উপ-ৰাষ্ট্ৰপতি সচিবালয়

জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওলৈ উপ ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অৰ্থনৈতিক সংস্কাৰ সূচনা কৰাত ৰাওৰ অগ্ৰণী ভূমিকাক সোঁৱৰণ কৰিলে উপ ৰাষ্ট্ৰপতিয়ে

নিকট অতীতত দ্ৰুত বিকাশশালী অৰ্থনীতি হিচাপে ভাৰতৰ উত্থানৰ বাবে বিশাল কৃতিত্বৰ গৰাকী ৰাওঃ উপ ৰাষ্ট্ৰপতি

Posted On: 28 JUN 2020 10:02AM by PIB Guwahati

প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাওৰ আজি জন্ম বাৰ্ষিকী উপলক্ষে উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে তেওঁলৈ প্ৰশংসাসূচক শ্ৰদ্ধা জনায় আৰু ভাৰতৰ অৰ্থনীতিয়ে পতনৰ প্ৰান্তত উপনীত হোৱাৰ জটিল সন্ধিক্ষণত অৰ্থনৈতিক সংস্কাৰৰ সূচনা হোৱাত তেওঁ পালন কৰা অগ্ৰগণ্য ভূমিকাক সোঁৱৰণ কৰে।

এটি ফেচবুক পষ্টত, শ্ৰী নাইডুৱে অৰ্থনীতিৰ উদাৰীকৰণৰ অৰ্থে ৰাওৱে গ্ৰহণ কৰা ব্যৱস্থাৰাজিক উল্লেখ কৰে।তেওঁ লাইচেন্স ৰাজৰ অধীনত বলবৎ কৰা বাধ্যবাধকতাসমূহ বিলুপ্ত কৰাৰ চেষ্টা চলোৱাৰ লগতে ৰঙা ফিঁটাৰ মেৰপাক হ্ৰাসৰ জৰিয়তে ভাৰতীয় উদ্যোগসমূহৰ মনত অধিক প্ৰতিযোগিতাৰ মনোভাৱ জগাই তুলিছিল।”, তেওঁ কয়।

তেওঁ উল্লেখ কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে বাণিজ্য উদাৰীকৰণৰ ভেটি স্থাপন কৰিছিল আৰু বিশেষতঃ পূব এছীয় অৰ্থনীতিসমূহকে প্ৰমুখ্য কৰি বিশ্ব অৰ্থনীতিৰ সৈতে ভাৰতীয় অৰ্থনীতিৰ পুনৰ-সংহতকৰণ সাধিছিল। উপ ৰাষ্ট্ৰপতিজনে কয়: “পূৰ্বৱৰ্তী আমোলৰ আভ্যন্তৰীণ প্ৰৱণতাৰপৰা বিশ্বব্যাপী সংহত উন্নয়নৰ নতুন পথলৈ এয়া আছিল গুৰু পৰিৱৰ্তন।

তেওঁ এগৰাকী সংস্কাৰক আছিল আৰু বিশ্বৰ চৌদিশে কি ঘটিছে সেয়া ভাৰতে জানি উঠাটো বিচাৰিছিল। তেওঁ সংকটক এটা সুযোগলৈ পৰিৱৰ্তন হোৱাটো বিচাৰিছিল, শ্ৰী নাইডুৱে কয়।

উপ ৰাষ্ট্ৰপতিজনে কয় যে পূৰ্বৱৰ্তী বছৰসমূহত ভাৰতৰ জিডিপিৰ বিকাশ আৰু নিকট অতীতত দ্ৰুত বিকাশশালী অৰ্থনীতি হিচাপে দেশখনে ঠন ধৰি উঠাৰ কৃতিত্বৰ গুৰু অংশ ৰাওলৈ যোৱা উচিত।

সংস্কাৰৰ ধাৰা অব্যাহত ৰাখিবলৈ দেশত ক্ৰমান্বয়ে এটা বিস্তৃত ঐক্যমতে গা কৰি উঠিছে বুলি উল্লেখ কৰি, তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে এই সংস্কাৰক ত্বৰান্বিত কৰিছিল, ঠিক সেইদৰে বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে এই সংস্কাৰসমূহকে ব্যাপকভাৱে ৰূপায়ণ কৰি আছে।

ৰাওৱে একেদৰে ৰাষ্ট্ৰীয় পাৰমাণৱিক সুৰক্ষাৰ কাৰণেও শক্তিশালী ভেটি স্থাপন কৰিছিল বুলি উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিজনে কয়: “বৈদেশিক নীতিত তেওঁৰ বলিষ্ঠ পদক্ষেপসমূহৰ ভিতৰত আছিল ইজৰাইলৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হোৱাটো আৰু ভাৰত আৰু আমেৰিকাৰ কেইবাদশকজুৰি হিমায়িত হৈ থকা সম্পৰ্কক নতুন ৰূপেৰে উজ্জীৱিত কৰি তোলাটো।

প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে তদুপৰি পঞ্জাৱ আৰু কাশ্মীৰৰ বিচ্ছিন্নতাবাদী আন্দোলন নিয়ন্ত্ৰণ কৰাটো সম্পূৰ্ণৰূপে সফল হৈছিল, তেওঁ কয়।

উপ ৰাষ্ট্ৰপতিজনে কয় যে ৰাওৰ কাৰ্যকালত লুক ইষ্ট পলিচীৰ সূচনা কৰা আৰু ৭৩ আৰু ৭৪ সংখ্যক সাংবিধানিক সংশোধনীয়ে স্থানীয় নিকায় সমূহক অধিক ক্ষমতাৱান কৰি তোলাটোও তেওঁৰ প্ৰধানমন্ত্ৰিত্বৰ কালৰ অন্যতম সফলতা আছিল।

****

VRRK/MS/MSY/DP/SB



(Release ID: 1635012) Visitor Counter : 128