জল শক্তি মন্ত্ৰালয়

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰে কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰীৰ আলোচনা

২০২২চনৰ ভিতৰত ৰাজ্যখনৰ গ্ৰামঞ্চলৰ পৰিয়ালসমূহলৈ নলীৰে খোৱাপানীৰ যোগানৰ পৰিকল্পনা

Posted On: 04 JUL 2020 11:53AM by PIB Guwahati

কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱটে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে হিমাচল প্ৰদাশৰ মুখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰৰ সৈতে হোৱা আলোচনাত ৰাজ্যখনত জল জীৱন অভিযান আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনাত মিলিত হয়। গাঁও অঞ্চলত বসবাস কৰা পৰিয়ালসমূহৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে ভাৰত চৰকাৰে গাঁওবাসীলৈ বুনিয়াদি সা-সুবিধাসমূহ প্ৰদানৰ প্ৰসংগত সৰ্বাধিক প্ৰাথমিকতা প্ৰদান কৰিছে। বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিত অৰ্থতে প্ৰথমিকতা প্ৰদান কৰিবলগীয়া বুনিয়াদি সেৱা হোৱাৰ পৰিপ্ৰেক্ষিততে জল জীৱন অভিযানৰ অধীনত গাঁও অঞ্চললৈ খোৱাপানীৰ যোগান নিশ্চিত কৰিব খোজা হৈছে। সমতা আৰু সৰ্বাত্মকতাৰ মূলমন্ত্ৰ সাৰোগত কৰি এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰিয়ালসমূহলৈ সাৰ্বজনীন ভাবে পানীৰ যোগান নিশ্চিত কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে।

আঁচনিখনৰ জৰিয়তে হিমাচল প্ৰদেশত ৰাষ্ট্ৰীয় লক্ষ্যবৰ্ষ ২০২৪চনৰ পূৰ্বে, অৰ্থাত ২০২২চনৰ আগষ্ট মাহৰ ভিতৰতে ১০০শতাংশ পৰিয়াললৈ বিশুদ্ধ খোৱাপানী নলীৰে যোগানৰ পৰিকল্পনা চূড়ান্ত কৰা হৈছে। এই পৰিকল্পনা সম্পূৰ্ণ কৰিব পাৰিলে আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত হিমাচল প্ৰদেশ দেশৰ অন্যতম অগ্ৰণী ৰাজ্য হিচাপে পৰিগণিত হব।

 

 

***

APS/PK/KB



(Release ID: 1636518) Visitor Counter : 107