ৰেল মন্ত্ৰালয়

৩১ অক্টোবৰ,২০২০লৈ আগন্তুক ১২৫ দিনত আন্তগাঁথনি প্ৰকল্পত প্ৰব্ৰজিত আৰু অন্যান্যৰ বাবে ৰেলৱেই ৮ লাখ মানৱ দ‌িনৰ কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।

৬ ৰাজ্যৰ ১১৬ জিলাত কাৰ্যকৰী কৰা ‘গৰীৱ কল্যাণ ৰোজগাৰ অভিযান’ৰ অগ্ৰগতিৰ পৰ্যালোচনা ৰেল মন্ত্ৰালয়ৰ।

গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত আয়োজিত পৰ্যালোচনা বৈঠকত অংশ লয় ৰেলৱে মণ্ডল আৰু ৰেল পিএছইউ-এ।

১১৬ জিলাৰ আটাইকেইখনতে আৰু ৰাজ্যিক পৰ্যায়ত নডেল বিষয়া নিযুক্তি দিব ৰেলৱেই।

১২৫ দিনীয়া এই অভিযানে মিছন মোডত কাম কৰিব, ১১৬ জিলাৰ বিভিন্ন বৰ্গৰ কাম-কাজৰ অগ্ৰগতিত নজৰ দিব, প্ৰত্যেকে ৬ ৰাজ্য বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আৰু ওড়িষাৰ ওভতি অহা শ্ৰমিকক অধিক গুৰুত্ব দিব।

প্ৰায় ১৬০ আন্তগাঁথনিমূলক কাম চিহ্নিত কৰা হৈছে যিবোৰ খৰতকীয়াকৈ সম্পাদন কৰা হব।

Posted On: 24 JUN 2020 5:59PM by PIB Guwahati

ৰেল মন্ত্ৰালয়ে আজি ২৪ জুন,২০২০ তাৰিখে মাণ্ডলিক ৰেলৱে আৰু ৰেলৱে পিএছইউৰ সৈতে ভিডিঅ কনফাৰেঞ্চ বৈঠকৰ জৰিয়তে গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে।

 

২০জুনত মাননীয় প্ৰধান মন্ত্ৰীয়ে শুভ উদ্ধোধন কৰা গৰীৱ কল্যাণ ৰোজগাৰ অভিযান ৬ ৰাজ্য অৰ্থাত্ উত্তৰ প্ৰদেশ, বিহাৰ,ৰাজস্থান, মধ্য প্ৰদেশ,ওড়িষা আৰু ঝাৰখণ্ডৰ ১১৬ খন জিলাত চলি আছে।

 

ৰেলৱে বোৰ্ডৰ অধ্যক্ষ শ্ৰী বিনোদ কুমাৰ যাদৱে আজি পিএছইউৰ মহা প্ৰৱন্ধকসকল(জিএম)আৰু মাণ্ডলিক ৰেলৱে প্ৰৱন্ধকসকল(ডিআৰএম)আৰু পৰিচালন সঞ্চালকসকল(এমডি)ৰ সৈতে গৰীৱ কল্যাণ ৰোজগাৰ অভিযান সন্দৰ্ভত এক ভিডিঅ কনফাৰেঞ্চ বৈঠকত মিলিত হয়।

 

বৈঠকত ভাষণ দি শ্ৰী যাদৱে ৰাজ্য চৰকাৰসমূহৰ সৈতে এক সু-সমন্বয় গঢ়াৰ বাবে প্ৰতিখন জিলা আৰু ৰাজ্যত নডেল বিষয়া নিযুক্তি দিবলৈ মাণ্ডলিক ৰেলৱেক নিৰ্দেশ দিয়ে।প্ৰব্ৰজিত শ্ৰমিকসকলে যাতে প্ৰকল্পসমূহত কাম লাভ কৰাৰ লগতে সেই অনুসৰি ধন লাভ কৰে তাৰ নিশ্চিতিৰ বাবে মণ্ডল পৰ্যায়ত ৰেলৱে প্ৰশাসনক অধিক সক্ৰিয়ভাৱে কাম কৰিবলৈ শ্ৰী যাদৱে নিৰ্দেশ দিয়ে।

 

এইসমূহ চিনাক্ত কৰা জিলাত চলি থকা সকলো আন্তগাঁথনিমূলক কাম খৰতকীয়াকৈ সম্পাদন কৰিবলৈ মাণ্ডলিক ৰেলৱেক নিৰ্দেশ দিয়া হৈছে। প্ৰায় ১৬০টা আন্তগাঁথনিমূলক কাম চিনাক্ত কৰা হৈছে যিসমূহ খৰতকীয়াকৈ কৰা হব। ইয়ে সহস্ৰাধিক কৰ্মচাৰীক সংস্থাপন দিব আৰু মোটামুটিভাৱে অক্টোবৰ,২০২০ৰ শেষলৈকে ৮ লাখ মানৱ দ‌িনৰ কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব। এই জিলাসমূহত প্ৰায় ১৮০০ কোটি টকা খৰচ কৰা হব।

 

এমজিএনৰেগাৰ জৰিয়তে সম্পাদন কৰব পৰা ৰেলৱে কামৰ সংখ্যাও ৰেলৱেই চিনাক্ত কৰিছে। কামসমূহ-১)লেভেল ক্ৰছিঙৰ বাবে যোগাযোগ পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ দিয়া, ২)ৰেলপথৰ ছিল্টেড জলপথ, খাৱৈ আৰু নলা পৰিস্কাৰ আৰু উন্নত কৰা।, ৩) ৰেলৱে ষ্টেচন সংযোগী পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ, ৪)বৰ্তমানে থকা ৰেলৱে বান্ধ/কাটিংছৰ মেৰামতি আৰু বহলকৰণ, ৫)ৰেলৱেৰ ভূমিৰ চৰম সীমাত গছপুলি ৰোপণ আৰু ৬)বৰ্তমানে থকা বান্ধ/কাটিংছ/দলঙৰ সুৰক্ষাৰ বাবে কাম সম্পৰ্কীয়

 

এমজিএনৰেগাৰ অধীনত প্ৰস্তাৱিত কামৰ অনুমোদন লবলৈও মাণ্ডলিক ৰেলৱেক নিৰ্দেশ দিয়া হৈছে। দৈনিক হিচাপত কামসমূহ মাণ্ডলিক ৰেলৱেই নিৰীক্ষণ কৰিব আৰু অক্টোবৰ,২০২০ৰ শেষলৈকে প্ৰতি শুকুৰবাৰে মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰিব।

 

উল্লেখ কৰিব পাৰি যে মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কভিড-১৯ মহামাৰীৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত বৃহত্ সংখ্যক প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চল/গাঁৱত সামৰ্থ আৰু জীৱিকা উপলব্ধ কৰাৰ উদ্দেশ্যে ২০ জুন,২০২০ত গৰীৱ কল্যাণ ৰোজগাৰ অভিযান নামৰ এক ব্যাপক ৰোজগাৰ-তথা গ্ৰামীণ ৰাজহুৱা কৰ্ম অভিযানৰ শুভাৰম্ভ কৰিছে। প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰিছে যে গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত দীৰ্ঘস্থায়ী গ্ৰামীণ আন্তগাঁথনি নিৰ্মাণৰ নামত ৫০,০০০কোটি টকা খৰচ কৰা হব।

 

১২৫ দিনীয়া এই অভিযানে মিছন মোডত কাম কৰিব, ১১৬ জিলাৰ বিভিন্ন বৰ্গৰ কাম-কাজৰ অগ্ৰগতিত নজৰ দিব, প্ৰত্যেকে ৬ ৰাজ্য বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আৰু ওড়িষাৰ ওভতি অহা শ্ৰমিকক অধিক গুৰুত্ব দিব। এই অভিযানৰ সময়ত ৫০,০০০কোটি টকাৰ সাৰ্বজনিক কাম কৰা হব।

 

এই অভিযান ২৫ ৰাজহুৱা আন্তগাঁথনিমূলক কাম আৰু জীৱন ধাৰণৰ সুবিধা বৃদ্ধি সম্পৰ্কীয় কাম খৰতকীয়াকৈ কাৰ্যকৰী কৰিবলৈ ১২টা বিভিন্ন মন্ত্ৰালয়/বিভাগ; নামসমূহ হৈছে-গ্ৰাম্য উন্নয়ন, পঞ্চায়তী ৰাজ, পথ পৰিবহণ আৰু ঘাইপথ, খনন, খোৱা পানী আৰু স্বচ্ছতা, পৰিৱেশ, ৰেলৱে, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, নব্য আৰু পুনৰ নৱীকৰণ শক্তি, সীমান্ত পথ, টেলিকম আৰু কৃষিৰ সন্মিলিত প্ৰচেষ্টা হব।

 

 

 ********************************************************

DJN/SG/MKV/KG



(Release ID: 1634338) Visitor Counter : 234