ৰেচম মন্ত্ৰালয়

প্লাষ্টিক বেগ সমূলে নিৰ্মূল কৰিব পৰা উপাই উদ্ভাৱনৰ লক্ষ্যৰে বস্ত্ৰ শিল্প মন্ত্ৰালয়ে অনুষ্ঠিত কৰা ‘টেক্সটাইল গ্ৰেণ্ড চেলেঞ্জ ২০১৯’ৰ সামৰণি অনুষ্ঠান

ভাৰতৰ নৱ চেতনাক পৰিৱেশ অনুকূল আৰু ব্যয়ক্ষম বিকল্প উদ্ভাৱনৰ লগতে কৰ্ম সংস্থান সৃষ্টিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ আনুষ্ঠানিকতা প্ৰদানৰ প্ৰয়োজনীয়তা আছে : কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণী

পোষ্ট কৰা হৈছে: 27 AUG 2020 6:28PM by PIB Guwahati

ভাৰতৰ নৱ চেতনাক পৰিৱেশ অনুকূল আৰু ব্যয়ক্ষম বিক্ল্প উদ্ভাৱনৰ লগতে কৰ্ম সংস্থান সৃষ্টিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ আনুষ্ঠানিকতা প্ৰদানৰ প্ৰয়োজনীয়তা আছে বুলি অভিমত ব্যক্ত কৰিছে কেন্দ্ৰীয় বস্ত্ৰ শিল্প আৰু মহিলা তথা শিশু কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীয়ে। প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ পৰিহাৰ কৰিবলৈ ২০১৯চনৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বস্ত্ৰ শিল্প মন্ত্ৰালয়ে অনুষ্ঠিত কৰা টেক্সটাইল গ্ৰেণ্ড চেলেঞ্জ ২০১৯ৰ সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগীসকললৈ বঁটা প্ৰদান কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলে আগবঢ়োৱা ন ন উদ্ভাৱনী চিন্তাবোৰে ভাৰতত যে সকলো শ্ৰেণীৰ জনতাই সম অধিকাৰ উপভোগ কৰিবলৈ পায়, সেই কথাকে আকৌ এবাৰ প্ৰতিপন্ন কৰিলে।

মন্ত্ৰীগৰাকীয়ে বস্ত্ৰ শিল্প, বিশেষকৈ মৰাপাট খণ্ডৰ সৈতে জড়িত যন্ত্ৰ-পাতিসমূহ ৰু অধিক উন্নত ৰু অধিক আধুনিক কৰি গঢ়ি তোলাত, গুৰুত্ব ৰোপ কৰি ন-প্ৰযুক্তি সম্বলিত যন্ত্ৰপাতি বিকশিত কৰিব পৰাকৈ ন-চিন্তাৰ উন্মেষ ঘটাব পৰা আন এক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰো পোষকতা কৰে।

ৰাষ্ট্ৰীয় মৰাপাট বোৰ্ড’, ‘ঔদ্যোগিক উত্তৰণ তথা ঔদ্যোগিক বাণিজ্য বিভাগষ্টাৰ্টআপ গোটৰ সক্ৰিয় সহযোগিতাৰে বস্ত্ৰ শিল্প মন্ত্ৰালয়ে টেক্সটাইল গ্ৰেণ্ড চেলেঞ্জ ২০১৯ অনুষ্ঠিত কৰিছিল। প্লাষ্টিকৰ বেগ সমূলে নিৰ্মূল কৰিব পৰা মৰাপাট, কপাহ আদিৰ দৰে জৈৱিক সামগ্ৰীৰে বিকল্প বেগ প্ৰস্তুত কৰিব পৰা পৰিৱেশ অনুকূল আৰু সকলোৰে বাবে ব্যয়ক্ষম সামগ্ৰী প্ৰস্তুত কৰি উলিওৱাৰ লক্ষ্যৰেই এই প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হৈছিল। 

মুঠ ৬৭টা অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানৰ পৰা ২টাক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বেগৰ বিকল্প উদ্ভাৱনৰ বাবে আৰু ১টাক বহুবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বেগৰ বিকল্প উদ্ভাৱনত দেখুউৱা পাৰদৰ্শিতাৰ বাবে নিৰ্বাচিত কৰি বঁটা আৰু নগদ ধনৰে পুৰস্কৃত কৰা হয়। বঁটা প্ৰাপক প্ৰতিষ্ঠানকেইটা হৈছে ক্ৰমে- পুনেৰ অয়েগা গ্ৰীণ টেকনলজীছ, মহিশূৰৰ ধৃতি বায়লিউশ্যন আৰু চেন্নাইৰ শক্তি নন উভেন

মন্ত্ৰীগৰাকীয়ে নতুনকৈ উদ্ভাৱন কৰা  প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰি ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহক উত্সাহিত কৰাৰ লগতে সামগ্ৰীক ভাবে দেশকো উপকৃত কৰাৰ বাবে আগবাঢ়ি আহিবলৈ উদ্যোগখণ্ডৰ দিগগজসকলক আহ্বান জনায়।

 

***

APS/SG/KB


(ৰিলিজ আই ডি : 1649069) অতিথি কক্ষ : 326
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Tamil