উপ-ৰাষ্ট্ৰপতি সচিবালয়

মহিলা সবলীকৰণৰ বাবে ৰাষ্টজোৰা অভিযান হাতত লোৱাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

উপ-ৰাষ্ট্ৰপতিয়ে কন্যাৰ প্ৰতি থকা ভেদভাৱ দূৰ কৰাৰ ববে সামাজিক চিন্তাধাৰাৰ সলনি কৰাৰ ওপৰত জোৰ দিয়ে

উপ-ৰাষ্ট্ৰপতিয়ে ৰাজনৈতিক দলসমূহক সংসদ আৰু বিধানসভাত মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ ক্ষেত্ৰত সহমত পোষণৰ আহ্বান জনায়

মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতাৰ বাবে অভিভাৱকসকলক তেওঁলোকৰ সম্পত্তিৰ সমান ভাগৰ অধিকাৰৰ পোষকতা

জনপ্ৰতিনিধিসকলক লিংগ বৈষম্যতাৰ গম্ভীৰতাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ আহ্বান

এখন সমৃদ্ধিশালী আৰু সুস্থ ভাৰত নিৰ্মাণৰ যজ্ঞত প্ৰতিগৰাকী ভাৰতীয় অংশগ্ৰহণৰ আহ্বান

Posted On: 23 AUG 2020 10:40AM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৱে মহিলা সবলীকৰণৰ বাবে ৰাষ্ট্ৰজোৰা অভিযান হাতত লোৱাৰ আহ্বান জনাই কোনো এগৰাকী কন্যাই যাতে বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত নহয়, সেই সুনিশ্চিত কৰিবলৈ কয়৷

তেওঁ অৱশ্যে বেটী বচাও বেটী পঢ়াওৰ দৰে কাৰ্যসূচীৰ ইতিবাচক প্ৰভাৱ পৰা বুলি উল্লেখ কৰে যদিও কন্যাসকলক সৈ সামাজিক চিন্তাধাৰা সলনি কৰাত আৰু অধিক প্ৰয়াস কৰাৰ আৱশ্যকতা আছে বুলি কয়৷

মহিলাসকলৰ ক্ষেত্ৰত ভেদভাৱ দূৰ কৰি তেওঁলোকক সবলীকৰণ কৰকশীৰ্ষক নিজৰ ফেচবুক পোষ্টত শ্ৰী নাইডুৱে লিখে যে দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫০ শতাংশই মহিলা৷ ৰাজনীতিকে ধৰি সকলো ক্ষেত্ৰত তেওঁলোকক সমান সুবিধা নিদিয়ালৈকে দেশৰ প্ৰগতি অসম্ভৱ৷ সেইবাবে তেওঁলোকৰ প্ৰতি আমি নিজৰ আচৰণ আৰু কৰ্মৰ মাজত ভেদভাৱ দূৰ কৰিব লাগিব৷ এয়া আমাৰ লক্ষ্য হোৱা উচিত৷

তেওঁ ৰাজনৈতিক দলসমূহক সংসদ আৰু বিধানসভাত মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ ক্ষেত্ৰত সহমত পোষণৰ আহ্বান জনায়৷ মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতাৰ বাবে অভিভাৱকসকলক তেওঁলোকৰ সম্পত্তিৰ সমান ভাগৰ অধিকাৰৰ পোষকতা কৰে৷

উপ-ৰাষ্ট্ৰপতিয়ে কিছু দিন পূৰ্বে জনসংখ্যা আৰু বিকাশ সম্পৰ্কীয় ভাৰতীয় সাংসদসকলৰ সংগঠন(আইএপিপিডি)ৰ দ্বাৰা লিংগ অনুপাতৰ সন্দৰ্ভত প্ৰস্তুত কৰা ভাৰতত জন্মৰ সময়ত লিংগ অনুপাতশীৰ্ষক এক প্ৰতিবেদন উন্মোচন কৰিছিল৷ এই প্ৰতিবেদন অনুসৰি ২০০১-২০১৭ ৰ মাৰ সময়ছোৱাত দেশত কন্যা শিশুৰ জন্মৰ সংখ্যা কম আছিল৷

এই লৈ উদ্বেগ প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতিয়ে ইয়াক সংশোধন কৰাৰ বাবে জন প্ৰতিনিধি, সংবাদ মাধ্যম আৰু চৰকাৰৰে ধৰি সকলো অংশীদাৰক যুদ্ধোত্তৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ আহ্বান জনায়৷

তেওঁ জনপ্ৰতিনিধিসকলক ইয়াৰ গম্ভীৰতাৰ সম্পৰ্কে জন সজাগতা সৃষ্টি কৰাৰ আহ্বান জনায়৷ তেওঁ প্ৰতিগৰাকী নাগৰিকক যৌতুকৰ দৰে কু-প্ৰথাৰ বিৰোধিতা কৰা তথা পুত্ৰ সন্তানত অগ্ৰাধিকাৰ দিয়াৰ দৰে চিন্তাধাৰা দূৰ কৰিবলৈ কয়৷

ভ্ৰূণ পৰীক্ষণ(পিচি আৰু পিএনডিটি) আইন কঠোৰভাৱে বলব কৰাৰ প্ৰতি জোৰ দি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে মহিলা আৰু কন্যাৰ প্ৰতি কোনো ধৰণৰ বৈষম্য গ্ৰহণযোগ্য হোৱা অনুচিত৷

নতুন ভাৰতত দুখীয়া, নিৰক্ষণ তথা অন্য সামাজিক কু-প্ৰথাৰ বিৰু্দ্ধে নাগৰিকসকলক সামগ্ৰিক প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনায় উপ-ৰাষ্ট্ৰপতিয়ে লিখে যে প্ৰতিগৰাকী নাগৰিকে, বিশেষকৈ যুৱ প্ৰজন্মই এনে এক সমৃদ্ধিশালী আৰু সুস্থ ভাৰত নিৰ্মাণৰ যজ্ঞত সহযোগ কৰাৰ বাবে আগবাঢ়ি অহা উচিত, য’ত কোনো বৈষম্য নাথাকে৷

****

VRRK/MS/MSY/DP/DB



(Release ID: 1648099) Visitor Counter : 181