মহাকাশ দপ্তৰ

ক’ভিড মহামাৰীৰদ্বাৰা ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযান “গগণায়ন” প্ৰভাৱিত নহয়ঃ ডাঃ জিতেন্দ্ৰ সিং

Posted On: 29 JUN 2020 5:44PM by PIB Guwahati

কেন্দ্ৰীয় উত্তৰ পূব উন্নয়ন (DoNER) দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰী কাৰ্যালয় (PMO), পাৰ্ছনেল, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি ইয়াত কয় যে কভিড মহামাৰীৰদ্বাৰা ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযান গগণায়নৰ উৎক্ষেপণ প্ৰভাৱিত নহয় আৰু ইয়াৰ প্ৰস্তুতি সঠিক দিশেৰে আগবাঢ়িছে।

যোৱা এটা বছৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) আৰু মহাকাশ বিভাগে লাভ কৰা বিশেষ সফলতা আৰু ভৱিষ্যতৰ কাৰণে পৰিকল্পনা কৰা কেতবোৰ অভিযান সন্দৰ্ভত ব্যক্ত কৰি, ডাঃ জিতেন্দ্ৰ সিঙে কয় যে যদিও কভিড-১৯ মহামাৰীৰ কাৰণে ৰাছিয়াত চাৰিগৰাকী ভাৰতীয় মহাকাশচাৰীৰ প্ৰশিক্ষণ সাময়িকভাৱে স্থগিত ৰখা হৈছিল, তথাপিতো ইছৰোৰ অধ্যক্ষ আৰু  আৰু বিজ্ঞানীৰ দলৰ দৃষ্টি প্ৰশিক্ষণ কাৰ্যক্ৰম আৰু উৎক্ষেপণৰ সময়সীমা উভয়তে নিবদ্ধ আছে। মহাকাশচাৰী কেইজনৰ প্ৰশিক্ষণ এতিয়া পুনৰ আৰম্ভ হৈছে আৰু পৰিকল্পনা কৰামতেই ২০২২ ত অৰ্থাৎ ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ পূৰ্বেই উৎক্ষেপণ নিৰ্ধাৰণ কৰা হৈছে, তেওঁ কয়।

ইছৰোৰ কাম-কাজত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰিবলৈ গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ কথা উল্লেখ কৰি ডাঃ জিতেন্দ্ৰ সিঙে কয়, “ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰোৎসাহন আৰু অনুমোদন কেন্দ্ৰ” (IN-SPACe) শীৰ্ষক এটা নিয়ন্ত্ৰক সংস্থা গঠন কৰা হৈছে। ইয়ে ব্যক্তিগত খণ্ডসমূহক সুষম প্ৰতিযোগিতামূলক ক্ষেত্ৰ আগবঢ়োৱাত সহায় আৰু তেওঁলোকৰ অংশগ্ৰহণক উৎসাহিত কৰিব, তেওঁ কয়।

ডাঃ জিতেন্দ্ৰ সিঙে কয়, আমাৰ মহাকাশ অভিযানসমূহত সামৰ্থ্য আৰু সম্পদ বৃদ্ধি কৰাৰ ওপৰিও, ব্যক্তিগত খণ্ডৰ বৰ্ধিত অংশগ্ৰহণে নতুনত্ব বিচাৰি ভাৰতৰপৰা বাহিৰ হোৱা প্ৰতিভাসম্পন্ন মহাকাশ বিজ্ঞানী আৰু বিশেষজ্ঞসকলৰ বৰ্হিৰ্গমন প্ৰতিৰোধ কৰি ব্ৰেইন ড্ৰেইনো হ্ৰাস কৰিব।

চন্দ্ৰযান-৩ শীৰ্ষক চন্দ্ৰ অভিযান সন্দৰ্ভত, ডাঃ জিতেন্দ্ৰ সিঙে কয়, আজিৰ তাৰিখত, অহা বৰ্ষত ইয়াক উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছে। এই অভিযানত এটা লেণ্ডাৰ, ৰভাৰ আৰু মডিউল কঢ়িয়াবলৈ এটা প্ৰপালচন প্ৰণালী থাকিব কিন্তু পূৰ্বৰ অৰ্বিটাৰে সম্পূৰ্ণৰূপে কাম কৰি থকাৰ পৰিপ্ৰেক্ষিতত ইয়াত অৰ্বিটাৰ নাথাকে, তেওঁ লগতে কয়।

<><><><><>

SNC/SS/SB



(Release ID: 1635304) Visitor Counter : 158