গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

প্ৰব্ৰজিত তথা আৱদ্ধ শ্ৰমিকসকলক খাদ্য সামগ্ৰী আৱণ্টনৰ বাবে ‘আত্মনিৰ্ভৰ ভাৰত পেকেজ’ৰ আৱণ্টনত কেবিনেটৰ অনুমোদন

Posted On: 20 MAY 2020 2:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰায় ৮ কোটি প্ৰব্ৰজিত তথা আৱদ্ধ শ্ৰমিকক দুমাহ(মে’ আৰু জুন)ৰ বাবে প্ৰতিগৰাকীকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৫কেজিকৈ খাদ্য সামগ্ৰী আৱণ্টনৰ বাবে ‘আত্মনিৰ্ভৰ ভাৰত পেকেজ’ৰ পূৰ্বপ্ৰস্তাৱিত সিদ্ধান্তত কেবিনেটে অনুমোদন জনাইছে৷

ইয়াৰ বাবে ২,৯৮২.২৭ কোটি টকা ধাৰ্য কৰা হৈছে৷ তদুপৰি, আভ্যন্তৰীণ ৰাজ্যিক পৰিবহণ, পৰিচালনা ব্যয় তথা ডিলাৰৰ মার্জিন/ডিলাৰৰ অতিৰিক্ত মার্জিনৰ বাবে প্রায় ১২৭.২৫ কোটি টকা ব্যয় হ’ব, যিটো কেন্দ্রীয় চৰকাৰে সম্পূৰ্ণ খৰচ বহন কৰিব৷ ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰৰ মুঠ ব্যয়ৰ পৰিমাণ প্রায় ৩,১০৯.৫২ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷

ক’ভিড-১৯ৰ বাবে অর্থনৈতিক বিপর্যযৰ ফলত প্ৰব্ৰজিত/আৱদ্ধ হৈ থকা শ্ৰমিকৰ সমস্যা মোকাবিলা কৰাৰ বাবে এই সাহায্য আগবঢ়োৱা হৈছে৷

******

VRRK/SH/DB



(Release ID: 1626032) Visitor Counter : 147