ভাৰতীয় প্ৰতিযোগিতা আয়োগ

‘এবিবি লিমিটেড’ৰ শক্তি-গ্ৰীড ব্যৱসায়ৰ ৮০.১% অধিগ্ৰহণ কৰাৰ বাবে ‘হিটাচী’য়ে আগবঢ়োৱা প্ৰস্তাৱলৈ ‘চিচিআই’-ৰ অনুমোদন

Posted On: 07 APR 2020 8:15PM by PIB Guwahati

এবিবি লিমিটেডৰ শক্তি-গ্ৰীড ব্যৱসায়ৰ ৮০.১ অংশ অধিগ্ৰহণ কৰাৰ বাবে হিটাচী প্ৰতিষ্ঠানে আগবঢ়োৱা প্ৰস্তাৱলৈ অনুমোদন জনাইছে কম্পিটিশ্যন কমিছন অব ইণ্ডিয়া(চিচিআই)-ই। ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে আজি অনুষ্ঠিত এখন সভাত চিচিআই-য়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰস্তাৱটোৰ মৰ্মে হিটাচী-ৰ এবিবি মেনেজমেণ্ট হল্ডিং এজি(এবিবি মেনেজমেণ্ট)-য়ে এবিবি লিমিটেডৰ মূলধনী অংশীদাৰিত্বৰ ৮০.১% অধিগ্ৰহণ কৰিব। এবিবি মেনেজমেণ্ট-য়ে  শক্তিখণ্ডত থকা এবিবি-ৰ লক্ষ্য ব্যৱসায়-ৰ সমুদায় ব্যৱসায়িক দায়িত্ব গ্ৰহণ কৰিব।

উল্লেখ্য যে, শক্তি-গ্ৰীড খণ্ডৰ বিকাশ, আভিযান্ত্ৰিক, উত্পাদনী আৰু উত্পাদিত সামগ্ৰীসমূহৰ বিপণন, পদ্ধতি আৰু প্ৰকল্প সম্পৰ্কীয় সকলো কাৰ্যক্ৰম লক্ষ্য ব্যৱসায়-ৰ অন্তৰ্ভুক্ত হৈ থাকে।

জাপানত মুখ্য কাৰ্যালয় থকা হিটাচী প্ৰতিষ্ঠানহিটাচী গ্ৰুপ অব কোম্পানীজ-ৰ জন্মদাতা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ অন্তৰ্ভুক্ত প্ৰতিষ্ঠানসমূহ তথ্য-প্ৰযুক্তি, শক্তি, উদ্যোগ, প্ৰচালন তথা সপ্ৰতিভ জীৱনশৈলীৰে জড়িত বিভিন্ন উপকৰণৰ নিৰ্মাণ আৰু ইয়াৰ প্ৰযুক্তিগত সমাধানৰ দৰে ক্ষেত্ৰসমূহৰে জড়িত হৈ আছে।

 

****

RM/KMN/KB



(Release ID: 1612196) Visitor Counter : 118