বিত্ত মন্ত্ৰালয়

অটল পেন্সন যোজনাৰ পঞ্চম বৰ্ষপূৰ্তি

পাঁচ বছৰৰ সফল ৰূপায়ণেৰে অটল পেন্সন যোজনাত উল্লেখনীয়ভাৱে ২.২৩ কোটি লোকৰ অন্তৰ্ভুক্তিৰে পঞ্চমটো বছৰ সম্পূৰ্ণ হয়

Posted On: 11 MAY 2020 5:19PM by PIB Guwahati

সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ ধ্বজাবাহী আঁচনি অটল পেন্সন যোজনাৰ সফল ৰূপায়ণে পঞ্চম বৰ্ষ পূৰ্ণ কৰিলে। বিশেষকৈ শ্ৰমিক শ্ৰেণী আৰু অসংঘৱদ্ধ খণ্ডৰ লোকসকলৰ বাবে ৬০ বছৰ বয়সৰ পিছত এটা ন্যুনতম পৰিমাণত পেন্সন সুনিশ্চিত কৰাৰ লক্ষ্যৰে ২০১৫ বৰ্ষৰ ৯ মে’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনি মুকলি কৰিছিল আৰু আজিৰ বৰ্দ্ধিত বয়সৰ ভাৰতৰ জনসংখ্যালৈ চাই  পঞ্চম বৰ্ষপূৰ্তিৰ পিছতো ২.২৩ কোটি লোক অন্তৰ্ভুক্ত হোৱা এই আঁচনিৰ প্ৰয়োজনীয়তা সমানেই গুৰুত্বপূৰ্ণ হৈ আছে। উল্লেখনীয় সংখ্যক অন্তৰ্ভুক্তিৰ উপৰিও এই আঁচনি সমগ্ৰ দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ সামৰি পুৰুষ আৰু মহিলাৰ অনুপাত ৫৭:৪৩ কৈ এক সু-সংহত ব্যৱস্থাৰে ৰূপায়িত হৈছে।

৯ মে’, ২০২০ লৈকে এই পাঁচ বছৰত অটল পেন্সন যোজনাই মুঠ ২,২৩,৫৪,০২৮ অন্তৰ্ভুক্তিৰে এক অভিনৱ যাত্ৰাৰে  আগবাঢ়িছে। প্ৰথম দুবছৰত প্ৰায় ৫০ লাখ গ্ৰাহকৰ এই আঁচনিত তৃতীয় বছৰত দুগুণ হৈ ১০০ লাখ আৰু চতুৰ্থ বছৰত ১.৫০ কোটিলৈ বৃদ্ধি পাইছিল। যোৱা বিত্তীয় বৰ্ষত প্ৰায় ৭০ লাখ গ্ৰাহক এই আঁচনিত অন্তৰ্ভুক্ত হৈছে।  

অটল পেন্সন যোজনাৰ প্ৰশাসনৰ দায়িত্বত থকা পেন্সন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণ (পি এফ আৰ ডি এ)ৰ অধ্যক্ষ শ্ৰী সুপ্ৰতিম বন্দোপাধ্যায়ে কয় যে, “এই আঁচনিয়ে সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীটোক সামৰি লৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ সফল ৰূপায়ণ কেৱল ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংক, আঞ্চলিক আৰু গ্ৰাম্য বেংক, ক্ষূদ্ৰ বিত্তীয় প্ৰতিষ্ঠান, ডাক বিভাগ, ৰাজ্যিক স্তৰৰ বেংকাৰ সমিতি  আদিৰ সহযোগিতা আৰু আশাশোধীয়া প্ৰচেষ্টাৰ বাবেহে সম্ভৱ হৈছে।”

১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ বেংকত খাটা থকা সকলো ভাৰতীয় নাগৰিকে অটল পেন্সন যোজনাৰ গ্ৰাহক হৈ ইয়াৰ তিনিটা বিশেষ সুবিধা ল’ব পাৰে। প্ৰথম সুবিধা – ৬০ বছৰত ভৰি দিয়াৰ পিছত ন্যুনতম ১০০০ ৰ পৰা ৫০০০ টকালৈকে নিশ্চিত পেন্সন, দ্বিতীয়তে, গ্ৰাহকৰ মৃত্যু হ’লে তেওঁৰ স্বামী বা পত্নীলৈ আজীৱন নিশ্চিত পেন্সন আৰু শেষৰ সুবিধাটো হৈছে- গ্ৰাহক আৰু তেওঁৰ জীৱনসঙ্গী দুয়োৰে মৃত্যু হ’লে পেন্সনৰ সমুদায় ধন তেওঁলোকৰ উত্তৰাধিকাৰীয়ে লাভ কৰিব।  

https://static.pib.gov.in/WriteReadData/userfiles/image/image001K9EK.jpg

পি এফ আৰ ডি এৰ বিষয়েঃ

পেন্সন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণ (পি এফ আৰ ডি এ) দেশৰ সংসদৰ অনুমোদনক্ৰমে গঠিত এক সাংবিধানিক নিকায় যি ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ উন্নয়ন আৰু পেন্সনৰ লগত জড়িত আঁচনিসমূহৰ চোৱাচিতা কৰে। ১ জানুৱাৰী ২০০৪ ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ বাবে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা (এন পি এছ)ৰ আৰম্ভ হৈছিল আৰু লাহে লাহে প্ৰায় সকলো ৰাজ্য চৰকাৰে নিজৰ নিজৰ কৰ্মচাৰীৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিলে। এই ব্যৱস্থা এতিয়া স্বেচ্ছামূলকভাৱে সকলো ভাৰতীয় নাগৰিক তথা কৰ্পোৰেটৰ কৰ্মচাৰীৰ বাবে বহল ভিত্তিত মুকলাই দিয়া হৈছে। ৬৮ লাখতকৈও অধিক চৰকাৰী কৰ্মচাৰী আৰু ৭,৬১৬ টা কৰ্পোৰেট সংস্থাৰ লগতে ২২.৬০ লাখ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী এন পি এছৰ গ্ৰাহক হৈছে।

********************

RM/PRK



(Release ID: 1623183) Visitor Counter : 207