বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

যক্ষ্মা আৰু চিকুনগুনিয়া প্ৰতিৰোধী ফ্লেভোনয়েড নিৰ্মাণৰ বাবে প্ৰথমটো ছিন্থেটিক পদ্ধতি প্ৰস্তুত

Posted On: 20 AUG 2020 2:17PM by PIB Guwahati

ৰুগোছাফ্লেভোনয়েড, পোডোকাৰফ্লেভোন আৰু আইসোফ্লেভোনৰ দৰে ফ্লেভোনয়েড যৌগ আদি উদ্ভিদৰ পৰা পোৱা যায়। যক্ষ্মা আৰু চিকুনগুনিয়াৰ দৰে অসুখ এই ফ্লেভোনয়েডে প্ৰতিহত কৰিব পাৰে। প্ৰথমবাৰৰ দৰে বিজ্ঞানীসকলে এই যৌগটো পৰীক্ষাগাৰত কৃত্ৰিমভাৱে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সফল হৈছে।

ইয়াৰ ফলত এতিয়াৰে পৰা ঔষধি উদ্ভিদৰ ওপৰত ফ্লেভোনয়েডৰ বাবে নিৰ্ভৰ কৰিবলগীয়া নহব। কিয়নো সমগ্ৰ বছৰ ধৰি উপলব্ধ হৈ থাকিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ স্বশাসিত সংস্থা আঘাৰকাৰ ৰিচাৰ্ছ ইনষ্টিটিউটৰ এদল গৱেষকে এই কামত সাফল্য লাভ কৰিছে। প্ৰাথমিকভাৱে দেখা গৈছে যে ভিড-১৯ চিকিৎসাৰ বাবে ফ্লেভোনয়েড কাৰ্যকৰী বিবেচিত হৈছে। আঘাৰকাৰ ৰিচাৰ্ছ ইনষ্টিটিউটৰ ডঃ প্ৰতিভা শ্ৰীবাস্তৱৰ নেতৃত্বত গৱেষকসকলে ৰুগোসাফ্লেভোনয়েড, পোডোকাৰফ্লেভোন আৰু আইছফ্লেভোনৰ পৰা কৃত্ৰিমভাৱে এই ফ্লেভোনয়েড নিষ্কাশন কৰিবলৈ সক্ষম হৈছ।

ডঃ শ্ৰীবাস্তৱে জনাইছে যে সাধাৰণভাৱে বিলাহী, পিঁয়াজ, লিচু, আঙুৰ, আপেল, ষ্ট্ৰবেৰীসহ বিভিন্ন শাক পাচলিতো ফ্লেভোনয়েড থাকে। ফ্লেভোনয়েড সমৃদ্ধ খাদ্যই হৃদযন্ত্ৰ, যকৃৎ, বৃক্ক, মস্তিষ্কৰ উপৰি শৰীৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংশত দেখা দিয়া নানা অসুখ প্ৰতিহত কৰে।

যিহেতু ফ্লেভোনয়েডে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, সেইকাৰণে ভিড-১৯ মহামাৰীৰ সময়ত এই উপাদানটো যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। যাৰ বাবে ইয়াৰ চাহিদাও ক্ৰমাৎ বৃদ্ধি পাইছে। এই পৰিস্থিতিত বিজ্ঞানীসকলে এটা গৱেষণাগাৰত কৃত্ৰিমভাৱে ইয়াক প্ৰস্তুত কৰা কাৰ্যই সকলোৰে মাজত যথেষ্ট উৎসাহৰ সঞ্চাৰ কৰিছে।

Interaction Analysis of rugosaflavonoids with TB protein

Anti-CHIKV testing of flavonoids

 

[Publication details: https://doi.org/10.1021/acsomega.9b02900

DOI: 10.1038/s41598-019-43768-5

https://doi.org/10.1039/C8RA00636A

https://doi.org/10.1039/C7RA04971D

সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক – ডাঃ প্ৰতিভা শ্ৰীবাস্তৱ  (psrivastava@aripune.org, 020-25325123), বিজ্ঞানী, বায়’প্ৰছপেক্টিং গ্ৰুপ, আৰু ডাঃ পি কে ধাকেফালকাৰ, সঞ্চালক (Officiating), ARI, পুনে, director@aripune.org, pkdhakephalkar@aripune.org, 020-25325002.]

 

*****

NB/KGS(DST Media Cell)/RD



(Release ID: 1647481) Visitor Counter : 112