বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

কোৱাণ্টাম প্ৰযুক্তিৰ যোগাযোগ-মঞ্চসমূহৰ সুৰক্ষা নিশ্চিত কৰিব পৰা উপকৰণ যুগুতাই উলিয়ালে ‘আৰআৰআই’-য়ে

Posted On: 30 JUN 2020 12:12PM by PIB Guwahati

শেহতীয়া প্ৰেক্ষাপটত ডিজিটেল মাধ্যমৰ সৰহখিনি স্থানেই কভিড-১৯ৰ দৈনন্দিন বা-বাতৰিৰে পূৰ্ণ হৈ থকাৰ মুহূৰ্তত ভাৰ্চুৱেল পৃথিৱীখনত নিৰাপত্তাৰ প্ৰসংগ সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰি অহা পৰামৰ্শাৱলীৰ প্ৰাসংগিকতা দিনে দিনে বাঢ়ি আহিবলৈ ধৰিছে।

যিকোনো তথ্যৰ হস্তাৰণ বিধিৰ সুৰক্ষিত অংশটোৱেই হল বাৰ্তাক এনক্ৰীপ্ট অৰ্থাত সাধাৰণ ভাষাৰ পৰা কম্পিউটাৰৰ ভাষালৈ ৰূপান্তৰ কৰা আৰু পুনৰাই ইয়াক ডিক্ৰীপ্ট অৰ্থাত এই ভাষাৰ পৰা সাধাৰণ ভাষালৈ ৰূপান্তৰ কৰোতে মূলতঃ ব্যৱহাৰ কৰা বিতৰণৰ প্ৰক্ৰিয়াটো। সাধাৰণতে সমস্যাৰ গাণিতীয় সমাধানৰ ভিত্তিতে সম্পন্ন কৰা এনেবোৰ বিতৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অণু-ক্ৰমিক গণনাৰে তথ্য পৰিৱেশনত হীন-দেঢ়ি ঘটা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ কম্পিউটাৰসমূহৰ ক্ষেত্ৰত নতুন বিধিৰ সূচনাকাৰী হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। এনে প্ৰেক্ষাপটতত মূল হস্তান্তৰণ প্ৰক্ৰিয়াৰ সুৰক্ষা সম্পৰ্কীয় সমাধানসূত্ৰৰ নিশ্চয়তা পদাৰ্থ বিজ্ঞানৰ কোৱাণ্টাম সূত্ৰৰ ব্যৱহাৰৰ ওপৰতে নিৰ্ভৰ কৰিব, যত অনাহূতভাবে আহৰণ কৰা যিকোনো ধৰণৰ তথ্য আহৰণৰ কাণ্ডই তথ্য প্ৰকাশৰ ইংগিতো এৰি থৈ যাব আৰু সেয়ে ইয়াক সহজেই বিচাৰি উলিয়াব পৰা যাব। ইয়াক কোৱাণ্টাম কী ডিষ্ট্ৰিবিউশ্যন বা কিউকেডি ব্যৱহাৰ কৰি আহৰণ কৰিব পৰা যাব।

এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ্ স্বতন্ত্ৰ প্ৰতিষ্ঠান ৰমন ৰিচাৰ্ছ ইনষ্টিটিউট(আৰআৰআই)ৰ এদল বিজ্ঞানীয়ে কিউকেডিছিম নামৰ এবিধ সুৰক্ষা উপকৰণ যুগুতাই উলিয়াইছে। মডুলাৰ প্ৰিন্সিপল ভিত্তিক এইবিধ উপকৰণত বিভিন্ন প্ৰযুক্তিৰ সংযোজন ঘটোৱা হৈছে। অধ্যাপিকা উৰ্বশী সিনহাৰ নেতৃত্ব কাম কৰা বিজ্ঞানীৰ দলটোলৈ সহযোগিতা আগবঢ়াইছিল কানাডাৰ টইউনিভাৰ্ছিটী অব কেলগেৰীটৰ অধ্যাপক বেৰী ছেন্দাৰ্ছে। কৃত্ৰিম উপগ্ৰহীয় প্ৰযুক্তিৰ ব্যৱহাৰৰে সম্পন্ন কৰা কোৱাণ্টাম পৰীক্ষণ প্ৰকল্পৰ অংশ হিচাপে যুগুতাই উলিওৱা এইবিধ উপকৰণ নিৰ্মাণ প্ৰকল্পক কৃত্ৰিম উপগ্ৰহ-ভিত্তিক ভাৰতৰ প্ৰথমটো টনিৰাপদ কোৱাণ্টাম যোগাযোগ সম্পৰ্কীয় প্ৰয়াসট বুলি অভিহিত কৰা হৈছে। প্ৰকল্পটোলৈ সহায়ৰ হাত আগবঢ়াইছিল ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা ইছৰোৱেও। এই প্ৰকল্পৰ সবিশেষ তথ্য প্ৰকাশ পাব ফিজিকেল ৰিভিউ এপ্লাইড নামৰ বিজ্ঞান আলোচনীখনত।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image003GA9F.jpg

Figure: Presenting qkdSim: a QKD experimentalist’s best friend. Two QKD experimentalists figuring out the most cost-effective and efficient design for their experiment. They run qkdSim, include all the perceived device and process imperfections, and optimize their design for the best possible key rates and lowest possible error rates.

[প্ৰকাশনীৰ সবিশেষ

R. Chatterjee, K. Joarder, S. Chatterjee, B. C. Sanders, and U. Sinha, "qkdSim: An experimenter's simulation toolkit for QKD with imperfections, and its performance analysis with a demonstration of the B92 protocol using heralded photons", arXiv:1912.10061v1 (2019). (In Press: Physical Review Applied)

অধিক তথ্যৰ বাবা অধ্যাপিকা উৰ্বসী সিনহা (usinha@rri.res.in)ৰ সৈতে যোগাযোগ কৰিব পাৰে।

 

*****

NB/KGS/(DST)/KB



(Release ID: 1635404) Visitor Counter : 166


Read this release in: English , Hindi , Manipuri , Tamil