ভুবিজ্ঞান মন্ত্ৰালয়
পশ্চিম-মধ্য বংগোপসাগৰৰ ওপৰেৰে প্ৰচণ্ড ঘূৰ্ণি ‘এমফান’ (‘আম-পান’ বুলিও উচ্চাৰিত হয়) পশ্চিমবংগ আৰু উত্তৰ ওড়িশাত চক্ৰৱত্ ধুমুহাৰ আশংকাৰে সকীয়নি, ‘অ’ৰেঞ্জ মেছেজ’ (ভাৰতীয় সময় ১১.০০বজাত)
Posted On:
19 MAY 2020 11:54AM by PIB Guwahati
ভাৰতীয় বতৰ-বিজ্ঞান বিভাগৰ ‘নেশ্যনেল ৱে’ডাৰ ফ’ৰকাষ্টিং চেণ্টাৰ’-ৰ ‘চাইক্লন ৱাৰ্ণিং ডিভিজন’-য়ে ভাৰতীয় সময়, দিনৰ ১১.০০বজাত প্ৰকাশ কৰা তথ্য মতে-
প্ৰতি ঘণ্টাত ১৫কিলোমিটাৰ গতিবেগেৰে ‘ছুপাৰ চাইক্লন ষ্ট্ৰ’ম ‘এমফান’- (‘আম-পান’ বুলি যাক উচাচৰিত কৰা হৈছে) উত্তৰ-উত্তৰ-পূবমুৱা হৈ বংগোপসাৰৰ ওপৰৰে বিগত ৬ঘণ্টাৰো ওপৰ কালে প্ৰবাহিত হৈছে। ভাৰতীয় সময় মতে ১৯ মে’, ২০২০ৰ পুৱা ০৮.৩০বজাত পশ্চিম-মধ্য বংগোপসাগৰৰ ওপৰৰ ১৬.০ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৮৬.৮ ডিগ্ৰী দ্ৰাঘিমাংশৰ সমীপত উত্পত্তি হোৱা ঘূৰ্ণিজাকৰ অভিকেন্দ্ৰ ওড়িশাৰ পাৰাদ্বীপৰ দক্ষিণে প্ৰায় ৪৮০কিলোমিটাৰ, পশ্চিমবংগৰ দীঘাৰ পৰা ৬৩০কিলোমিটাৰ দক্ষিণ-দক্ষিণপশ্চিম আৰু বাংলাদেশৰ খেপুপাৰাৰ পৰা ৭৫০কিলোমিটাৰ দক্ষিণ-দক্ষিণপশ্চিম দিশত বুলি ঠাৱৰ কৰা হৈছে। উত্তৰপশ্চিম বংগোপসাগৰ অতিক্ৰমী উত্তৰ-উত্তৰপূব দিশে অগ্ৰসৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা আৰু ক্ৰমাত প্ৰচণ্ড গতিবেগ লাভ কৰা ঘূৰ্ণিজাকে ২০ মে’, ২০২০বিয়লি অথবা আবেলিবেলালৈ পশ্চিম বংগৰ দীঘা আৰু বাংলাদেশৰ সুন্দৰবনৰ নিকটবৰ্তী হাটীয়া দ্বীপৰ মাজেৰ পশ্চিম বংগ-বাংলাদেশৰ উপকূল অঞ্চল অতিক্ৰম কৰাৰ সম্ভাবনা আছে। এইখিনি সময়ত প্ৰতি ঘণ্টাত ১৫৫-১৬৫কিলোমিটাৰ গতিবেগ লাভ কৰা ঘূৰ্ণিজাকে প্ৰতি ঘণ্টাত ১৮৫কিলোমিটাৰৰ পৰ্যন্ত গতিবেগ লাভ কৰিব বুলিও আশংকা প্ৰকাশ কৰা হৈছে।
অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত থকা ‘ডপলাৰ ৱে’ডাৰ ৰাডাৰ’(ডিডব্লিউআৰ)য়ে নিৰবিচ্ছিন্ন ভাবে চক্ৰবত্ ধুমুহা ‘এমফান’ক নিৰীক্ষণ কৰি আছে।
ঘূৰ্ণিজাকৰ ফলত ওড়িশাৰ উপকূলবৰ্তি অঞ্চলত আজি কাহিলি পুৱাৰ পৰা মুষলধাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছে। বৰষুণৰ মাত্ৰা আজি নিশা আৰু কাইলৈ অৰ্থাত ২০ মে’, ২০২০ৰ আবেলি পৰ্যন্ত আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।
এই সময়চোৱাত পশ্চিম বংগৰ উপকূলবৰ্তি জিলা পূব মিডনাপুৰ, দক্ষিণ আৰু উত্তৰ ২৪-পৰগাণা আদি অঞ্চলত আজি সাধাৰণভাবে বৰষুণ হ’ব যদিও কাইলৈ ইয়াৰ ধাৰা অধিক হোৱাৰ সম্ভাৱনা আছে। ইফালে কাইলৈ আৰু পৰহি অৰ্থাত ২১ মে’, ২০২০ পৰ্যন্ত হাওৰা, হুগলী, কলকাটা আৰু ইয়াৰ সমীপবৰ্তি এলেকাসমূহত সাধাৰণৰ পৰা মুষলধাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
সেইদৰে, হিমালয়ৰ পাদদেশৰ পশ্চিম বংগ আৰু ছিক্কিম আদিত ২০ আৰু ২১মে’ত সামান্যৰ পৰা মজলীয়া ধৰণৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা প্ৰকট কৰা হৈছে।
এইচোৱা সময়ত অসম, মেঘালয়ৰ পশ্চিমাঞ্চলৰ বিভিন্ন এলেকাত মুষলধাৰে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰাৰ বিপৰীতে অন্যান্য অঞ্চলসমূহতো সাধৰণৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হব পাৰে।
Kindly visit www.rsmcnewdelhi.imd.gov.in and www.mausam.imd.gov.in for updates on the system.
(Please see graphics in this link here)
****
KGS/(IMD release)/KB
(Release ID: 1625258)
Visitor Counter : 130