উপ-ৰাষ্ট্ৰপতি সচিবালয়

সংবাদ উদ্যোগত ক’ভিডসৃষ্ট বিত্তীয় সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰিলে উপ-ৰাষ্ট্ৰপতিয়ে

উপ-ৰাষ্ট্ৰপতিয়ে সকলোকে তেওঁলোকৰ কৰ্মচাৰীসকলক সহানুভূতিৰে চোৱাৰ লগতে তথা এই জটিল ক্ষণত ছোৱা-চিতা কৰাৰ আহ্বান জনায়

ক্ষতিশংকাৰে সন্মুখীন হোৱাৰ সত্ত্বেও তথ্য আৰু দৃষ্টিভংগীৰ জৰিয়তে জনসাধাৰণক সবলীকৰণ কৰাৰ বাবে সংবাদ মাধ্যমৰ প্ৰশংসা

প্ৰয়াত শ্ৰী এম পি বীৰেন্দ্ৰ কুমাৰলৈ শ্ৰদ্ধাঞ্জলি শ্ৰী নাইডুৰ

Posted On: 22 JUL 2020 7:36PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী ভেংকায়া নাইডুৱে সংবাদ উদ্যোগত ভিডসৃষ্ট বিত্তীয় সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু সকলোকে এই জটিল ক্ষণত তেওঁলোকৰ কৰ্মচাৰীসকলক সহানুভূতিৰে চোৱাৰ লগতে তথা চোৱা-চিতা কৰাৰ আহ্বান জনায়৷

এক ভাৰ্চুৱেল স্মৃতিচাৰণ অনুষ্ঠানত আজি শ্ৰী এম পি বীৰেন্দ্ৰ কুমাৰলৈ শ্ৰদ্ধাঞ্জলি জনাই উপ-ৰাষ্ট্ৰপতিয়ে প্ৰশংসা কৰি কয় যে কাকতৰ এক শৃংখলা প্ৰকাশত প্ৰযুক্তিৰ আৰম্ভ কৰা সত্ত্বেও মাতৃভূমি মুদ্ৰণ আৰু প্ৰকাশন লিমিটেডৰ কৰ্মচাৰীসকলৰ অধিকাৰ আৰু কল্যানৰ সুৰক্ষাৰ বাবে সদায় পৰ আছিল৷

তেওঁ সকলোকে বীৰেন্দ্ৰ কুমাৰৰ পৰা প্ৰেৰণা লবলৈ তথা নিজৰ সতীৰ্থ নাগৰিকসকলৰ প্ৰতি অধিক সংবেদনশীল হোৱাৰ আহ্বান জনায়৷

বিশাল ব্যক্তিত্বৰ অধিকাৰী বীৰেন্দ্ৰ কুমাৰৰ সন্দৰ্ভত শ্ৰী নাইডুৱে কয় যে তেওঁ একেধাৰে এগৰাকী সন্মানীত ৰাজনীতিবিদ, প্ৰতিষ্ঠিত লেখক, পৰিৱেশবিদ তথা দক্ষ সাংবাদিক আছিল৷

বীৰেন্দ্ৰ কুমাৰৰ দ্বাৰা বিভিন্ন প্ৰেছ কাৰ্যালয়ৰ সদস্য হিচাপে আৰম্ভ কৰা বিভিন্ন পদক্ষেপ আৰু অভিযানৰ প্ৰশংসা কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ জনসাধাৰণৰ হিতৰ বাবে প্ৰেছৰ স্বাধীনতাৰ মাগদৰ্শন কৰিছিল৷

শ্ৰী নাইডুৱে কয়, মাতৃভূমি মুদ্ৰণ আৰু প্ৰকাশন লিমিটেডৰ অধ্যক্ষ আৰু প্ৰৱন্ধ নিৰ্দেশক হিচাপে তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ অমূল্য অৱদান আগবঢ়াইছিল৷

শ্ৰী বীৰেন্দ্ৰ কুমাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ভিতৰত তথ্যৰ প্ৰচাৰৰ মাধ্যমেৰে জনতাক সবলীকৰণ উল্লেখযোগ্য৷ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই মহামাৰীৰ সময়ত প্ৰামাণিক তথ্য প্ৰচাৰ কৰাৰ গুৰু্ত্বৰ সন্দৰ্ভত আলোকপাত কৰে৷ তেওঁ সংবাদ প্ৰতিষ্ঠানসমূহে নিজে ক্ষতিগ্ৰস্ত হৈও মহামাৰীৰ সঠিক তথ্য আৰু সজাগতা সৃষ্টিৰে জনসাধাৰণক সবলীকৰণৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ প্ৰশংসা কৰে৷ অৱশ্যে তেওঁ কভিড-১৯ৰ চিকিসা সন্দৰ্ভত অসত্য আৰু ভিত্তিহীন দাবীৰ বিৰুদ্ধে সংবাদ মাধ্যমক সজাগ হৈ থকাৰ আহ্বান জনায়৷

শ্ৰী বীৰেন্দ্ৰ কুমাৰ এগৰাকী অনুকৰণীয় সাংসদ আছিল বুলি উল্লেখ কৰি শ্ৰী নাইডুৱে কয় যে তেওঁৰ আচৰণ সকলো বিধায়কৰ বাবে আদৰ্শ স্বৰূপ৷

উপ-ৰাষ্ট্ৰপতিয়ে কয় যে শ্ৰী বীৰেন্দ্ৰ কুমাৰ সিদ্ধান্তৰ ওপৰত চলা ব্যক্তি আছিল আৰু অধিকাৰ খৰ্ব হোৱা লোকৰ উত্থানৰ বাবে তেওঁ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আছিল৷ তেওঁ সদায় সাধাৰণৰ জনতাৰ সমস্যাৱলীক অগ্ৰাধিকাৰ দিছিল৷ তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰব৷

আদৰ্শ আৰু মূল্যবোধৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিক স্পষ্ট কৰি কেৰালা চৰকাৰৰ বন মন্ত্ৰী হিচাপে বীৰেন্দ্ৰ কুমাৰে কৰা পদত্যাগৰ সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁক যেতিয়া গছ কটা বন্ধ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ হেঁচা দিছিল, তেওঁ হাৰ মনা নাছিল৷

কৰ্মচাৰী সংঘৰ আন্দোলনত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ লগতে কৰ্মশক্তিৰ অধিকাৰৰ হকে মাত মতা কথাৰ স্মৰণ কৰি শ্ৰী নাইডুৱে কয় যে কেন্দ্ৰীয় শ্ৰম ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) হিচাপে শ্ৰী কুমাৰে কৰ্মচাৰীসকলক লাভান্বিত কৰাৰ বাবে কৰ্মচাৰী ভৱিষ্য নিধি আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগম(ইএছআইচি) ব্যৱস্থাত সংস্কাৰ সাধনৰ শুভাৰম্ভ কৰিছিল৷

শ্ৰী বীৰেন্দ্ৰ কুমাৰৰ সাহিত্যিক অভিজ্ঞতাৰ সন্দৰ্ভত উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ ৰাজহুৱা জীৱন আৰু বিধায়কৰ ক্ষেত্ৰত এনে কম সংখ্যক লোক দেখিছে যি কেন্দ্ৰীয় সাহিত্য অকাডেমী আৰু কেৰালা সাহিত্য অকাডেমী সন্মানেৰে বিভূষিত হোৱাৰ লগতে ভাৰতীয় জ্ঞানপীঠ ন্যাসৰ দ্বাৰা সাংবাদিকৰ ক্ষেত্ৰখনত আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক মূৰ্তিদেৱী পুৰস্কাৰো(২০১৬)প্ৰদান কৰা হৈছিল৷

ভাৰ্চুৱেল স্মৃতিচাৰণ অনুষ্ঠানত কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মিজোৰামৰ ৰাজ্যপাল শ্ৰী পি.এছ. শ্ৰীধৰণ পিল্লাই, দ্য হিন্দু গোষ্ঠীৰ নিৰ্দেশক শ্ৰী এন. ৰাম, মাতৃভূমি গোষ্ঠীৰ অধ্যক্ষ তথা প্ৰৱন্ধ সম্পাদক শ্ৰী পি. বি. চন্দ্ৰন, কেইবাগৰাকী সাংসদ, প্ৰয়াত শ্ৰী বীৰেন্দ্ৰ কুমাৰৰ পুত্ৰ তথা মাতৃভমি গোষ্ঠীৰ প্ৰৱন্ধ নিৰ্দেশক শ্ৰী এম. বি. শ্ৰেয়াছ কুমাৰসহ কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

*********

VRRK/MS/MSY/DP/DB



(Release ID: 1640930) Visitor Counter : 155