প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এমএছএমইসমূহক সবল কৰাৰ লক্ষ্যৰে চেম্পিয়নছ শীৰ্ষক প্ৰযুক্তি মঞ্চৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Posted On: 01 JUN 2020 5:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰযুক্তি মঞ্চ চেম্পিয়নছৰ শুভাৰম্ভ কৰে৷ চেম্পিয়নছ মানে হৈছে ক্ৰিয়েচন এণ্ড হাৰমনিয়াছ এপ্লিকেশ্যন অফ মডাৰ্ণ প্ৰচেছেছ ফৰ ইনক্ৰিজিং দ্য আউটপুট এণ্ড নেচনেল ষ্ট্ৰেংথ৷

 

এই নামটোৰ পৰাই বুজা যায় যে প’র্টেলটোৱে মূলত ক্ষদ্ৰ প্ৰতিষ্ঠানসমূহৰ অভিযোগ নিষ্পত্তি, সাহ যোগান, সমর্থন, সহায় আগঢ়াব৷ এমএছএমই মন্ত্রালয়ৰ প্ৰকৃতৱান-ষ্টপ-শ্বপঅর্থা বিভিন্ন কাম একে ঠাইতে কৰাৰ এটি মাধ্যম হিচাপে কাম কৰিব৷

এই আইচিটি ভিত্তিক ব্যৱস্থাই এমএছএমইসমূহক বর্তমানৰ জটিল পৰিস্থিতিত সহায় কৰাৰ বাবে তথা তেওঁলোকক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়ন হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে গঢ়ি তোলা হৈছে।

চেম্পিয়নছৰ বিস্তৃত উদ্দেশ্যঃ

অভিযোগ নিষ্পত্তিঃ বিশেষকৈ ক’ভিডত ধন, কেঁচামাল, শ্ৰমসহ এই ক্ষেত্রত প্ৰয়োজনীয় অনুমতিৰ লগতে এমএছএমইসমূহৰ সমস্যা সমাধান কৰা৷

নতুন সুযোগ অর্জনত সহায় আগবঢ়োৱাঃ এমএছএমইসমূহক চিকিসা সৰঞ্জাম তথা পিপিই, মাস্কৰ দৰে সামগ্ৰী পাদন আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত সেয়া যোগান ধৰাৰ ক্ষেত্রত সহায় কৰা৷

প্ৰধান ক্ষেত্ৰসমূহ চিনাক্ত কৰা তথা সেইবোৰত সাহ প্ৰদান কৰাঃ অর্থা সম্ভাৱ্য এমএছএমই যিবোৰে বর্তমান পৰিস্থিতিজনিত সংকটত কাম কৰিবলৈ সক্ষম তেওঁলোকক সাহ যোগোৱা, যাতে তেওঁলোকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়ন হিচাপে নিজকে তুলি ধৰিব পাৰে৷


এটা প্ৰযুক্তিৰ নিয়ন্ত্ৰণ কক্ষভিত্তিক ব্যৱস্থাপনা তথ্য পদ্ধতি৷ টেলিফোন, ইণ্টাৰনেট আৰু ভিডিঅ’ কনফাৰেন্সকে ধৰি আইচিটি সঁজুলিৰ লগতে এই ব্যৱস্থাত কৃত্রিম বুদ্ধিমত্তা, তথ্য বিশ্লেষক আৰু মেচিন লার্নিঙৰ জৰিয়তে গঢ়ি তোলা হৈছে। ইয়াক ভাৰত চৰকাৰৰ মূল অভিযোগৰ প’র্টেল চিপিজিআৰএমএছ আৰু এমএছএমই মন্ত্ৰালয়ৰ অন্যান্য নিজা ৱেবভিত্তিক প্ৰক্রিয়াৰ সৈতে সংযুক্ত কৰা হৈছে। সম্পূৰ্ণ আইচিটি প্ৰক্রিয়াটো বিনামূলীয়াকৈ এনআইচিৰ সহায়ত দেশজুৰি প্ৰস্তুত কৰা হৈছে৷ একেদৰে, অতি কম সময়ৰ ভিতৰতে মন্ত্রীৰ এক অব্যৱহৃত ঘৰত এক পৰিকাঠামো গঢ়ি তোলা হৈছে৷

এই পদ্ধতিৰ অংশ হিচাপে এক হাব আৰু স্প’ক মডেলত নিয়ন্ত্ৰণ কক্ষৰ নেটৱর্ক গঢ়ি তোলা হয়। হাবটো, নতুন দিল্লীত এমএছএমইৰ সচিব বিভাগত অৱস্থিত। ৰাজ্যসমূহৰ এমএছএমই মন্ত্ৰালয়ৰ বিভিন্ন বিভাগৰ স্প’কবোৰ আছে৷ এতিয়ালৈকে ৬৬টা ৰাজ্যিক পৰ্যায়ৰ নিয়ন্ত্ৰণ কক্ষ গঢ়ি তোলাৰ লগতে কার্যক্ষম কৰি তোলা হৈছে৷ এইবোৰ চেম্পিয়নছৰ প’র্টেল অবিহনে ভিডিঅ’ কনফাৰেন্সৰ যোগেৰে সংযুক্ত হৈছে। বিষয়াসকলৰ বাবে এক বিস্তৃত মানসম্পন্ন পৰিচালন পদ্ধতি(এছঅ’পি) জাৰি কৰাৰ উপৰি কর্মীসকলৰ প্ৰশিক্ষণো দিয়া হৈছে৷

আজিৰ অনুষ্ঠানত এমএছএমই আৰু পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী শ্রী নীতিন গাডাকাৰীও উপস্থিত থাকে৷

*****

VRRK/SH/DB



(Release ID: 1628653) Visitor Counter : 309