জল শক্তি মন্ত্ৰালয়

বান পৰিস্থিতিৰ থুলমূল আভাস আৰু পৰামৰ্শাৱলী

Posted On: 31 AUG 2020 3:54PM by PIB Guwahati

পশ্চিম মধ্য প্ৰদেশ, পূব ৰাজস্থান, গুজৰাট আৰু হিমালয়ৰ পাদদেশৰ পশ্চিম বংগ, ছিক্কিমৰ কেতবোৰ অঞ্চলত তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সেইদৰে মধ্য প্ৰদেশ, অসম আৰু কোংকান তথা গোৱাৰ একাংশ অঞ্চলত মুষলধাৰ বৰষুণ হোৱাৰ বিপৰীতে পূব মধ্য প্ৰদেশ, অৰুণাচল প্ৰদেশ তথা কৰ্ণাটকৰ উপকূলবৰ্তী একাংশ অঞ্চলত পুৱাৰ ভাগত তীব্ৰ বৰষুণ হব পাৰে।

ইফালে, বিহাৰৰ ৭টা, উত্তৰ প্ৰদেশৰ ৪টা, ওড়িশা আৰু মহাৰাষ্ট্ৰৰ ২টাকৈ স্থানত, গুজৰাট, ঝাৰখণ্ড, মধ্য প্ৰদেশ, আৰু পশ্চিম বংগৰ এটাকৈ স্থানকে ধৰি মুঠ ২০টা স্থানত বান পৰিস্থিতি ভয়াবহ(নৈসমূহৰ পানী বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হৈছে) হোৱাৰ বিপৰীতে বিহাৰৰ ১৪টা স্থানকে ধৰি, উত্তৰ প্ৰদেসৰ ৬টা, অসম আৰু ওড়িশাৰ ২টাকৈ স্থানত সাধাৰণ বান পৰিস্থিতি (যদিও নৈসমূহৰ পানী বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হৈছে)অব্যাহত আছে। এই সময়চোৱাত মধ্য প্ৰদেশৰ ৮টা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশৰ ৩টাকৈ, অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড, পশ্চিমবংগ, তামিল নাডুৰ ২টাকৈ, ওড়িশা আৰু গুজৰাটৰ এটাকৈ স্থানকে ধৰি দেশৰ বিভিন্ন স্থানত থকা মুঠ ৩০টা বান্ধ তথা মথাউৰীৰ ওপৰেৰে পানী প্ৰবাহিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ তথ্য অৱগত হবলৈ http://cwc.gov.in/sites/default/files/dfb202030082020_5.pdf ৰে সংযুক্ত হব পাৰিব।

ইফালে, গুজাৰটৰ কেতবোৰ অঞ্চলত আজি তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত  বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। ৩১আগষ্টত গুজৰাটৰ একাংশ অঞ্চলত মুষলধাৰ বৰষুণ হব যদিও পুৱাৰ ভাগলৈ এই তীব্ৰতা বহুখিনি অৱনমিত হব। সেইদৰে পশ্চিম মধ্য প্ৰদেশ, উত্তৰ কোংকান, ৰাজস্থানৰ বহু অঞ্চলত বিজুলী-গাজনিৰে মুষলধাৰ বৰষুণ হব পাৰে। সেইদৰে ১ছেপ্টেম্বৰৰ পৰা ৩ছেপ্টম্বৰ মাজৰ সময়চোৱাত উত্তৰ পশ্চিম ভাৰত, হিমালয়ৰ পশ্চিমাঞ্চলত বিজুলী ধেৰেকনিৰে ধাৰাষাৰ বৰষুণ হব পাৰে।

ইফালে, বৰষুণৰ প্ৰকোপ কমাৰ ফলত মহানদী আৰু ইয়াৰ উপনৈসমূহৰ পানী চত্তিশগড় আৰু ওড়িশাত লাহে লাহে কমিবলৈ ধৰিছে। অৱশ্যে, ওড়িশাৰ বালেশ্বৰ, চম্বলপুৰ, ভদ্ৰাক, জাজাপুৰ, কটক, অংগুল, ময়ুৰভঞ্জ, কেন্দুজাৰ আৰু কোৰ্বা, ধামটাৰী, ৰাইপুৰ, মহাচমুণ্ড আৰু চম্পাৰ বান পৰিস্থিতিৰ ওপৰত বিশেষ নিৰীক্ষণ অব্যাহত ৰখা হৈছে।

বৰষুণ আৰু বানৰ প্ৰকোপৰ পৰিপ্ৰেক্ষিতত অহা ৩-৪ দিন উল্লিখিত ৰাজ্যসমূহৰ বানপীড়িত জিলাসমূহৰ ক্ষেত্ৰত বিশেষ নিৰীক্ষণ অব্যাহত ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই সময়চোৱাত ৰেলপথ, স্থলপথ আৰু দলংসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ ব্যৱস্থা কৰা হৈছে।

***************

APS/SG/MG/KB



(Release ID: 1650240) Visitor Counter : 157