বিত্ত আয়োগ

স্বাস্থ্য খণ্ডৰ এক উচ্চ পৰ্যায়ৰ গোটৰ সৈতে পঞ্চদশ বিত্ত আয়োগৰ বৈঠক

Posted On: 20 MAY 2020 4:33PM by PIB Guwahati

২১ মে’ ২০২০ তাৰিখে স্বাস্থ্য খণ্ডৰ এক উচ্চ পৰ্যায়ৰ গোটৰ সৈতে পঞ্চদশ বিত্ত আয়োগৰ ভিডিঅ’ কনফাৰেন্সযোগে বৈঠক অনুষ্ঠিত হ’ব৷ স্বাস্থ্য খণ্ডৰ এই উচ্চ পৰ্যায়ৰ গোট ২০১৮ চনৰ মে’ মাহত গঠন কৰা হৈছিল৷ ইয়াৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিছিল ডাঃ ৰনদ্বীপ গুলেৰিয়া, এইমছৰ সঞ্চালক আৰু স্বাস্থ্য খণ্ডৰ খ্যাতনামা ব্যক্তিসকলে৷ এই গোটে ২০১৯ চনৰ আগষ্ট মাহত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল আৰু ইয়াৰে কিছুমান পৰামৰ্শ ২০২০-২১ বৰ্ষৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ প্ৰথমটো প্ৰতিবেদনৰ সৈতে সংবদ্ধ কৰিছিল৷ পঞ্চদশ বিত্ত আয়োগে এতিয়া ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত অগ্ৰাধিকাৰভিত্তিত উচ্চ পৰ্যায়ৰ গোটখন পুনৰ গঠন কৰিবলৈ বিচাৰিছে৷ এই উচ্চ পৰ্যায়ৰ গোটক শেহতীয়া ক’ভিজ-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰকৃত পৰামৰ্শসমূহ পুনৰীক্ষণ কৰিবলৈ কোৱা হৈছে৷

কাইলৈৰ বৈঠকখনত ব্ৰুকিংছ ইণ্ডিয়াৰ গৱেষণাৰ সঞ্চালক অধ্যাপক শামিকা ৰবিয়ে মহামাৰীৰ আচৰণ সন্দৰ্ভত এক উপস্থাপনো প্ৰদৰ্শিত কৰিব৷

তাৰোপৰি সাংসদ তথা বিত্তৰ সংসদীয় পৰিক্ৰমা বিভাগৰ অধ্যক্ষ শ্ৰী জয়ন্ত সিনহাও উপস্থিত থাকিব বুলি আশা প্ৰকাশ কৰা হৈছে৷

 

******

 

MC/MANN



(Release ID: 1625505) Visitor Counter : 201