ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ভিডিঅ’ কনফাৰেন্সিংযোগে উদ্বোধন কৰিলে এলবিএছএনএএৰ আইএএছ বৃত্তিমুলক পাঠ্যক্ৰমৰ দ্বিতীয় পৰ্যায়ৰ (২০১৮ বেটছ)

ড০ জিতেন্দ্ৰ সিঙে কয় যে বিষয়াসকল প্ৰধানমন্ত্ৰীৰ নিউ ইণ্ডিয়া ভিজনৰ একোজন খনিকৰ হ’ব পাৰে

Posted On: 06 JUL 2020 5:07PM by PIB Guwahati

কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰ ৰাজ্যিক(স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি কয় যে ২০২০ বৰ্ষত অসামৰিক সেৱাই প্ৰকৃতাৰ্থত সৰ্বভাৰতীয় স্বৰূপ আকোঁৱালি লৈছে, কাৰণ ইয়াৰ জৰিয়তে বিগত বহু বছৰৰ পাছত এইবাৰ প্ৰায় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে প্ৰতিনিধিত্ব কৰিছে৷ তেওঁ কয় যে ভাৰতৰ দৰে বিশাল দেশৰ বাবে এয়া এক ডাঙৰ সম্পত্তি আৰু ভাৰতত অসামৰিক সেৱাৰ প্ৰতিষ্ঠাপক চৰ্দাৰ বল্লভভাই পেটেলে এই সপোনকে দেখিছিল৷ ড০ জিতেন্দ্ৰ সিঙে ভিডিঅ’ কনফাৰেন্সিংযোগে লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনিক একাডেমী, মিচোৰীৰ আইএএছ বৃত্তিমূলক পাঠ্যক্ৰমৰ দ্বিতীয় পৰ্যায়(২০০৮ বেটচ)ৰ উদ্বোধন কৰাৰ পাছত কনফাৰেন্সত অংশগ্ৰহণ কৰা লোকসকলক সম্বোধন কৰে৷

এই উপলক্ষে ড০ জিতেন্দ্ৰ সিঙে কয় যে বিষয়াসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিউ ইণ্ডিয়া ভিজনৰ একোজন খনিকৰ হ’ব পাৰে৷ তেওঁ লগতে কয় যে বিগত ১০ বছৰতকৈ অধিক সময় ভাৰতে বিশ্বক দেখুৱাই দিলে যে ক’ৰোনা ভাইৰাছৰ সংকট সত্ত্বেও সুন্দৰভাৱে আগুৱাই গৈ আছে৷ প্ৰথমবাৰলৈ অনলাইন আইএএছ বৃত্তিমুলক পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ১৮৫গৰাকী অংশগ্ৰহণকাৰীৰ প্ৰায় ১২৫গৰাকী অভিযন্তা আৰু অন্যান্য বৃত্তিৰ পৰা আহিছে৷ এই ব্যৱস্থাই আধূনিক দিনৰ উন্নয়নমূলক প্ৰত্যাহ্বানৰ মুখামুখি হোৱাত বহু দূৰ আগুৱাই যাব লাগিব৷ এই বেটছত ৫০গৰাকী মহিলাক নিযুক্তি প্ৰদান কৰাটোৱে শ্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘মহিলা সবলীকৰণ’ মন্ত্ৰকে প্ৰতিফলিত কৰিছে৷

<><><><><>

SNC/SS/DB



(Release ID: 1636996) Visitor Counter : 137