কেবিনেট
কেবিনেটে কৃষি আৰু কৃষি সম্বন্ধীয় গতিবিধিসমূহৰ বাবে বেংকৰ বাবে হ্ৰস্বকালীন ঋণ পৰিশোধৰ সময়সীমা ৩১ আগষ্ট ২০২০ তাৰিখলৈ বৃদ্ধি কৰাত অনুমোদন প্ৰদান কৰিছে
प्रविष्टि तिथि:
01 JUN 2020 5:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে কৃষি আৰু কৃষি সম্বন্ধীয় গতিবিধিসমূহৰ বাবে বেংকৰ পৰা তিনি লাখ টকা পৰ্যন্ত হ্ৰস্বকালীন ঋণ পৰিশোধ কৰাৰ সময়সীমা বৃদ্ধিত অনুমতি প্ৰদান কৰিছে৷ এই ৰেহাই ১ মাৰ্চ ২০২০ৰ পৰা ৩১ আগষ্ট ২০২০ৰ সময়ছোৱাত পৰিশোধ কৰিবলগীয়া ঋণৰ বাবে কৰা হৈছে৷ এই ঋণ এতিয়া ৩১ আগষ্ট ২০২০লৈ পৰিশোধ কৰাৰ বাবে সময়সীমা বৃদ্ধি কৰা হৈছে৷ ঋণ পৰিশোধ কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ পিছতো এই ঋণসমূহৰ পৰা বেংকে লাভ কৰিবলগীয়া ২ শতাংশৰ সুতৰ ৰেহাই তথা কৃষকসকলক সময় থাকোঁতেই ঋণ পৰিশোধ কৰাৰ বাবে তিনি শতাংশৰ ৰেহাইৰ সুবিধা যথাৱৎ ভাৱে অব্যাহত থাকিব৷
লাভঃ
বেংকৰ দ্বাৰা কৃষি আৰু কৃষি সম্পৰ্কীয় গতিবিধিৰ বাবে প্ৰদান কৰা ৩ লাখ টকা পৰ্যন্ত হ্ৰস্বকালীন ঋণ যি ১ মাৰ্চ ২০২০ আৰু ৩১ আগষ্ট ২০২০ৰ মাজত পৰিশোধ কৰিবলগীয়া আছে, ইয়াৰ পুনৰ পৰিশোধৰ তাৰিখ ৩১ আগষ্ট ২০২০ তাৰিখলৈ বৃদ্ধি কৰাৰ ফলত কৃষকসকলে ৪ শতাংশৰ সুতৰ হাৰত কোনো জৰিমণা বহন নকৰাকৈ এই ধৰণৰ ঋণত ৩১ আগষ্ট ২০২০ৰ বৃদ্ধি হোৱা সময় পৰ্যন্ত পৰিশোধ কৰ অথবা নৱীকৰণ কৰাত সহায়ক হ’ব৷ ইয়াৰ অধীনত বেংকসমূহে ২ শতাংশ সুতৰ সাহায্য আৰু কৃষকৰ বাবে ৩ শতাংশৰ পিআৰআইৰ নিৰন্তৰে লাভ কৰিব৷ এয়াই নহয়, ইয়াৰ দ্বাৰা কৃষকসকলক ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত এই সুবিধা লাভ কৰাৰ বাবে বাৰে বাৰে বেংকলৈ যোৱাৰ প্ৰয়োজন নাথাকিব৷
VRRK/SH/MANN
(रिलीज़ आईडी: 1628881)
आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam