কৃষি মন্ত্ৰালয়

লকডাউনৰ সময়ত অব্যাহত মাহজাতীয় শস্য আৰু তৈলবীজ সংগ্ৰহৰ কাম

গ্ৰীষ্মকালীন শস্য ৰোপণৰ এলেকা তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি

২০২০-২১ ৰবি বতৰত ২৪১লাখ মেট্ৰিকটন আটা আহৰণ কৰা হৈছে, ২৩৩লাখ মেট্ৰিকটনতকৈ অধিক ক্ৰয় কৰা হৈছে

Posted On: 10 MAY 2020 6:03PM by PIB Guwahati

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে লকডাউনৰৰ সময়ত কৃষক আৰু কৃষি কাৰ্যত সহায় কৰাৰ বাবে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শ্রী নৰেন্দ্ৰ সিং টোমাৰে পৰিস্থিতি নিয়মীয়াকৈ নিৰীক্ষণ কৰি আহিছে৷

১) লকডাউনৰ সময়ত নাফেডৰ শস্য সংগ্ৰহৰ স্থিতিঃ-

অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কর্ণাটক, ৰাজস্থান, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, উত্তৰপ্ৰদেশ আৰু হাৰিয়ানা-এই ৯খন ৰাজ্যৰ পৰা ২.৭৪ লাখ মেট্রিকটন বুটমাহ সংগ্ৰহ কৰা হৈছে৷

ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ, গুজৰাট আৰু হাৰিয়ানা-এই ৫খন ৰাজ্যৰ পৰা ৩.৪০ লাখ মেট্রিকটন সৰিয়হ সংগ্ৰহ কৰা হৈছে৷

তেলেংগানাৰ পৰা ১৭০০ মেট্রিকটন সূর্যমুখীৰ বীজ সংগ্ৰহ কৰা হৈছে৷

তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কর্ণাটক, মধ্যপ্ৰদেশ, গুজৰাট আৰু ওড়িশা-এই ৮খন ৰাজ্যৰ পৰা ১.৭১ লাখ মেট্রিকটন ৰহৰ দাইল সংগ্ৰহ কৰা হৈছে৷

২) গ্রীষ্মকালীন শস্যৰ বাবে বীজ ৰোপণঃ-

ধান—প্রায় ৩৪.৮৭ লাখ হেক্টৰ এলেকাত গ্রীষ্মকালীন ধান ৰোপণ কৰা হৈছে৷ যোৱা বছৰ এই সময়ছোৱাত ইয়াৰ পৰিমাণ আছিল ২৫,২৯,০০০ হেক্টৰ ভূমি৷

মাহজাতীয় শস্য—প্রায় ১০,৩৫,০০০ হেক্টৰ ভূমিত মাহজাতীয় শস্য ৰোপণ কৰা হৈছে৷ বিগত বৰ্ষৰ এই সময়ছোৱাত ইয়াৰ পৰিমাণ আছিল ৫,৯২,০০০ হেক্টৰ৷

দানা শস্য—প্রায় ৯.৫৭লাখ হেক্টৰ ভূমিত দানা শস্যৰ বীজ ৰোপণ কৰা হৈছে৷ বিগত বৰ্ষৰ এই সময়ছোৱাত ইয়াৰ পৰিমাণ আছিল ৬,২০,০০০ হেক্টৰ৷
তৈলবীজ—প্রায় ৯,১৭,০০০ হেক্টৰ ভূমিত তৈলবীজ ৰোপণ কৰা হৈছে৷ বিগত বৰ্ষৰ এই সময়ছোৱাত ইয়াৰ পৰিমাণ আছিল ৭,০৯০০০ হেক্টৰ৷

৩) ২০২০-২১ বৰ্ষত ৰবিশস্যৰ বতৰত ভাৰতীয় খাদ্য নিগমৰ গুদামত ২৪১.৩৬ লাখ মেট্রিকটন আটা আহিছে আৰু ইয়াৰে ২৩৩.৫১ লাখ মেট্রিকটন ক্ৰয় কৰা হৈছে৷

৪)২০২০-২১ ৰবি বতৰত ৰবিশস্য আৰু তৈলবীজ সংগ্ৰহৰ বাবে ১১খন ৰাজ্যত ৩২০৬টা সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰা হৈছে৷.

*****

APS/PK/MS/BA/DB



(Release ID: 1623023) Visitor Counter : 189