ত্ৰক হিচাপে কাম কৰিছিল৷

সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এডমাইৰেলগৰাকীক অতি বিশিষ্ট সেৱা পদক, আৰু বিশিষ্ট সেৱা পদকেৰে পুৰস্কৃত কৰা হৈছে৷ তেওঁ ১৯৯৪ চনত লেফটেনেণ্ট ভি কে জৈন স্বৰ্ণ পদকো লাভ কৰিছিল৷

এডমাইৰেল এছআৰ শৰ্মাই ভাইচ এডমাইৰেল জিএছ পাব্বী, পিভিএছএম, এভিএছএম, ভিএছএমৰ স্থান স্থলাভিষিক্ত কৰিব, যিগৰাকীয়ে বিগত প্ৰায় ৪০ বছৰে এক সুন্দৰ চাকৰি জীৱন অতিবাহিত কৰে৷

***

VM/ MS/DB



(Release ID: 1650532) Visitor Counter : 122