বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

গুৰুত্বপূৰ্ণ কাৰ্য সৰল কৰি তোলা কোৱাণ্টাম পৰ্যায় অনুমানৰ নতুন পথ সন্ধান কৰিলে আৰআৰআইৰ বিজ্ঞানীসকলে

Posted On: 31 AUG 2020 1:03PM by PIB Guwahati

বিজ্ঞানীসকলে কম্পিউটিং, যোগাযোগ আৰু মেট্ৰ’লজীৰ বাবে গুৰুত্বপূৰ্ণ কোৱাণ্টাম পৰ্যায় অনুমানৰ নতুন পথৰ সন্ধান কৰিছে৷ এই পদ্ধতিক কোৱাণ্টাম ষ্টেট ইণ্টাৰফেৰ’গ্ৰাফী বুলি কোৱা হয় যিয়ে কোৱাণ্টাম প্ৰযুক্তিৰ কঠিন পৰ্যায়সমূহ সৰল কৰি তোলে৷

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত এক স্বতন্ত্ৰ সংস্থা ৰমণ ৰিচাৰ্ছ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে এই পথ সন্ধান কৰি উলিয়াইছে৷

এক অজ্ঞাত কোৱাণ্টাম পৰ্যায়ৰ নিৰ্ণয়ক কোৱাণ্টাম ষ্টেট টম’গ্ৰাফী (কিউএছটি) বুলি কোৱা হয়৷ ইয়াত বিভিন্ন নিৰ্দেশনাৰ কোৱাণ্টাম পৰ্যায়ৰ পৰিমাপ প্ৰক্ৰিয়া অন্তৰ্ভুক্ত থাকে৷ কিন্তু বৰ্তমানে এই পৰিসৰ বৃহৎ হোৱাৰ পৰিপ্ৰেক্ষিতত টম’গ্ৰাফী চতুৰ্দিশত ব্যাপ্ত হোৱাৰ প্ৰয়োজন হৈছে৷ এই গৱেষণাগত ছেটিং প্ৰায়েই পৰিৱৰ্তন হয় আৰু সেয়ে এই প্ৰক্ৰিয়া কষ্টকৰ হৈ উঠে৷

গৱেষণাগত ছেটিঙৰ কোনো পৰিৱৰ্তন নকৰাকৈ এক অজ্ঞাত কোৱাণ্টাম পৰ্যায়ক উচ্চ ডাইমেনচনেল স্থিতিলৈ লৈ যোৱাৰ কথা প্ৰদৰ্শিত কৰিছে আৰআৰআই দলটোৱে৷ ইয়াত কোৱাণ্টাম পৰ্যায়ৰ অনুমানৰ বাবে এক ‘ব্লেক বক্স’ৰো যোগান ধৰা হৈছে৷

প্ৰকাশৰ লিংকঃ

https://journals.aps.org/prl/accepted/3607bY09D3214e77d23f4a87330320d171b04ebfb

অধিক বিৱৰণৰ বাবে যোগাযোগ কৰক উৰ্বশী সিনহা (usinha@rri.res.in)ক৷

*****

NB/KGS(DST Media Cell)/MANN



(Release ID: 1650241) Visitor Counter : 151