কৃষি মন্ত্ৰালয়

১১ এপ্ৰিলৰ পৰা ১৯ জুলাই, ২০২০লৈ ৰাজস্থান, মধ্যপ্ৰদেশ, পাঞ্জাৱ, গুজৰাট, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, হাৰিয়ানা, উত্তৰাখণ্ড আৰু বিহাৰৰ ৩.৭০ লাখ হেক্টৰতকৈ অধিক এলেকাত কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযান হাতত লোৱা হৈছে

১৯-২০ জুলাই, ২০২০ত ৰাজস্থানৰ ৮খন জিলাৰ ৩১টা স্থানত আৰু উত্তৰপ্ৰদেশৰ ৰামপুৰ জিলাৰ এটা স্থানত নিয়ন্ত্ৰণ অভিযান চলাইছে

Posted On: 20 JUL 2020 4:48PM by PIB Guwahati

লকাষ্ট চাৰ্কোল অফিচে(এলচিঅ’) ১১ এপ্ৰিলৰ পৰা আৰম্ভ কৰা কাকতি ফৰিং নিয়ন্ত্ৰণ অভিযানৰ অধীনত ১৯ জুলাই, ২০২০লৈকে ৰাজস্থান, মধ্যপ্ৰদেশ, পাঞ্জাৱ, গুজৰাট, উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাৰ ১,৮৬,৭৮৭ হেক্টৰতকৈ এলেকাত কাৰ্য সম্পাদন কৰিছে৷ ইফালে, ৰাজস্থান, মধ্যপ্ৰদেশ, পাঞ্জাৱ, গুজৰাট, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, হাৰিয়ানা, উত্তৰাখণ্ড আৰু বিহাৰত ৰাজ্য চৰকাৰসমূহেও ১,৮৩,৬৬৪ হেক্টৰ ভূমিত নিয়ন্ত্ৰণ অভিযান চলাইছে৷

একেদৰে, ১৯-২০ জুলাই, ২০২০ত নিশাৰ ভাগত ৰাজস্থানৰ ৮খন জিলা ক্ৰমে-জয়ছালমেৰ, বাৰ্মেৰ, যোধপুৰ, বিকানেৰ, চুৰু, আজমেৰ, ছিকাৰ আৰু পালিৰ ৩১টা স্থানত এলচিঅ’ৰ দ্বাৰা আৰু উত্তৰপ্ৰদেশৰ ৰামপুৰ জিলাৰ এটা স্থানত উত্তৰপ্ৰদেশ ৰাজ্যিক কৃষি বিভাগে নিয়ন্ত্ৰণ অভিযান চলায়৷

বৰ্তমান কাকতি ফৰিং নিয়ন্ত্ৰণ কাৰ্যসূচীত ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ ৭৯টা নিয়ন্ত্ৰণ দল আৰু কেন্দ্ৰীয় চৰকাৰৰ ২০০গৰাকীতকৈ অধিক কৰ্মচাৰী নিয়োজিত কৰা হৈছে৷ তদুপৰি, ৰাজস্থানৰ বাৰ্মেৰ, জয়ছালমেৰ, বিকানেৰ, নগৌৰ আৰু ফালোডিত ওখ গছসমূহত কীটনাশক ছতিওৱাৰ বাবে ৫টা কোম্পানীৰ ১৫খন দ্ৰোণ ব্যৱহাৰ কৰা হৈছে৷ আকাশ মাৰ্গৰ পৰা কীটনাশক ছতিওৱাৰ বাবে ৰাজস্থানত বেলি হেলিকপ্টাৰৰ উপৰি ভাৰতীয় বায়ু সেনাই পৰীক্ষামূলকভাৱে এমআই-১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে৷

উল্লেখ্য যে ৰাজস্থানৰ কেইখনমান জিলা কিছু পৰিমাণে ক্ষতি হোৱাৰ বাদে বাকীবোৰ ৰাজ্যত বিশেষ ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰা নাই৷

 

***

APS/SG/DB



(Release ID: 1640050) Visitor Counter : 175