প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 09 APR 2020 3:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মুন-জা-ইনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে তথা ইয়াৰ পৰা উদ্ভৱ বিশ্বজনীন স্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ বিষয়ে আলোচনা কৰে৷ তেওঁলোকে পৰস্পৰৰ দেশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ তথ্য বিনিময় কৰে৷ কোৰিয়া গণৰাজ্যই এই সংকটৰ পৰা উদ্ধাৰ পাবলৈ প্ৰণয়ন কৰা প্ৰযুক্তিগত ব্যৱস্থাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ জনসাধাৰণক ঐক্যৱদ্ধ কৰি ৰাখিবলৈ ভাৰতীয় প্ৰাধিকৰণে গ্ৰহণ কৰা ব্যৱস্থাক ৰাষ্ট্ৰপতি মুন-জাই-ইনে প্ৰশংসা কৰে৷ ভাৰতত থকা কোৰিয়াৰ নাগৰিক সকললৈ আগবঢ়োৱা সাহায্যৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ ভাৰতীয় উদ্যোগসমূহলৈ চিকিৎসা সামগ্ৰী যোগান আৰু পৰিবহণৰ সুবিধা আগবঢ়োৱা বাবে কোৰিয়ান চৰকাৰক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷


 

*****

VRRK/KP/MANN



(Release ID: 1612560) Visitor Counter : 194