ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

স্থানীয় উৎপাদনত বৃহৎ অগ্ৰগতি; কেভিআইচিয়ে আইটিবিপিৰ পৰা লাভ কৰিলে ১২০০ কুইণ্টল সৰিয়হ তেলৰ প্ৰথমটো অৰ্ডাৰ

Posted On: 28 AUG 2020 3:42PM by PIB Guwahati

খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগ (কেভিআইচি)য়ে ইণ্ডো-তিবেতান বৰ্ডাৰ পুলিচ (আইটিপিবি)ৰ পৰা ১.৭৩ কোটি টকাৰ ১২০০ কুইণ্টলৰ সৰিয়হ তেলৰ  প্ৰথমটো অৰ্ডাৰ লাভ কৰিছে৷  ৩১ জুলাই তাৰিখে কেভিআইচি আৰু আইটিবিপিৰ মাজত হোৱা বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ এসপ্তাহ পিছতে কেভিআইচিয়ে এই অৰ্ডাৰ লাভ কৰিছে আৰু ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘ভকেল ফ’ৰ লকেল’ক উজ্জীৱিত কৰি তোলাৰ প্ৰয়াস কৰা হৈছে৷ অৰ্ডাৰ লাভৰ এমাহৰ ভিতৰতে আইটিবিপিক কেভিআইচিয়ে সামগ্ৰীৰ যোগান ধৰিব৷

এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কেভিআইচিৰ প্ৰয়াসক প্ৰশংসা কৰি কয় যে ইয়াৰ জৰিয়তে স্থানীয় উৎপাদন বৃদ্ধি পাব আৰু গ্ৰামীণ উদ্যোগৰ সৈতে জড়িত লক্ষাধিক লোক সৱলীকৃত হ’ব৷

কেভিআইচিয়ে কয় যে এই অৰ্ডাৰটোৰ জৰিয়তে খাদী প্ৰতিষ্ঠানসমূহত অতিৰিক্ত কৰ্ম সংস্থাপনৰ সৃষ্টি হ’ব৷  কেভিআইচিয়ে খাদী প্ৰতিষ্ঠানসমূহক ৩টা শ্বিফ্টত কাম কৰিবলৈ দিছে যাতে ৩০ দিনৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত উক্ত যোগানসমূহ সম্পূৰ্ণ কৰিব পৰা যায়৷ ইয়াৰ দ্বাৰা লক্ষাধিক মানৱ কৰ্ম দিনৰ সৃষ্টি হোৱাৰ লগতে স্থানীয় উৎপাদনো সৱলীকৃত হ’ব৷

গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশ অনুসৰি সমগ্ৰ ভাৰতৰ চিএপিএফ কেণ্টিনসমূহত ‘স্বদেশী’ সামগ্ৰীৰ ব্যৱহাৰ বাধ্যতামূলক কৰি তোলা হৈছে৷

এই সন্দৰ্ভত কেভিআইচিৰ অধ্যক্ষ শ্ৰী বিনয় কুমাৰ চক্সেনাই ইয়াৰ জৰিয়তে গাঁৱৰ উদ্যোগসমূহ অধিক সৱলীকৃত হ’ব বুলি মন্তব্য কৰে৷ ‘‘স্থানীয় সামগ্ৰীৰ ব্যৱহাৰক উৎসাহ প্ৰদান কৰি আমি আমাৰ গাঁৱৰ জনসাধাৰণৰ জীৱিকাৰ মান উন্নত কৰিব পাৰো৷ একে সময়তে আমাৰ জোৱানসকলেও উত্তম গুণগতমানৰ সৰিয়হৰ তেল লাভ কৰিব৷ আমি এই অৰ্ডাৰ সময়মতে পূৰণ কৰিবলৈ প্ৰয়াস কৰিম’’, তেওঁ এইদৰে কয়৷

উল্লেখ্য, কেভিআইচি আৰু আইটিবিপিয়ে এবছৰৰ বাবে এক বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে আৰু আগলৈও নৱীকৰণ কৰা হ’ব৷ পৰৱৰ্তী অৰ্ডাৰত কটন মেট, ব্লেংকেট, বিচনা চাদৰ, গাৰুৰ কভাৰ, আচাৰ, মৌ, পাপৰ, প্ৰসাধন সামগ্ৰীসমূহ থাকিব৷ তেল আৰু কটন মেটৰ মুঠ ব্যয় হ’ব প্ৰায়  ১৮ কোটি টকা৷

******

RCJ/IA/MANN



(Release ID: 1649386) Visitor Counter : 244