প্ৰতিৰক্ষা মন্ত্ৰালয়

ইষ্টাৰ্ণ পেৰিফাৰেল এক্সপ্ৰেছৱে’-ত সতৰ্কতামূলক অৱতৰণ ভাৰতীয় বায়ুসেনাৰ চিতাহ হেলিকপ্টাৰৰ

Posted On: 26 JUN 2020 5:22PM by PIB Guwahati

বাহিনীৰ নিয়মীয়া কামত হিণ্ডানৰ পৰা হালৱাৰালৈ গৈ থকা অৱস্থাত বায়ুসেনা বাহিনীৰ এখন চিতাহ হেলিকপ্টাৰত কাৰিকৰী বিজুতিৰ সম্ভেদ পাই পাইলটগৰাকীয়ে ইষ্টাৰ্ণ পেৰিফাৰেল এক্সপ্ৰেছৱেত এক সতৰ্কতামূলক অৱতৰণ কৰায়। হিণ্ডানৰ পৰা প্ৰায় ১৪এনএম দূৰত্ব অতিক্ৰম কৰাৰ সময়তে বিজুতি ধৰা পৰাত বৈমানিকগৰাকীয়ে ততাতৈয়াকৈ গ্ৰহণ কৰা সিদ্ধান্তটো নিতান্তই শুদ্ধ আছিল বুলি বিবেচনা কৰা হৈছে। এই ঘটনাত কোনো সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ তথ্য লাভ কৰা নাই। সংশ্লিষ্ট হেলিকপ্টাৰখনৰ উদ্ধাৰ প্ৰক্ৰিয়া অনতি বিলম্বে কৰা হয় আৰু ইতিমধ্যে হেলিকপ্টাৰখনত ধৰা পৰা বিজুতি আঁতৰাই নিৰাপদে হিণ্ডানলৈ ওভতাই অনাৰ ব্যৱস্থা কৰা হৈছে।

 

***

IN/BSK/KB



(Release ID: 1634682) Visitor Counter : 107