বিত্ত মন্ত্ৰালয়

ভাৰত চৰকাৰ আৰু এআইবিয়ে মুম্বাইত উপনগৰীয় ৰে’লৱে প্ৰণালীৰ নেটৱৰ্ক ক্ষমতা, সেৱাৰ গুণগতমান আৰু সুৰক্ষাৰ সংস্কাৰৰ বাবে ৫০০ মিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিছে

Posted On: 24 AUG 2020 5:19PM by PIB Guwahati

ভাৰত চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰ, মুম্বাই ৰে’লৱে বিকাশ নিগম আৰু এছিয়ান আন্তঃগাঁথনি বিনিয়োগ বেংকে (এআইআইবি) মুম্বাইত উপনগৰীয় ৰে’লৱে প্ৰণালীৰ নেটৱৰ্ক ক্ষমতা, সেৱাৰ গুণগতমান আৰু সুৰক্ষাৰ সংস্কাৰৰ বাবে আজি ৫০০ মিলিয়ন ডলাৰৰ মুম্বাই নগৰ পৰিবহণ প্ৰকল্প-৩ৰ ঋণৰ চুক্তিত হস্তাক্ষৰ কৰিছে৷

এই প্ৰকল্পৰ দ্বাৰা নেটৱৰ্ক ক্ষমতা বৃদ্ধি হোৱাৰ লগতে যাত্ৰীসকলৰ ভ্ৰমণ সময় আৰু মৃত্যুজনিত দুৰ্ঘটনা হ্ৰাস হোৱাৰ আশা প্ৰকাশ কৰা হৈছে৷ অনুমান কৰা হৈছে যে এই প্ৰকল্পৰ প্ৰাথমিক হিতাধিকাৰী হ’ল ২২% মহিলা যাত্ৰী যি উন্নত সুৰক্ষা আৰু সেৱাৰ গুণগতমানৰ দ্বাৰা লাভান্বিত হ’ব৷

ঋণৰ চুক্তিত ভাৰত চৰকাৰৰ তৰফৰ পৰা বিত্ত মন্ত্ৰালয়ৰ আৰ্থিক বিষয়ৰ বিভাগৰ অতিৰিক্ত সচিব শ্ৰী সমীৰ কুমাৰ খাড়ে, মহাৰাষ্ট্ৰ চৰকাৰৰ তৰফৰ পৰা মুখ্য সচিব শ্ৰী সঞ্জয় কুমাৰ, মুম্বাই ৰে’ল বিকাশ নিগমৰ তৰফৰ পৰা মুখ্য পৰিচালন সঞ্চালক শ্ৰী আৰ এছ খুৰানা আৰু এইআইআইবিৰ তৰফৰ পৰা বিনিয়োগ সঞ্চালন মহানিৰ্দেশক (কাৰ্যবাহী) শ্ৰী ৰজত মিশ্ৰাই হস্তাক্ষৰ কৰে৷

শ্ৰী খাড়েয়ে কয় যে এই প্ৰকল্প পথ আথাৰিত পৰিবহণৰ তুলনাত অধিক দ্ৰুত, অধিক বিশ্বাসযোগ্য আৰু উচ্চ গুণগতমানৰ পৰিবহণ সেৱা প্ৰদান কৰি মুম্বাইৰ উপ-নগৰীয় ৰে’লৱে প্ৰণালীৰ যাত্ৰীসকলক উন্নত গতিশীলতা, সেৱাৰ গুণগতমান আৰু সুৰক্ষা প্ৰদানত সহায়ক হ’ব৷

মুম্বাই মহানগৰ ক্ষেত্ৰ (এমএমআৰ) ২২.৮ মিলিয়নৰ (২০১১) আবাসীৰ সৈতে ভাৰতৰ সবাতোকৈ অধিক আবাসীযুক্ত মহানগৰ ক্ষেত্ৰত আৰু ২০৩১ পৰ্যন্ত ইয়াৰ আবাদী ২৯.৩ মিলিয়ন আৰু ২০৪১ পৰ্যন্ত ৩২.১ মিলিয়ন হোৱাৰ সম্ভাৱনা আছে৷

মুম্বাইৰ নিয়মিত যাত্ৰীসকলৰ ৮৬ শতাংশ লোকেই ৰাজহুৱা পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰে৷ ২০০২-২০১২ৰ সময়ছোৱাত মুম্বাই উপ-নগৰীয় ৰে’লৱে নেটৱৰ্কত ৩৬,১৫২ত কৈও অধিক মৃত্যু হৈছে আৰু ৩৬,৬৮৮ জন লোক আঘাতপ্ৰাপ্ত হৈছে৷

প্ৰকল্পটোৰ মুঠ আনুমানিক ব্যয় ৯৯৭ মিলিয়ন ডলাৰ য’ত ৫০০ মিলিয়ন ডলাৰ এআইআইবি, ৩১০ মিলিয়ন ডলাৰ মহাৰাষ্ট্ৰ চৰকাৰ আৰু ১৮৭ মিলিয়ন ডলাৰ ৰে’ল মন্ত্ৰালয়ে প্ৰদান কৰিব৷ এইআইআইবিৰ ৫০০ মিলিয়ন ডলাৰৰ ঋণত ৫ বছৰৰ ৰেহাই সীমা আৰু ৩০ বছৰৰ সমাপন কাল অন্তৰ্ভুক্ত আছে৷

 

****

RM/KMN/MANN



(Release ID: 1648411) Visitor Counter : 178